হিমা প্ৰশিক্ষণলৈ কেতিয়া যাব

0 233

দুভৰিৰ যাদুৰে অসমৰ নাম ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত হিমা দাসে উজলাই তুলিছিল।ইণ্ডোনেছিয়াৰ জাকাৰ্টত স্বৰ্ণ জয় কৰাৰ পিছৰে পৰা হিমা দাসৰ এক সুকীয়া পৰিচয় গঢ় লৈ উঠিছিল।অসম চৰকাৰৰ ক্ৰীড়া বিভাগৰ বেণ্ড এম্বেছাদৰ,অৰ্জুন সন্মান ,য়ংগ ইণ্ডিয়ান অৱ দ্য য়েৰ সন্মান লাভ কৰাৰ পিছৰে পৰা হিমা যেন ব্যস্ত হৈ পৰিছে নিজৰ পৃথিৱীত!ইফালে ৰাষ্ট্ৰীয় এথলেটিকছৰ প্ৰশিক্ষণ শিবিৰত প্ৰশিক্ষকে হিমা বাবে অপেক্ষা কৰি আছে যদিও হিমাই এই পৰ্যন্ত শিবিৰত যোগদান কৰা নাই।ইয়াকেলৈ সমগ্ৰ দেশজুৰি প্ৰতিক্ৰিয়া সৃষ্টি হৈছে।একাংশ হিমাৰ অনুৰাগীয়ে লিখিছে -হিমা,আমি তোমাৰ পৰা বহুত আশা কৰো।নিজৰ কৰ্মত মনোনিৱেশ কৰা।আনহাতে এজন বিজ্ঞ ব্যক্তিয়ে এনেদৰে লিখিছে- হিমাক যদি ভালপায়,আগুৱাই যোৱা বিচাৰে,সম্বৰ্দ্ধনা বাতিল কৰক।ইতিমধ্যে হিমা ১৮ অক্টোবৰত প্ৰশিক্ষণ শিবিৰলৈ ৰাওনা হ’ব বুলি এক সূত্ৰই প্ৰকাশ কৰিছে।মন কৰিবলগীয়া যে ইতিপূৰ্বে এ এফ আই এ কৰ্তৃপক্ষই সকলো খেলুৱৈ ১০ অক্টোবৰত হাজিৰ হ’বলৈ জাননী জাৰি কৰিছিল।

Leave A Reply

Your email address will not be published.