অহা ১৯ জানুৱাৰীৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে সৰুসজাই ক্ৰীড়া প্ৰকল্পত মুখ্যমন্ত্রী যুৱ সমাৰোহ অনুষ্ঠিত হ’ব।পোনপ্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’বলগীয়া এই সমাৰোহ খন উদ্বোধন কৰিব বিত্ত আৰু গড়কাপ্তানী মন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই। সমাৰোহখনত কৃষি,উদ্যানশস্য,পশুপালন এই সমূহ বিষয় সামৰি এখন আলোচনা চক্ৰ অনুষ্ঠিত হ’ব এই কথা সদৰি কৰে অসম ক্ৰীড়া আৰু যুৱ কল্যাণৰ সদস্য সচিব লক্ষ্য কোঁৱৰে।আজি গুৱাহাটী ভোগেশ্বৰী ফুকননী ইন্দোৰ ষ্টেডিয়ামত অনুষ্ঠিত হোৱা সংবাদমেলত কোঁৱৰে জনাই যে বিশেষকৈ ষ্টাৰ্টআপ বিজনেচক সামৰি এক আলোচনা চক্ৰ অনুষ্ঠিত হ’ব।লগতে যুৱ প্ৰজন্মৰ মিডিয়াৰ ভূমিকা শীৰ্ষক এক আলোচনা চক্ৰ অনুষ্ঠিত হ’ব।শেষৰদিনা কাৰ্যসূচীত মুখ্যমন্ত্রীৰ লগতে বলিউডৰ প্ৰখ্যাত অভিনেতা বিবেক অৱেৰয় উপস্থিত থাকিব।উল্লেখযোগ্য যে অসমৰ ১১০ খন মহাবিদ্যালয়ৰ নিৰ্বাচিত ছাত্ৰ প্ৰতিনিধিয়ে এই সমাৰোহখনত অংশগ্ৰহণ কৰিব।খবৰ যুগুতালে গীতাঞ্জলি গগৈয়ে..
Trending
- অসম সাংস্কৃতিক ন্যাসৰ পাঁচদিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি
- চিন্তাবিদ – সমালোচক ডঃ হীৰেন গোঁহাইসহ চাৰিগৰাকী সাহিত্যিক- শিল্পীলৈ সাহিত্য সাধনা মঞ্চ অসমৰ সন্মান
- চিত্ৰশিল্পী-কবি ৱাহিদা আহমেদৰ কাব্যগ্ৰন্থ এশ বিয়োগ এক উন্মোচন
- জ্ঞানমালিনী সাহিত্য সভাৰ আজীৱন সভ্য ভৰ্ত্তি অভিযান
- এয়াৰটেলৰ গ্ৰাহকৰ বাবে বিশেষ সুবিধা
- সাংসদ গৌৰৱ গগৈৰ দাবীৰ প্ৰতি সঁহাৰি ৰেলৱে বোৰ্ডৰ -ডুমডুমা ৰেলৱে ষ্টেচন পুনৰ মুকলি কৰি যাত্ৰী সংৰক্ষণ ব্যৱস্থা(passenger reservation system) স্থাপনৰ দাবীক মান্যতা
- সদৌ অসম সাংবাদিক সন্থা(আজু)ৰ নগাঁও জিলা সমিতিৰ জিলা আয়ুক্ত দেৱাশীষ শৰ্মাক সম্বৰ্ধনা
- তামুলপুৰত লোন মেলা সম্পন্ন
- মালিগাঁৱত ৰে’লৱেৰ এছচি আৰু এছ টি এম্পলয়িজ এছ’চিয়েচনৰ গ্ৰীষ্মকালীন শিবিৰৰ সামৰণি
- মিডিয়া এছ’চিয়েছন, অসমৰ উদ্যোগত মহীৰূহ সাংবাদিক কনকসেন ডেকাৰ ৯৩ সংখ্যক জন্ম জয়ন্তী পালন