গুৱাহাটীৰ ৰাজহুৱা পৰিবহণ সেৱাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি অহা চিটিবাছ সেৱাক আগন্তক স্বাধীনতা দিৱসৰ আগতে ন – ৰূপ দিয়াৰ লক্ষ্যৰে কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগে ব্যাপক তৎপৰতা আৰম্ভ কৰা পৰিলক্ষিত হৈছে । আনকি ৰাজ্যৰ মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মায়ো গুৱাহাটীৰ ৰাজহুৱা পৰিবহণ সেৱাটোক যাত্ৰী আৰু সাধাৰণ ৰাইজৰ অনুকূল কৰি গঢ় দিবলৈ গুৱাহাটীৰ পৰিবহণ সেৱাৰ লগত জড়িত বিষয়া সকলক ২ আগষ্টত দিছপুৰত জিলা পৰিবহণ বিষয়া সকলৰ সৈতে অনুষ্ঠিত পৰ্যালোচনা বৈঠকত নিৰ্দেশ দিছিল । সেই নিৰ্দেশৰ পাছদিনাই ৩ আগষ্টত পাঞ্জাবাৰীস্থিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীশ্ৰী মাধৱদেৱ আন্তর্জাতিক প্ৰেক্ষাগৃহত কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগ , গুৱাহাটীত চলাচল কৰা চিটিবাছ সেৱাক প্ৰতিনিধিত্ব কৰা চাৰিটাকৈ সন্থা , চিটিবাছৰ মালিক আৰু অংশীদাৰ সকলৰ উপস্থিতিত কামৰূপ মহানগৰ জিলাৰ জিলা পৰিবহণ ( প্ৰৱৰ্তক ) বিষয়াৰ উদ্যোগত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত কৰা হৈছিল । বৈঠকত সভাপতিত্ব কৰিছিল কামৰূপ মহানগৰ জিলাৰ আঞ্চলিক পৰিবহণ প্ৰাধিকৰণৰ অধ্যক্ষ আৰু জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাই । বৈঠকত পৰিবহণ বিভাগৰ অতিৰিক্ত আয়ুক্ত সুস্মিতা কাকতি , সহকাৰী পৰিবহণ আয়ুক্ত তথা কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত দায়িত্ববাহী জিলা পৰিবহণ বিষয়া ( পঞ্জীয়ন আৰু অনুজ্ঞাপত্ৰ ) , জিলা পৰিবহণ বিষয়া ( প্ৰৱৰ্তক ) হিমাংশু কুমাৰ দাস , আঞ্চলিক পৰিবহণ প্ৰাধিকৰণৰ সচিব ৰফিকুল ইছলাম , গুৱাহাটী মহানগৰ আৰক্ষীৰ যান বাহন শাখাৰ উপ আৰক্ষী আয়ুক্ত হিৰণ্য বৰ্মন , অসম ৰাজ্যিক পৰিবহণ নিগমৰ উপ মহা প্ৰবন্ধক বিজু ডেকা , চিটিবাছ সমূহৰ মালিক সকলক প্ৰতিনিধিত্ব কৰা কেবাটাও সন্থাৰ প্ৰতিনিধি – কৰ্মকর্তা ক্ৰমে পুলক গোস্বামী , প্ৰদীপ দাস , বিপুল কলিতা , ৰফিকুল ইছলামকে ধৰি কেবাজনো কৰ্মকর্তা উপস্থিত থাকে । আনহাতে গুৰুত্বপূৰ্ণ বৈঠকখনত গুৱাহাটীত চলাচল কৰা চিটিবাছ সেৱাক কিদৰে অধিক জনমুখী আৰু যাত্ৰীৰ উপযোগী কৰি তুলি সেৱাৰ মান উন্নত কৰিব পাৰি সেই বিষয়ে কেবাটাও সিদ্ধান্ত গ্ৰহণ কৰা হয় । সেই অনুসৰি যাত্ৰীক টিকট দিয়াটো বাধ্যতামূলক কৰা , নিৰ্দিষ্ট আস্থানৰ বাহিৰে য’তে – ত’তে চিটিবাছ ৰখোৱাটো বন্ধ কৰা , আস্থান সমূহত