১৯০ বছৰীয়া কটন কলেজিয়েট পুনৰ উজলি উঠিছে-ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক উত্তৰণত দায়বদ্ধতা প্ৰাক্তন ছাত্ৰ সমিতিৰ নামভৰ্তিৰ বাবে আগবাঢ়ি আহিবলৈ অভিভাৱক, ছাত্ৰ-ছাত্ৰীক আহ্বান প্ৰাক্তন ছাত্ৰৰ

0 71

১৯০ বছৰ গৰকা অসম তথা উত্তৰ-পূবৰ প্ৰথমখন মাতৃভাষাৰ চৰকাৰী বিদ্যালয় কটন কলেজিয়েট উচ্চতৰ মাধ্যমিক বিদ্যালয় পুনৰ উজলি উঠিছে।অসমৰ শত-সহস্ৰ মনীষি,পণ্ডিত, সাহিত্যিক, ৰাজনৈতিক, খেলুৱৈৰ শিক্ষাৰ কঠিয়াতলি আছিল ঐতিহ্যপূৰ্ণ কটন কলেজিয়েট। লোকপ্ৰিয় গোপীনাথ বৰদলৈ, নবীন চন্দ্ৰ বৰদলৈ, ফকৰুদ্দিন আলি আহমেদ, বিষ্ণুৰাম মেধী,আনন্দৰাম বৰুৱা, সুধাকন্ঠ ভূপেন হাজৰিকা, লক্ষ্যধৰ চৌধাৰী, অতুল হাজৰিকা, সৌৰভ চলিহা, ড০ হীৰেণ গোহাই, ড০ অমৰজ্যোতি চৌধুৰী, ৰমেন বৰুৱা, পৰাগ কুমাৰ দাস আদি সহস্ৰজন এই বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ। এতিয়াও অসমৰ লগতে দেশে-বিদেশে নিজস্ব জ্ঞান-গৰিমাৰে প্ৰতিষ্ঠিত প্ৰাক্তন কলেজিয়েটিয়ান সকল। বিগত কিছু বছৰ ধৰি মাতৃভাষাৰ চৰকাৰী বিদ্যালয়ৰ প্ৰতি অহা প্ৰত্যাহ্বানৰ মুখামুখি হৈছিল কটন কলেজিয়েট।শেহতীয়া ভাৱে হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত কৃতিত্বপূৰ্ণ ফলাফল প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে। হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৩৮ গৰাকী পৰীক্ষাৰ্থীৰ ভিতৰত ৩২ গৰাকী প্ৰথম বিভাগত উতীৰ্ণ হোৱাৰ লগতে ৬ গৰাকীয়ে দ্বিতীয় বিভাগত উৰ্তীণ হৈছে। উৰ্তীৰ্ণৰ হাৰ আছিল ১০০ শতাংশ। অনুৰূপ ধৰণে উচ্চতৰ মাধ্যমিক পৰীক্ষাত উৰ্তীণৰ হাৰ আছিল ৯৭ শতাংশ। বহুসংখ্যক ছাত্ৰ-ছাত্ৰীয়ে ডিষ্টিংচনসহ উৰ্তীণ হবলৈ সক্ষম হৈছে। গুণোৎসৱৰ ফলাফলতো বিদ্যালয়খনে A+ লাভ কৰিবলৈ সক্ষম হৈছে। এক ইতিবাচক আৰম্ভণি হৈছে পুনৰ বিদ্যালয়খনত। বিদ্যালয়ৰ হৃত গৌৰৱ তথা সোণালী সুদিন ওভতাই অনাৰ দায়বদ্ধতাৰে যোৱা কিছু বছৰ ধৰি বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ সমিতি,বিদ্যালয়ৰ শিক্ষক-শিক্ষয়ত্ৰীসকল আৰু বিদ্যালয় কতৃপক্ষই যৌথ প্ৰচেষ্টা গ্ৰহণ কৰি আহিছে। ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষামন্ত্ৰী ড০ ৰনোজ পেগুৱে বিদ্যালয়খনৰ প্ৰতি আন্তৰিকতা প্ৰদৰ্শণ কৰাৰ লগতে সহযোগিতাও আগবঢ়াইছে।বিদ্যালয়ৰ আন্তঃগাঠনি নিৰ্মাণৰ বাবে চৰকাৰে পুঁজি আবন্টন দিয়াৰ লগতে সময়ে সময়ে বিদ্যালয় পৰিদৰ্শন কৰি বিদ্যালয়ৰ শৈক্ষিক উত্তৰণৰ বাবে চৰকাৰৰ তৰফৰ পৰা পদক্ষেপ গ্ৰহণ কৰা হৈছে। প্ৰাক্তন ছাত্ৰ সমিতিয়ে অসমৰ মুখ্যমন্ত্ৰী তথা শিক্ষামন্ত্ৰীক এনে দুৰদৰ্ষী আৰু সৱল পদক্ষেপ গ্ৰহণ কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। আজি এক সংবাদমেল সম্বোধন কৰি প্ৰাক্তন ছাত্ৰ সমিতিৰ উপদেষ্টা, বিশিষ্ট শিক্ষাবিদ প্ৰাক্তন ছাত্ৰ ড৹অমৰজ্যোতি চৌধুৰী, সভাপতি ড০ সত্যেন্দ্ৰ কুমাৰ চৌধুৰী, সাধাৰণ সম্পাদক মনোজ শইকীয়া, কাৰ্য্যকৰী সভাপতি ফৰিদ আহমেদ, প্ৰাক্তন ছাত্ৰ, আই আই টি উত্তৰ গুৱাহাটীৰ অধ্যাপক ড০ প্ৰতুল কলিতা, বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি, প্ৰাক্তন ছাত্ৰ ড০ প্ৰাণজিৎ বৰুৱাই কয় যে, ইতিমধ্যে প্ৰাক্তন ছাত্ৰ সমিতিৰ উদ্যোগত আৰু বিদ্যালয়ৰ শিক্ষক-শিক্ষয়ত্ৰী তথা পৰিচালনা সমিতিৰ সহযোগত বিদ্যালয়ত শৈক্ষিক কৰ্মশালা, বিশেষ পাঠদান, সময়ে সময়ে শিক্ষক-শিক্ষয়ত্ৰীৰ লগত মতবিনিময়, ছাত্ৰ-ছাত্ৰীসকলক লৈ শিক্ষামূলক ভ্ৰমণ আৰু সাহিত্য-সাংস্কৃতিক বিষয়ত কাৰ্য্যসূচী আদি গ্ৰহণ কৰি অহা হৈছে। বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ তথা শিক্ষক-শিক্ষয়ত্ৰীৰ নিম্নতম সমস্যাসমূহ সমাধান কৰিবলৈ প্ৰাক্তন ছাত্ৰ সমিতিয়ে সময়ে সময়ে ব্যৱস্থা গ্ৰহণ কৰিছে। আৰ্থিক ভাৱে পিছপৰা ছাত্ৰ-ছাত্ৰীসকলক আৰ্থিক সহযোগিতা আগবঢ়োৰ লগতে ঘৰুৱা শিক্ষকৰো ব্যৱস্থা কৰা হৈছে। বিদ্যালয় পৰিস্কাৰকৰণ, বিনামূলীয়া স্বাস্থ্য সেৱা, খোৱাপানীৰ সমস্যা আদিকে ধৰি বিদ্যালয়ৰ আনুসঙ্গিক বিষয়সমূহতো প্ৰাক্তন ছাত্ৰ সমিতিয়ে বিদ্যালয় কতৃপক্ষক সহযোগ কৰি আহিছে। পূৰ্বতকে ছাত্ৰ-ছাত্ৰীৰ সংখ্যা কিছু বৃদ্ধি পাইছে। ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়ত্ৰীৰ মনৰ ভাৱ বুজি এক সুস্থ শৈক্ষিক পৰিবেশ ৰচনাত প্ৰাক্তন ছাত্ৰ সমিতিয়ে কাম কৰি আহিছে। সমসাময়িক পৰিবেশ তথা শৈক্ষিক পদ্ধতিৰ লগত খাপ খুৱাই আগবঢ়াই নিব পৰাকৈ প্ৰাক্তন ছাত্ৰ সমিতিৰ তৰফৰ পৰা সকলো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে। ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক প্ৰত্যাহ্বান জনাব পৰাকৈ কটন কলেজিয়েটক সাজু কৰি তোলাৰ সকলো ধৰণৰ প্ৰচেষ্টাই ইতিমধ্যে আৰম্ভ হৈছে। বিদ্যালয়খনৰ ঐতিহ্য তথা হৃত গৌৰৱ উদ্ধাৰৰ দায়বদ্ধতাৰে প্ৰাক্তন চাত্ৰ সমিতিয়ে শিক্ষক-শিক্ষয়ত্ৰীসকলৰ সহযোগত গ্ৰহণ কৰা ধাৰাবাহিক পদক্ষেপত বিশেষ ভাৱে গুৱাহাটী মহানগৰীৰ অভিভাৱক তথা ছাত্ৰ-ছাত্ৰীসকলক জাতীয় স্বাভিমানৰে উদ্ভাষিত হৈ প্ৰকৃত মানৱ সম্পদ হিচাপে নিজকে প্ৰতিষ্ঠিত কৰাৰ উদ্দেশ্যে কটন কলেজিয়েটত নামভৰ্তি কৰিবলৈ আজি সংবাদ মেলত প্ৰাক্তন ছাত্ৰ সমিতিয়ে মুকলি আহ্বান জনাইছে। প্ৰয়োজনত দুৰণীৰটিয়া ছাত্ৰ-ছাত্ৰীসকলৰ কাৰণে চৰকাৰৰ সহযোগত স্কুল বাছৰো ব্যৱস্থাৰ বাবে ইতিমধ্যে পদক্ষেপ গ্ৰহণ কৰা হৈছে। ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক, বৌদ্ধিক, সামাজিক, সাংস্কৃতিক আদি বিভিন্ন ক্ষেত্ৰত উত্তৰণৰ বাবে প্ৰাক্তন ছাত্ৰ সমিতি দায়বদ্ধ হৈ থাকিব সংবাদ মেলত স্পস্ট কৰে ।আৰ্থিক ভাৱে পিছপৰা মেধা সম্পন্ন ছাত্ৰ-ছাত্ৰীক আৰ্থিক সহযোগিতা আগঢ়াবলৈও প্ৰাক্তন ছাত্ৰ সমিতি প্ৰস্তুত। সংবাদমেলত অসমৰ লগতে দেশে-বিদেশে থকা সকলো প্ৰাক্তন ছাত্ৰৰ লগতে অসমৰ বিদৎ সমাজক প্ৰাক্তন ছাত্ৰ সমিতিৰ এই প্ৰচেষ্টাক সহযোগিতা আগবঢ়াবলৈ অনুৰোধ জনাইছে। এই বছৰ প্ৰাক্তন ছাত্ৰ সমিতিয়ে বিদ্যালয় কতৃপক্ষ, শিক্ষক-শিক্ষয়ত্ৰী আৰু ছাত্ৰ-ছাত্ৰীসকলৰ সহযোগত বিদ্যালয়ৰ ১৯০ বছৰীয়া জয়ন্তী সমাৰোহ অনুষ্ঠিত কৰিবলৈ প্ৰস্তুতি চলাইছে বুলিও জানিবলৈ দিয়ে ।

Leave A Reply

Your email address will not be published.