জামুগুৰিহাটত এটা পেঁপাক লৈ এতিয়া ৰাইজৰ মাজত কৌতুহল বৃদ্ধি পাইছে ৷ ১৩০ বছৰীয়া এই পেঁপাটো এবাৰ চুই চাবলৈ এতিয়া সকলো ঢাপলি মেলে জামুগুৰিহাটৰ হাটিঙাৰ ৰামপুৰৰ সোন বৰুৱা নামৰ ৮৭ বছৰীয়া বৃদ্ধ গৰাকীৰ ঘৰলৈ ৷ বয়সে হাৰ নমনা এই গৰাকী বৃদ্ধই এতিয়াও ভাগৰ নলগাকৈ সুন্দৰকৈ বজাব পাৰে পেঁপা, বাঁহী ৷ ব’হাগ আহিলেই নষ্টালজিক হৈ পৰা এইগৰাকী ককাই পিতৃৰ পৰা লাভ কৰা এই পেপাটো সযতনে বাকচৰ পৰা উলিয়াই সুৰৰ মূৰ্চনা তোলে ৷ মৃত্যুৰ পাচত এই পেপা নাতিনীক সংৰক্ষৰ বাবে দি থৈ যাব বুলিও মন্তব্য কৰে ককা সোন বৰুৱাই ৷ অঞ্চলটোৰ বহুজনক ককাই বাঁহী-পেঁপা বজাবলৈ প্ৰশিক্ষন দিয়াৰ লগতে আন বহুজনক বিহুৰ সময়ত ককাই পেঁপা বাঁহী তৈয়াৰ কৰাৰ শিক্ষা প্ৰদানো কৰি আহিছে ৷ এটা সময়ত অসমৰ ইমুৰৰ পৰা সিমুৰলৈ বিভিন্ন বিহু পথাৰত পেপা বজায় পেপুৱা হিচাপে বিখ্যাত হৈ পৰা সোন বৰুৱাক চৰকাৰৰ পৰা শিল্পী সাহাৰ্য্য প্ৰদানৰো দাজামুগুৰিহাটত এটা পেঁপাক লৈ এতিয়া ৰাইজৰ মাজত কৌতুহল বৃদ্ধি পাইছে ৷ ১৩০ বছৰীয়া এই পেঁপাটো এবাৰ চুই চাবলৈ এতিয়া সকলো ঢাপলি মেলে জামুগুৰিহাটৰ হাটিঙাৰ ৰামপুৰৰ সোন বৰুৱা নামৰ ৮৭ বছৰীয়া বৃদ্ধ গৰাকীৰ ঘৰলৈ ৷ বয়সে হাৰ নমনা এই গৰাকী বৃদ্ধই এতিয়াও ভাগৰ নলগাকৈ সুন্দৰকৈ বজাব পাৰে পেঁপা, বাঁহী ৷ ব’হাগ আহিলেই নষ্টালজিক হৈ পৰা এইগৰাকী ককাই পিতৃৰ পৰা লাভ কৰা এই পেপাটো সযতনে বাকচৰ পৰা উলিয়াই সুৰৰ মূৰ্চনা তোলে ৷ মৃত্যুৰ পাচত এই পেপা নাতিনীক সংৰক্ষণৰ বাবে দি থৈ যাব বুলিও মন্তব্য কৰে ককা সোন বৰুৱাই ৷ অঞ্চলটোৰ বহুজনক ককাই বাঁহী-পেঁপা বজাবলৈ প্ৰশিক্ষন দিয়াৰ লগতে আন বহুজনক বিহুৰ সময়ত ককাই পেঁপা বাঁহী তৈয়াৰ কৰাৰ শিক্ষা প্ৰদানো কৰি আহিছে ৷ এটা সময়ত অসমৰ ইমুৰৰ পৰা সিমুৰলৈ বিভিন্ন বিহু পথাৰত পেপা বজায় পেপুৱা হিচাপে বিখ্যাত হৈ পৰা সোন বৰুৱাক চৰকাৰৰ পৰা শিল্পী সাহাৰ্য্য প্ৰদানৰো দাবী কৰিছে স্থানীয় ৰাইজে ৷
Trending
- অসম ডনবস্ক’ বিশ্ববিদ্যালয় আৰু অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ত বহনক্ষম উন্নয়ন লক্ষ্যৰ ওপৰত গৱেষণা সন্মিলন
- নিৰ্বাচনী পৰ্যৱেক্ষক ক্ষিতীশ চন্দ্ৰ পেগুৰ ভোটগ্ৰহণ কেন্দ্ৰ পৰিদৰ্শন
- বনকৰ্মীৰ পহৰাৰ সুবিধাৰ্থে ওৰাং ৰাষ্ট্ৰীয় উদ্যানলৈ ৪ খন অত্যাধুনিক নাওৰ যোগান এ এছ ডি এম এৰ
- বিশ্ব যুৱ মহোৎসৱত প্ৰতিভা প্ৰদৰ্শনৰ বাবে নিৰ্বাচিত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ দুই শিক্ষাৰ্থী
- তামুলপুৰত দুৰ্গাপূজা সন্দৰ্ভত সভা-কাৰ্বন নিউট্ৰেল দুৰ্গাপূজাত প্ৰশাসনৰ গুৰুত্ব
- এইচডিএফচি বেংকে ১০,০০০ৰো অধিক অফাৰৰ সৈতে ইয়াৰ বাৰ্ষিক শ্বপিং বোনান্জা — ফেষ্টিভ ট্ৰিটছ ২০২৫ আৰম্ভ কৰিছে
- ৰয়িঙৰ বলুং গাঁৱত সুধাকণ্ঠৰ এশ বছৰীয়া জন্ম জয়ন্তী উদযাপন-অসম-অৰুণাচলৰ প্ৰেম আৰু ভ্ৰাতৃত্বৰ এনাজৰী- চেলফি পইন্ট উদ্বোধন
- কাঁহিকুছিত তিনিদিনীয়া কাঠফুলা প্ৰশিক্ষণ শিবিৰৰ সামৰণি
- প্ৰাগজ্যোতিষ মহাবিদ্যালয়ত সুধাকণ্ঠ ড’ ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকীত বিশেষ সংখ্যা প্রাগতীর্থ উন্মোচন
- ৰাণীত আন্তঃৰাষ্ট্ৰীয় শগুন সজাগতা দিৱস পালন -শিমলু গছৰ পুলি ৰোপণ আৰু বিতৰণ