১৫দিনলৈকে পানীত ডুবি থাকিলেও নষ্ট নোহোৱা উন্নতজাত ধানৰ বীজ বিতৰণ কৰিলে কৃষি মন্ত্ৰীয়ে

0 307

কৃষকসকলৰ আয় পূৰ্বতকৈ দুগুণ বৃদ্ধি কৰাৰ লক্ষ্য আগত ৰাখি আজি নুমলীগড়ৰ পাৰঘাট আৰু বোকাখাতৰ লাতাবাৰী অঞ্চলৰ স্থানীয় কৃষকসকলৰ মাজত এপাৰ্টৰ অধীনত ধানৰ হাই ইয়েল্ডিং বীজৰ বিতৰণ কৰা হয়৷ আজি কৃষকসকলৰ মাজত বিতৰণ কৰা এই বীজবোৰৰ ভিতৰত আছে বাহাদুৰ চাব-১, ৰঞ্জিত চাব-১, স্বৰ্ণ চাব-১ আৰু বিনা চাব-১১ আদি। বিতৰণ কৰা ধানৰ এই বীজবোৰৰ এক বিশেষত্ব আছে। বিশেষত্বটো এয়াই যে এই ধানৰ বীজ সমূহ যদিহে দহ বা পোন্ধৰ দিনলৈও পানীত ডুবি থাকে তথাপিও এই ধানবোৰ নষ্ট হৈ নাযায়।ইয়াৰ পৰা কৃষকে দুগুণ পৰিমাণৰ অধিক ফচল লাভ কৰিব৷
 
 
 
 
 
অসম কৃষি বিশ্ববিদ্যালয়, গোলাঘাট কৃষি বিজ্ঞান কেন্দ্ৰ, আন্তঃৰাষ্ট্ৰীয় ধান গৱেষণা সংস্থাই এপাৰ্ট আঁচনিৰ অধীনত কৰা নেৰানেপেৰা প্ৰচেষ্টাৰ এই ফলে অসমৰ কৃষকসকলক বহুগুণে লাভৱান্বিত কৰি তুলিব। গোলাঘাট কৃষি বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞানী সকলে বৈজ্ঞানিক পদ্ধতিৰে স্থানীয় কৃষক সকলক খেতিত সহায় কৰাৰ লগতে খেতিত প্ৰয়োগ কৰা উন্নত মানদণ্ডৰ বীজ, সাৰ, দৰৱ আদি যোগান ধৰি যৎপৰোনাস্তি সহায় কৰিব।
 
 
 
উল্লেখ্য যে অসম হৈছে এখন কৃষি প্ৰধান ৰাজ্য। এই কৃষি হৈছে সমগ্ৰ অসম তথা অসমীয়াৰ গ্ৰাম্য অৰ্থনীতিৰ মেৰুদণ্ডস্বৰূপ। বানপানীৰ সময়ছোৱাত ৰাজ্যৰ কৃষক সকলৰ মাজত কীটনাশক আৰু সাৰো বিতৰণ কৰা হ’ব।
 
 
আজিৰ এই অনুষ্ঠানটোত উপস্থিত আছিল গোলাঘাট কৃষি বিজ্ঞান কেন্দ্ৰৰ জ্যেষ্ঠ বিজ্ঞানী তথা কেন্দ্ৰটোৰ মুৰব্বী ড° ফকৰউদ্দিন আলী আহমেদ, কেন্দ্ৰটোৰ বিজ্ঞানী ড° ভৈৰৱ গগৈ, ড° মন্দিৰা বৰবৰাকে ধৰি কেইবাগৰাকী বিজ্ঞানী তথা কৃষি বিভাগৰ বিষয়া৷

Leave A Reply

Your email address will not be published.