২০২৫-২৬ বিত্তীয় বৰ্ষ শেষ হ’বলৈ সন্মুখত মাত্ৰ এটা মাহ! ইফালে সন্মুখত যিহেতু অসম বিধানসভাৰ নিৰ্বাচন, সেয়েহে যানবাহনৰ চলাচল আৰু ব্যস্ততা যথেষ্ট বৃদ্ধি পাব। এই সময়চোৱাত ৰাজ্যৰ ৰাজপথত প্ৰতি মুহূৰ্ততে দুৰ্ঘটনামুক্ত আৰু সুৰক্ষিত যাতায়াত অব্যাহত ৰখাৰ লক্ষ্যৰে বিত্তীয় বৰ্ষৰ অন্তিম মাৰ্চ মাহটো “আশীৰ্বাদ মাহ“ হিচাপে পালনৰ কাৰ্যসূচী গ্ৰহণ কৰিছে পৰিবহণ বিভাগে ৷ পৰিবহনৰ বিশেষ কতৰ্ব্যৰত বিষয়া গৌতম দাসৰ পৰিকল্পনা আৰু তত্ত্বাৱধানত কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ৰ উদ্যোগত আজিৰে পৰা গ্ৰহণ কৰা “আশীৰ্বাদ মাহ”ত যানবাহনৰ নথিপত্ৰৰ বৈধতা আৰু আইনী সুৰক্ষাৰ ব্যৱস্থা বিশেষকৈ চালকৰ অনুজ্ঞাপত্ৰ, বাহনৰ ফিটনেছ, বীমা, প্ৰদূষণমুক্তৰ প্ৰমাণপত্ৰ আদি সঠিক কৰাৰ ক্ষেত্ৰত অত্যধিক গুৰুত্ব দিয়া হৈছে ৷ কিয়নো নথিপত্ৰ সঠিক হৈ থাকিলে নিজে চাপমুক্ত হৈ থকাৰ লগতে দুৰ্ঘটনাৰ সংখ্যায়ো সাধাৰণতে হ্ৰাস পায়। সেয়ে “যানবাহন আইন মানক, বিপদৰ পৰা বাচক; আশীৰ্বাদ মাহৰ সুযোগ গ্ৰহণ কৰি নিৰ্ভয়ে চকা ঘূৰাওক” আহ্বানেৰে সেৱা মাহৰ সুবিধা গ্ৰহণ কৰিবলৈ ৰাজ্যৰ সকলো শ্ৰেণীৰ বাহনৰ গৰাকী, প্ৰতিষ্ঠানক জ্যেষ্ঠ পৰিবহণ বিষয়া গৰাকীয়ে আহ্বান জনায় ৷ বৰ্হিৰাজ্যত যানবাহন পঞ্জীয়ন কৰি সেই ৰাজ্যৰ নাম্বাৰ প্লেট লগাই অসমত ব্যৱসায়-বাণিজ্য চলাই থকা বিভিন্ন ৰাজ্যৰ বহুজাতিক উদ্যোগ-প্ৰতিষ্ঠানসমূহক নিজৰ নিজৰ বাহনসমূহ অসমৰ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়, বিশেষকৈ সৰ্বাধিক সংখ্যকে যিহেতু গুৱাহাটীতে ব্যৱসায় বাণিজ্য চলাই আছে সেয়ে কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ত পঞ্জীয়ন কৰি যাৱতীয় কৰকাটল দিবলৈ আহ্বান জনাইছে ৷ অসমৰ ৰাজপথত চলা ব্যক্তিগত ব্যৱসায়িক সকলো বাহনকে প্ৰতিনিয়ত সুৰক্ষা দিবলৈ ইয়াৰ পৰিবহণ বিষয়াৰ কাৰ্যালয়সমূহে যিহেতু সদাসচেতন ভূমিকা গ্ৰহণ কৰি আহিছে সেয়ে অসমৰ যানবাহন সুৰক্ষা আইনৰ আওটালৈ আহিবলৈ নাগালেণ্ড, মনিপুৰ, মেঘালয়, মিজোৰাম আদি বিভিন্ন বৰ্হিৰাজ্যৰ প্ৰতিষ্ঠানসমূহ দায়বদ্ধ হ’ব লাগিব। তদুপৰি অসমৰ বিভিন্ন জিলাৰ লগতে বিশেষকৈ কামৰূপ মহানগৰ জিলাৰ যিসমূহ ব্যক্তিগত আৰু বাণিজ্যিক বাহনে এতিয়াও বিভিন্ন অসুবিধাত বাহনৰ নথিপত্ৰ সঠিক কৰা নাই তেওঁলোকক এই বিশেষ “আশীৰ্বাদ মাহ“ৰ ভিতৰতে বাহনৰ বকেয়াসহ যাৱতীয় সকলো কৰ আদায় দি গুৰুত্বপূৰ্ণ নথিপত্ৰসমূহ নৱীকৰণ কৰিবলৈ আহ্বান জনোৱা হৈছে ৷ অন্যথা যানবাহন আইন অমান্য কৰি ৰাজপথৰ সুৰক্ষিত যাতায়াতৰ প্ৰতি ভাবুকিস্বৰূপ হৈ পৰা বাহন পৰিবহণ বিভাগৰ তালাচী অথবা জৰিমনাৰ সন্মুখিন হ’ব লাগিব বুলিও উল্লেখ কৰা হয় । চলিত মাৰ্চ মাহটোত কাৰ্যালয় খোলা থকা প্ৰতিটো দিনত মহানগৰ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ত উপস্থিত হৈ “আশীৰ্বাদ মাহ”ৰ তৎকালীন সেৱা গ্ৰহণ কৰিবলৈ পৰিবহণৰ উচ্চপদস্থ বিষয়াগৰাকীয়ে সকলো শ্ৰেণীৰ বাহনৰ গৰাকীৰ প্ৰতি আহ্বান জনায়।
Trending
- গুৱাহাটী বিশ্ববিদ্যালয়ত নৱাগত স্নাতকোত্তৰ শিক্ষাৰ্থী
- Assam Down Town University Holds an Interactive Session on Graphology Analysis
- Finance Minister Jayanta Mallabaruah Inspects Erosion Affected Jamuguri in Bihpuria- Directs Long-Term Protective Measures
- Minister Kaushik Rai Steps Up Efforts to Prevent Urban Flooding in Guwahati
- তামুলপুৰৰ নিৰ্মীয়মাণ মেডিকেল কলেজ আৰু নলবাৰী চিকিৎসা মহাবিদ্যালয় পৰিদৰ্শন স্বাস্থ্যমন্ত্ৰী অশোক সিংহলৰ
- NECTAR Inaugurates Common Facility Centre under PM-DevINE Scheme at Boko, Assam
- গুৱাহাটী বিশ্ববিদ্যালয়ত নিচামুক্ত যুৱকৰ দ্বাৰা বিকশিত ভাৰত সংকল্প অভিযান অনুষ্ঠিত
- এপেক্স বেংক ষ্টাফ এচ’চিয়েচনৰ বানে গৰকা ৰাইজৰ মাজত সাহায্য সামগ্ৰী বিতৰণ
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ কল্যাণময়ীৰ উদ্যোগত শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বানাক্ৰান্ত ৰাইজৰ মাজত সাহায্য সামগ্ৰী বিতৰণ
- সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা (আগছু)-ৰ ১৯ সংখ্যক কাৰ্যকালৰ শপত গ্ৰহণ অনুষ্ঠান সফলতাৰে সম্পন্ন