সামাজিক মাধ্যমত জনপ্ৰিয় হৈছে আৰক্ষী বিষয়া পাৰ্থ সাৰথি মহন্তৰ কবিতা

0 286

ক’ভিড১৯ৰ সংক্ৰমণ ৰোধৰ বাবে ২৪মাৰ্চৰ পৰা দেশজুৰি চলি থকা লকডাউনে ইতিমধ্যে দুমাহ এক সপ্তাহৰ লগতে চতুৰ্থ পৰ্যায় অতিক্ৰম কৰিলে। লকডাউনৰ এই সমঢ়ছোৱাত চৰকাৰী বিষয়া কৰ্মচাৰী আৰু জৰুৰী সেৱাত নিয়োজিত হৈ থকা লোকসকলৰ বাহিৰে বাকী লোক সকল নীতিগত কাৰণতেই ঘৰতে সোমাই থাকিবলগীয়া হৈছে।
 
 
অৱশ্যে ছাত্ৰ ছাত্ৰীকে ধৰি ঘৰতে থকা একাংশই সাহিত্য কৰ্মকে ধৰি বিভিন্ন সৃজনীমূলক কাম কাজত নিয়োজিত হৈ ৰাইজৰ অন্তৰ জয় কৰিবলৈ সক্ষম হোৱাৰ বাতৰি বিগত দিনকেইটাত সামাজিক মাধ্যম আৰু সংবাদ মাধ্যমৰ জৰিয়তে তথ্য সহকাৰে ফটোসহ প্ৰকাশ পোৱা দেখা পোৱা গৈছে।
 
 
তাৎপৰ্যপূৰ্ণভাৱে লকডাউনৰ সময়ছোৱাত একাংশৰ এনেধৰণৰ কামৰ বিপৰীতে আন একাংশই আকৌ ঘৰৰ বাহিৰত দিনে নিশাই কৰ্তব্যত নিয়োজিত হৈ ক’ভিড১৯ৰ সেনানী হৈও নীৰৱে কৰ্মক্ষেত্ৰত নিয়োজিত হৈ সাহিত্য কৰ্মত আত্মনিয়োগ কৰিছে। তেনে এগৰাকী নীৰৱ সেনানী হ’ল ভাৰতীয় আৰক্ষী সেৱাৰ মনোনীত বিষয়া আৰু বৰ্তমানৰ কামৰূপ জিলাৰ আৰক্ষী অধীক্ষক পাৰ্থসাৰথি মহন্ত।
 
 
 
আৰক্ষী বিষয়া মহন্তই দিনে নিশাই কৰ্মত নিয়োজিত হৈ থকাৰ পিছতো তেও ৰচনা কৰা দুটা কবিতা ক্ৰমে জীৱনৰ সংলাপ আৰু ব্যাকৰণ নোহোৱা কবিতা ফেচবুক আৰু ইউটিউবত যথেষ্ট পৰিমাণে বিশেষ জনপ্ৰিয় হৈ উঠিছে। কবিতা দুটা পাঠ কৰিছে কপিল বৰাই। চছিয়েল মিডিয়াত আপডেট দিয়াৰ বাবে ডিজাইন কৰিছে জোনাক যুগান্তৰ বৰাই। সংগীত মনদ্বীপ মহন্তৰ আৰু ব্যৱস্থাপনা ফৰিদৰ। প্ৰায় তিনি মিনিটৰ দৈৰ্ঘৰ এই ভিডিঅ’ কবিতা দুটা ইউটিউবত মই বা জীৱনৰ সংলাপ বুলি চাৰ্চ কৰিলেই পাঠকে পঢ়িবলৈ পাব।

Leave A Reply

Your email address will not be published.