এক মিনিটতকৈ অধিক সময় নৰখা , যাত্ৰীৰ প্ৰতি সদ ব্যৱহাৰ কৰা , যাত্ৰীয়েও বাছত উঠাৰ পাছত পৰিচালকৰ পৰা ভাড়া আদায় দি টিকট সংগ্ৰহ কৰা আদি বিষয় আলোচনা কৰি অহা ১৫ আগষ্টৰ স্বাধীনতা দিৱসৰ পূৰ্বে বৈঠকত গ্ৰহণ কৰা সিদ্ধান্ত সমূহ কাৰ্যকৰীকৰণৰ বাবে সহমত প্ৰকাশ কৰা হয় । তেনেদৰে চাৰিটা সন্থাক বৃহত্তৰ স্বাৰ্থত এটা সন্থা হিচাপে গঠন কৰা হয় । আনহাতে বৈঠকত উপায়ুক্ত পল্লৱ গোপাল ঝাই ভাষণত মহানগৰীত চলাচল কৰা চিটিবাছসমূহৰ কেতবোৰ গুৰুত্বপূৰ্ণ নিয়ম সম্পৰ্কে মন্তব্য আগবঢ়োৱাৰ লগতে কয় যে এতিয়াৰে পৰা চিটিবাছ সমূহ নিৰ্দিষ্ট স্থানতে ৰখাব লাগিব। যদিহে প্ৰশাসনৰ এই নীতি-নিয়মসমূহ উলংঘা কৰে তেতিয়া হ’লে কঠোৰ শাস্তিৰ সন্মুখীন হ’ব লাগিব বুলি সকীয়াই দিয়ে। আনহাতে জিলা পৰিবহণ বিষয়া( প্ৰৱৰ্তক ) হিমাংশু কুমাৰ দাসে বৈঠকত চিটিবাছ সেৱাৰ মান উন্নত কৰিবলৈ হলে বাছ মালিক , চালক , পৰিচালকৰ গুৰু দায়িত্ব থকাৰ লগতে এইক্ষেত্ৰত যাত্ৰীৰ দায়িত্ব আৰু কৰ্তব্যৰ ওপৰত আলোকপাত কৰি স্কুলবাছ সমূহৰ নীতি-নিয়ম সম্পৰ্কেও কেতবোৰ গুৰুত্বপূৰ্ণ ব্যাখ্যা আগবঢ়ায়। উল্লেখযোগ্য যে বৈঠকত গ্ৰহণ কৰা সিদ্ধান্ত সমূহ কাৰ্যকৰী হলে আগন্তক স্বাধীনতা দিৱসত গুৱাহাটীত চলাচল কৰা চিটিবাছ সেৱাই ন – ৰূপ পোৱাটো নিশ্চিত ।
Trending
- নগাঁৱৰ তেঁতেলিসৰাত জিৰণিৰ উদ্যোগত ভূমিকম্পৰ সজাগতা সভা
- মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ তৎপৰতা – আজাৰাত মেট্ৰিক পৰীক্ষাৰ্থীক বিনামূলীয়াকৈ টেষ্ট পেপাৰ প্ৰদান
- উদ্যান শস্য গৱেষণা কেন্দ্ৰত শুকান ভূমিত কৃষি বিষয়ক তিনিদিনীয়া ৰাষ্ট্ৰীয় কৰ্মশালা আৰম্ভ
- ৰাজীৱ ভৱনত শিল্পী দিৱস পালন, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাক স্মৰণ
- ৰাষ্ট্ৰীয় ষ্টাৰ্টআপ দিৱসৰ দিনা বেংগালুৰু আৰু গুৱাহাটীত এইচ ডি এফ চি বেংকৰ ষ্টাৰ্টআপ লাউঞ্জ মুকলি
- Nefocus initiative-Seismic Safety Conclave
- 12th Inter-District Roller Skating Championship by APRINS in Guwahati from Jan 10 with the Theme From Turf to Table
- এইচ ডি এফ চি বেংক স্মাৰ্টগেটৱে পেমেণ্ট প্লেটফৰ্মে চিবিডিচি (ডিজিটেল টকা) একত্ৰিত কৰে
- আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ঘোষণা ; মাঘ বিহুৰ উৰুকাৰ সময়লৈ শীত প্ৰৱাহ অব্যাহত থকাৰ সম্ভাবনা
- বিভিন্ন ৰাষ্ট্ৰীয়–আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ‘শিপা-ঝাৰ’ তথ্যচিত্ৰৰ উজ্জ্বল সফলতা