দেশৰ আগশাৰীৰ চিকিৎসা প্ৰতিষ্ঠান গ্লেনেগোলছ গ্ল’বেল হস্পিতালৰ শিশু ৰোগ বিশেষজ্ঞ প্ৰশান্ত বাচানে অচিৰেই গুৱাহাটী আঠগাঁওস্থিত মাৰোৱাৰী মেটাৰনেটি হস্পিতালত আৰম্ভ বহিঃ বিভাগ আৰম্ভ কৰিব ।উল্লেখযোগ্য যে গ্লেনেগোলছ গ্লবেল হস্পিতাল হৈছে এখন মাল্টি চুপাৰ স্পেচিয়েলিটি হস্পিতাল, য’ত ইতিমধ্যে বিভিন্ন জটিল ৰোগৰ সফল পৰীক্ষা সম্পন্ন কৰা হৈছে। আজি গুৱাহাটী প্ৰেছ ক্লাৱত এক সংবাদ মেল আয়োজন কৰি হস্পিতাল খনৰ জ্যেষ্ঠ শিশুৰোগ বিশেষজ্ঞ ডাঃ প্ৰশান্ত বাচানে কয় যে বৰ্তমান সময়ত শিশু সকল বিভিন্ন ৰোগত আক্ৰান্ত হয়। ইয়াৰ ভিতৰত যকৃত সমস্যা, ছোৱাপ লিভাৰ, গ্ৰেফট , প্লিট লিভাৰ বিকল হোৱা ইত্যাদি । কিন্তু সঠিক সময়ত সঠিক চিকিৎসা গ্ৰহণ কৰিলে এই ৰোগ সমূহৰ পৰা উপশম পাব পাৰি। উল্লেখযোগ্য যে বিগত ১৭বছৰ ধৰি গ্লেনেগোলছ গ্লবেল হস্পিতালে যকৃত সংৰোপনৰ ক্ষেত্ৰত বিশেষ সফলতা দেখুৱাই আহিছে। এই চিকিৎসালয় খন হায়দৰবাদৰ অতি পুৰণি আৰু আগশাৰীৰ চিকিৎসা প্ৰতিষ্ঠান। ইয়াৰ এতিয়া লৈ প্ৰায় ৭০০ ৰো অধিক ৰোগীৰ যকৃত সংৰোপন কৰা হৈছে আৰু ইয়াৰ ভিতৰত ১০০ ৰো অধিক শিশু ৰোগী আৰু এই গোটেই জটিল প্ৰক্ৰিয়া সফলতাৰে সম্পন্ন কৰাত মুখ্য ভূমিকা পালন কৰিছে প্ৰসিদ্ধ চিকিৎসক ডাঃ প্ৰশান্ত বাচানে। অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বাবে সু খবৰ যে এতিয়াৰে পৰা আঠগাঁওস্থিত মাৰোৱাৰী মেটাৰনেটি হস্পিতালত প্ৰতি মাহে শিশু সকলৰ বাবে এই ৰোগ সমূহৰ বাবে কম খৰচত লাঘৱ হোৱাকৈ চিকিৎসা সেৱা আগবঢ়াব জ্যেষ্ঠ শিশু ৰোগ বিশেষজ্ঞ ডাঃ প্ৰশান্ত বাচানে।
Trending
- দ্বিতীয় পৰ্য্যায়ৰ ভোটগ্রহণ সম্পন্ন
- ঢকুৱাখনা চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ শ্ৰেণীকোঠা উদ্বোধন
- দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে মুছলপুৰত নিৰ্বাচনী সামগ্ৰী বিতৰণ
- কামৰূপ (ম)ৰ প’লিং বিষয়া আৰু ই ভি এমৰ দ্বিতীয় পৰ্যায়ৰ ৰেণ্ডমাইজেশ্বন সম্পন্ন
- জৱাহৰ নবোদয় বিদ্যালয়ত কুইজিন-দ্য ব্ৰেইন বুফে
- ঘিলামৰাত ৬৫ সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু শুভাৰম্ভ
- পৰ্যবেক্ষক, প্ৰাৰ্থী-প্ৰতিনিধিৰ সৈতে কামৰূপ মহানগৰ জিলা নিৰ্বাচন বিষয়াৰ গুৰুত্বপূৰ্ণ সভা
- মিচিং জাতীয় সংগঠনৰ বিশ্ব ধৰিত্ৰী দিৱস পালন
- বৰুৱাৰ সংসাৰ প্ৰদৰ্শিত হ’ব ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱত
- এয়াৰটেলৰ ৰোমিং পেক উন্মোচন