৩১মাৰ্চৰ পৰা স্পাইচজেট বিমান চলিব

1 276

কেন্দ্ৰীয় চৰকাৰৰ অসামৰিক বিমান পৰিবহন মন্ত্ৰালয়ৰ আহ্বান মৰ্মে বিমান সেৱা সংস্থা সমূহে অসমকে ধৰি উত্তৰ পূবৰ ৰাজ্য সমূহৰ মাজত বায়ু সেৱাৰ ব্যৱস্থা সুচল কৰিবৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে।সেই ব্যৱস্থাৰ অংশ হিচাপে অহা ৩১ মাৰ্চৰ পৰা দেশৰ বিমান সেৱা প্ৰদানকাৰী অন্যতম সংস্থা স্পাইচজেটে গুৱাহাটী আৰু লক্ষিমপুৰৰ মাজত পোনপটীয়াকৈ বিমান চলাচল কৰিব ।সপ্তাহটোৰ আটাই কেইদিনতে চলাচল কৰিবলগীয়া বিমান প্ৰতিদিনে দিনৰ ১১.৩৫ বজাত লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ আন্তজাৰ্তিক বিমান বন্দৰৰ পৰা ৰাওনা হ’ব আৰু এঘণ্টাৰ অন্তত লক্ষিমপুৰৰ লীলাবাৰীৰ বিমান বন্দৰত অৱতৰণ কৰিব।তেনেদৰে বিমান খন দিনৰ ১২. ৫৫ বজাত লক্ষিমপুৰৰ পৰা বৰঝাৰৰ অভিমুখে ৰাওণা হ’ব আৰু এঘণ্টা দহ মিনিট আকাশী পথৰ যাত্ৰাৰ অন্তত বিয়লি ২.৫০বজাত বৰঝাৰস্থিত অৱতৰণ কৰিব।অৱশ্যে বিমানখন কিমান আসনযুক্ত হ’ব স্পাইচজেটে কৰ্তৃপক্ষই ব্যক্ত কৰা নাই যদিও ভাৰা পায় ১৯৩১ টকা হ’ব বুলি সদৰী কৰিছে ।উল্লেখযোগ্য যে লক্ষিমপুৰকে ধৰি উত্তৰ অসমৰ ৰাইজে বৰ্হি ৰাজ্যলৈ বিমান চলাচলৰ বাবে দাবী জনাই আহিছিল।লক্ষিমপুৰলৈ পোনপটীয়া বিমান সেৱা আৰম্ভ হোৱাৰ পিছত উত্তৰ অসমকে ধৰি চুবুৰীয়া অৰুণাচল প্ৰদেশৰ এক বৃহৎ অংশৰ ৰাইজ উপকৃত হোৱাটো নিশ্চিত আৰু দুয়োখন ৰাজ্যৰ পৰ্যটনৰ ক্ষেত্ৰটোও ইতিবাচক প্ৰভাৱ পৰিব।

1 Comment
  1. Tech Baotora. says

    Borhiya khabor.

Leave A Reply

Your email address will not be published.