গুৱাহাটীৰ ৰাজহুৱা পৰিবহণ সেৱাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি অহা চিটিবাছ সেৱাক আগন্তক স্বাধীনতা দিৱসৰ আগতে ন – ৰূপ দিয়াৰ লক্ষ্যৰে কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগে ব্যাপক তৎপৰতা আৰম্ভ কৰা পৰিলক্ষিত হৈছে । আনকি ৰাজ্যৰ মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মায়ো গুৱাহাটীৰ ৰাজহুৱা পৰিবহণ সেৱাটোক যাত্ৰী আৰু সাধাৰণ ৰাইজৰ অনুকূল কৰি গঢ় দিবলৈ গুৱাহাটীৰ পৰিবহণ সেৱাৰ লগত জড়িত বিষয়া সকলক ২ আগষ্টত দিছপুৰত জিলা পৰিবহণ বিষয়া সকলৰ সৈতে অনুষ্ঠিত পৰ্যালোচনা বৈঠকত নিৰ্দেশ দিছিল । সেই নিৰ্দেশৰ পাছদিনাই ৩ আগষ্টত পাঞ্জাবাৰীস্থিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীশ্ৰী মাধৱদেৱ আন্তর্জাতিক প্ৰেক্ষাগৃহত কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগ , গুৱাহাটীত চলাচল কৰা চিটিবাছ সেৱাক প্ৰতিনিধিত্ব কৰা চাৰিটাকৈ সন্থা , চিটিবাছৰ মালিক আৰু অংশীদাৰ সকলৰ উপস্থিতিত কামৰূপ মহানগৰ জিলাৰ জিলা পৰিবহণ ( প্ৰৱৰ্তক ) বিষয়াৰ উদ্যোগত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত কৰা হৈছিল । বৈঠকত সভাপতিত্ব কৰিছিল কামৰূপ মহানগৰ জিলাৰ আঞ্চলিক পৰিবহণ প্ৰাধিকৰণৰ অধ্যক্ষ আৰু জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাই । বৈঠকত পৰিবহণ বিভাগৰ অতিৰিক্ত আয়ুক্ত সুস্মিতা কাকতি , সহকাৰী পৰিবহণ আয়ুক্ত তথা কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত দায়িত্ববাহী জিলা পৰিবহণ বিষয়া ( পঞ্জীয়ন আৰু অনুজ্ঞাপত্ৰ ) , জিলা পৰিবহণ বিষয়া ( প্ৰৱৰ্তক ) হিমাংশু কুমাৰ দাস , আঞ্চলিক পৰিবহণ প্ৰাধিকৰণৰ সচিব ৰফিকুল ইছলাম , গুৱাহাটী মহানগৰ আৰক্ষীৰ যান বাহন শাখাৰ উপ আৰক্ষী আয়ুক্ত হিৰণ্য বৰ্মন , অসম ৰাজ্যিক পৰিবহণ নিগমৰ উপ মহা প্ৰবন্ধক বিজু ডেকা , চিটিবাছ সমূহৰ মালিক সকলক প্ৰতিনিধিত্ব কৰা কেবাটাও সন্থাৰ প্ৰতিনিধি – কৰ্মকর্তা ক্ৰমে পুলক গোস্বামী , প্ৰদীপ দাস , বিপুল কলিতা , ৰফিকুল ইছলামকে ধৰি কেবাজনো কৰ্মকর্তা উপস্থিত থাকে । আনহাতে গুৰুত্বপূৰ্ণ বৈঠকখনত গুৱাহাটীত চলাচল কৰা চিটিবাছ সেৱাক কিদৰে অধিক জনমুখী আৰু যাত্ৰীৰ উপযোগী কৰি তুলি সেৱাৰ মান উন্নত কৰিব পাৰি সেই বিষয়ে কেবাটাও সিদ্ধান্ত গ্ৰহণ কৰা হয় । সেই অনুসৰি যাত্ৰীক টিকট দিয়াটো বাধ্যতামূলক কৰা , নিৰ্দিষ্ট আস্থানৰ বাহিৰে য’তে – ত’তে