হাজাৰ প্ৰতিবন্ধকতা নেওচিও প্ৰথমবাৰৰ বাবে বাংগালুৰুত ৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ৰিকেট টুৰ্ণামেণ্টত ভাগ ল’লে অসম দৃষ্টিহীন ছোৱালী ক্ৰিকেট দলে-অনলাইনযোগে খেলুৱৈসকলক উৎসাহিত কৰিলে অৰ্জুন নয়নমনি শইকীয়াই

0 146

হাজাৰ প্ৰতিবন্ধকতা নেওচিও প্ৰথমবাৰৰ বাবে কেয়াৰ ইউ ৩৬৫ নামৰ বেচৰকাৰী সংস্থাৰ প্ৰচেষ্টাত ৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ৰিকেট টুৰ্ণামেণ্টত ভাগ ল’লে অসম দৃষ্টিহীন ছোৱালী ক্ৰিকেট দলে । বাংগালুৰুত যোৱা ৯ জানুৱাৰীৰ পৰা ভাৰতৰ দৃষ্টিহীন ক্ৰিকেট সন্থা চমুকৈ কেবৰ দ্বাৰা অনুষ্ঠিত সমৰ্থন ৰাষ্ট্ৰীয় মহিলা দৃষ্টিহীন ক্ৰিকেট প্ৰতিযোগিতা”ত ভাগ লৈ উন্নত খেল প্ৰদৰ্শন কৰিলে অসমৰ দলটোৱে । মুঠ ১৬ খন ৰাজ্যই অংশগ্ৰহন কৰা এই প্ৰতিযোগিতাৰ ছেমি ফাইনেললৈ চাৰিটা দল উন্নীত হয়। অসমে তিনিখন খেলতে পৰাজিত হ’লেও কেৰালাৰ বিৰুদ্ধে ১৮ অভাৰৰ খেলখনত অতি উন্নত প্ৰদৰ্শনেৰে চাৰিটা উইকেটৰ বিনিময়ত ১১৭ ৰাণ কৰে । দৃষ্টিহীন ক্ৰিকেটৰ ক্ষেত্ৰখনত অতি শক্তিশালী দিল্লী আৰু তামিলনাডুৰ বিৰুদ্ধেও অসম অৱতীৰ্ণ হয় যদিও পৰাজিত হ’বলগীয়া হয় । প্ৰয়োজনীয় সা-সুবিধা অবিহনে, উপযুক্ত অনুশীলনৰ বাবে সুবিধা নোপোৱাকৈয়ো তথা দৃষ্টিহীন ক্ৰিকেটৰ ক্ষেত্ৰখনত প্ৰথমবাৰলৈ খোজ দিয়া অসম দলটোৰ খেলুৱৈসকলে প্ৰদৰ্শন কৰা উন্নত খেলক লৈ বাংগালুৰুত দলটো উচ্চ প্ৰশংসিত হয় । দিল্লীৰ হাতত ১৭৯ ৰাণত আৰু তামিলনাডুৰ হাতত ১১১ৰাণত পৰাজিত হ’লেও দলটোৱে আপ্রান চেষ্টা কৰি কেৰালাৰ বিৰুদ্ধে ১১৭ ৰাণ কৰাক লৈ অসম দৃষ্টিহীন ক্ৰিকেটৰ আহ্বায়ক, ইয়াৰ সৈতে জড়িত প্ৰতিজন ব্যক্তি আৰু শুভাকাংক্ষীসকলে সন্তুষ্টি প্ৰকাশ কৰে । অসম দৃষ্টিহীন ক্ৰিকেটৰ আহ্বায়ক ভৃগু বৰঠাকুৰে কয় যে “খেলত জয়-পৰাজয় থাকেই । আচলতে অসমৰ হৈ দৃষ্টিহীন ছোৱালীৰ দল এটাই এটা ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত ভাগ লোৱাটোৱেই প্ৰতিবন্ধকতাৰ বিৰুদ্ধে এক বৃহৎ জয় । দৃষ্টিহীন ছোৱালী খেলুৱৈ এগৰাকীৰ বাবে অসমৰ বাহিৰত গৈ খেলত অংশ লোৱাটো সহজ কথা নহয় । তাতে আকৌ অসম দলৰ অধিকাংশ খেলুৱৈ সম্পূৰ্ণৰূপে দৃষ্টিহীন । নিশ্চিতভাৱে এইখন খেলে তেওঁলোকক আৰু অধিক উন্নত প্ৰদৰ্শন কৰাৰ বাবে উৎসাহিত কৰিব ।চৰকাৰী সহায় আৰু পৃষ্ঠপোষকতা পালে নিশ্চয় অসম দলটোৱে উপযুক্ত প্ৰশিক্ষণ আৰু অনুশীলন লাভ কৰি ভাল ফল প্ৰদৰ্শন কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে।

উল্লেখযোগ্য যে অসম দলটোৰ বাবে আপ্ৰাণ চেষ্টা কৰা দৃষ্টিহীন ল’ৰাৰ ক্ৰিকেট দলৰ অধিনায়ক ৰাজদ্বীপ ডাকুৱাই ছোৱালীৰ দলটোৰ প্ৰশিক্ষক হিচাপে অংশ লয়।দলটোৰ নেতৃত্ব দিছিল ৰঞ্জিনা বেগম আৰু উপ অধিনায়ক আছিল প্ৰেৰণা বৰুৱা । টিম মেনেজাৰ হিচাপে গৈছিল কেয়াৰ ইউ ৩৬৫ ৰ সুশীল পৌৰেল । ছোৱালী দলটোৰ উপদেষ্টা আছিল নগাঁৱৰ বঢ়মপুৰ শ্ৰীমন্ত শংকৰ মিছন অন্ধ উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক দিবেন বৰুৱা আৰু ছোৱালী দলটোৰ তত্বাৱধায়ক হিচাপে গৈছিল সংস্থাৰ সদস্য প্ৰিয়ংকা কাকতি । এই প্ৰতিযোগিতাত ভাগ লোৱাৰ পূৰ্বে গুৱাহাটী ঈদগাহ ফিল্ড, নগাঁও আৰু গুৱাহাটীৰ নুনমাটি ফিল্ডত খেলুৱৈসকলৰ প্ৰশিক্ষণ হৈছিল । এইখিনিতে উল্লেখ কৰিব পাৰি যে ক্ৰীড়া আৰু যুৱকল্যাণৰ ৰাজ্যিক পৰ্যায়ৰ উপদেষ্টা কমিটীৰ সদস্য সচিব গীতাৰ্থ গোস্বামীয়ে দৃষ্টিহীন ক্ৰিকেটলৈ চৰকাৰৰ ফালৰ পৰা সহযোগিতা আগবঢ়োৱাৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছে।লগতে অনলাইনযোগে খেলুৱৈসকলক উৎসাহিত কৰে অৰ্জুন নয়নমনি শইকীয়া, সামাজিক ন্যায় আৰু সবলীকৰণৰ সঞ্চালক কিশোৰ ঠাকুৰীয়াৰ দৰে বহু বিশিষ্ট ব্যক্তিয়ে।

Leave A Reply

Your email address will not be published.