হাৱা মহল সংৰক্ষণৰ অনুষ্ঠানত অংশগ্ৰহণ মুখ্যমন্ত্ৰীৰ

0 205

নামনি অসমৰ পদ্মশ্ৰী ,অসম কন্যা তথা শিল্পী প্ৰয়াত প্ৰতিমা পাণ্ডেৰ হাৱাখানাৰ বাসগৃহ কালি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত চৰকাৰীকৰণ ১৫ কোটি টকা আবণ্টনেৰে চৰকাৰী সাংস্কৃতিক বিভাগৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰই পৰিচালনা কৰিব সংগ্ৰহালয় আৰু মিউজিয়ামৰ ৰূপত।

অৱশেষত বহু বছৰ ধৰি প্ৰতীক্ষা,আবেদন,অভিযোগ আৰু প্ৰতিবাদৰ অন্তত উত্তৰ পূৰ্বাঞ্চল,ৰাজ্যখনৰ লগতে নামনি অসমৰ ধুবুৰী জিলাৰ অসম কন্যা ,পদ্মশ্ৰী তথা গোৱালপৰীয়া লোকগীতৰ শিল্পী প্ৰয়াত প্ৰতিমা বৰুৱা পাণ্ডেৰ ৰাজবাসগৃহ গৌৰীপুৰৰ মাটিয়া বাগৰ হাৱাখানা বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰে চৰকাৰীকৰণ কৰিলে।
নৱবৰ্ষৰ প্ৰাকক্ষণত হঠাতে ৰাজ্য চৰকাৰৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ধুবুৰী জিলাৰ গৌৰীপুৰত উপস্থিত হয়। আৰু মাটিয়াবাগৰ হাৱাখানাত অনুষ্ঠিত হোৱা এক ৰাজহুৱা সভাত উপস্থিত হৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় নামনি অসমৰ অবিভক্ত গোৱালপাৰা বহু পুৰণি ঐতিহ্যমূলক অতি ভাল সমল আছে।ইয়াত শ্ৰীমন্ত শংকৰদেৱকে ধৰি মহাৰাজ নৰনাৰায়ণ,টেগ বাহাদুৰ আদিয়ে ইয়াত কাৰ্য্যনিৰ্বাহ কৰি গৈছে।ঠিক একেদৰে সাধাৰণভাৱে জীৱন যাপন কৰি হাতী আৰু মানৱ জীৱনলৈ সুমধুৰ গোৱালপৰীয়া গীত পৰিবেশন কৰিছিল প্ৰতিমা বৰুৱা পাণ্ডেই।গতিকে আমাৰ চৰকাৰে এনেবোৰ অসমৰ ঐতিহ্যপূৰ্ণ কীৰ্তিচিহ্ন সমূহ সংৰক্ষণ কৰি আহিছে।আজিৰ পৰা এই হাৱাখানাৰ এই বাসগৃহটো চৰকাৰে সংৰক্ষণ কৰি সংস্কৃতি বিভাগৰ জৰিয়তে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰই পৰিচালনা কৰিব।এই ঘৰটোৰ ২৪টা কোঠালি থকা বাসগৃহটো আন্তঃগাঁঠনি নিৰ্মাণৰ বাবদ ১৫কোটি টকা ৰাজ্য চৰকাৰে আবণ্টন দিছে।অহা বছৰ মিউজিয়াম আৰু সংগ্ৰাহালয় হিচাপে মুকলি কৰা হব বুলি ঘোষণা কৰি চৰকাৰী ভূমি বেদখলকাৰী আৰু সমষ্টি পুনৰ গঠন আদি বিষয়ত বিৰোধিতা কৰা সকলক চোকা সমালোচনা কৰে।উক্ত অনুষ্ঠানত ধুবুৰী জিলাৰ অভিভাৱক মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ,ভৈয়াম জনজাতি উন্নয়ন পৰিষদৰ উপ সভাপতি বনেন্দ্ৰ কুমাৰ মুছাহাৰী ,প্ৰাক্তন মন্ত্ৰী মহিবুল হক,বিধায়ক নিজাণুৰ রহমান ,প্ৰাক্তন বিধায়ক অশ্বিনী কুমাৰ ৰায়,কৃষি বিপনন পৰিষদৰ অধ্যক্ষ অশোক সিংহি আৰু প্ৰয়াত প্ৰতিমা বৰুৱা পাণ্ডেৰ পৰিয়াল বৰ্গ আদি উপস্থিত থাকে।

বাতৰি যুগুতালে প্ৰফুল্ল কুমাৰ দাসে।

Leave A Reply

Your email address will not be published.