চিটিবাছ ৰখোৱাটো বন্ধ কৰা , আস্থান সমূহত এক মিনিটতকৈ অধিক সময় নৰখা , যাত্ৰীৰ প্ৰতি সদ ব্যৱহাৰ কৰা , যাত্ৰীয়েও বাছত উঠাৰ পাছত পৰিচালকৰ পৰা ভাড়া আদায় দি টিকট সংগ্ৰহ কৰা আদি বিষয় আলোচনা কৰি অহা ১৫ আগষ্টৰ স্বাধীনতা দিৱসৰ পূৰ্বে বৈঠকত গ্ৰহণ কৰা সিদ্ধান্ত সমূহ কাৰ্যকৰীকৰণৰ বাবে সহমত প্ৰকাশ কৰা হয় । তেনেদৰে চাৰিটা সন্থাক বৃহত্তৰ স্বাৰ্থত এটা সন্থা হিচাপে গঠন কৰা হয় । আনহাতে বৈঠকত উপায়ুক্ত পল্লৱ গোপাল ঝাই ভাষণত মহানগৰীত চলাচল কৰা চিটিবাছসমূহৰ কেতবোৰ গুৰুত্বপূৰ্ণ নিয়ম সম্পৰ্কে মন্তব্য আগবঢ়োৱাৰ লগতে কয় যে এতিয়াৰে পৰা চিটিবাছ সমূহ নিৰ্দিষ্ট স্থানতে ৰখাব লাগিব। যদিহে প্ৰশাসনৰ এই নীতি-নিয়মসমূহ উলংঘা কৰে তেতিয়া হ’লে কঠোৰ শাস্তিৰ সন্মুখীন হ’ব লাগিব বুলি সকীয়াই দিয়ে। আনহাতে জিলা পৰিবহণ বিষয়া( প্ৰৱৰ্তক ) হিমাংশু কুমাৰ দাসে বৈঠকত চিটিবাছ সেৱাৰ মান উন্নত কৰিবলৈ হলে বাছ মালিক , চালক , পৰিচালকৰ গুৰু দায়িত্ব থকাৰ লগতে এইক্ষেত্ৰত যাত্ৰীৰ দায়িত্ব আৰু কৰ্তব্যৰ ওপৰত আলোকপাত কৰি স্কুলবাছ সমূহৰ নীতি-নিয়ম সম্পৰ্কেও কেতবোৰ গুৰুত্বপূৰ্ণ ব্যাখ্যা আগবঢ়ায়। উল্লেখযোগ্য যে বৈঠকত গ্ৰহণ কৰা সিদ্ধান্ত সমূহ কাৰ্যকৰী হলে আগন্তক স্বাধীনতা দিৱসত গুৱাহাটীত চলাচল কৰা চিটিবাছ সেৱাই ন – ৰূপ পোৱাটো নিশ্চিত ।
Trending
- অত্যাৱশ্যকীয় ঔষধৰ প্ৰাপ্যতাত দেশৰ ভিতৰতে দ্বিতীয় স্থানত অসম
- Health and Wellness Camps Held in Kamrup Metro District under Seva Sankalp Abhiyan
- বিকশিত অসমৰ অধীনত প্ৰস্তাৱ প্ৰস্তুতি সম্পৰ্কীয় বৈঠক
- সামাজিক মাধ্যমত অসমীয়া মিউজিক ভিডিঅ’ ফুলকুমলীয়া মুকলি
- পথিকৰ উদ্যোগত পদুমবড়ীত বিনামূলীয়া স্বাস্থ্য আৰু চকু পৰীক্ষা শিবিৰ সম্পন্ন
- কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া প্ৰেক্ষাগৃহত জালুকবাৰী থানা এলেকাৰ দুৰ্গা পূজা উদযাপন আৰু বিসৰ্জন বিষয়ক সভা সম্পন্ন
- Bringing Healthcare Closer to People: Health Camp Held in Kamrup under Seva Sankalp Abhiyan
- চি আৰ পি এফৰ প্ৰথমটো মহিলা বেটেলিয়ানৰ ৪০ বছৰীয়া বৰ্ষপূৰ্তিত ভাগ ললে দ্বিতীয় কমাণ্ড অধিকাৰী মীনা দাস বৰাসহ কেবাজনো অসমীয়া বিষয়া – জোৱানে
- অসমত HPV টিকাকৰণ অভিযান আৰু নিয়মীয়া টিকাকৰণৰ পৰ্যালোচনা
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত নতুন ৰূপত ডঃ ভূপেন হাজৰিকা সন্মিলন কক্ষ