ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ ৭২ সংখ্যক মৃত্যুতিথিত আজি বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰ চৌহদত তেওঁক গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। এই উপলক্ষে লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলনৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে বৰঝাৰ বিমানবন্দৰৰ মুখ্য বিমানকোঠ বিষয়া উৎপল বৰুৱাই। এই উপলক্ষে আদানী গ্রুপৰ জনসম্পৰ্কৰক্ষী বিষয়া ৰুমা দেৱীয়ে আঁতধৰা গাম্ভীৰ্য্যপূৰ্ণ অনুষ্ঠানত ভাষণ প্ৰসংগত উৎপল বৰুৱাই লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ বৰ্ণাঢ্য ব্যক্তিত্বৰ ওপৰত আলোকপাত কৰি গ্ৰুপিংঙৰ সময়ত বৰদলৈয়ে নানান প্ৰত্যবাহন নেওচিও কিদৰে তেতিয়াৰ অবিভক্ত অসমক পূব পাকিস্তান তথা বৰ্তমানৰ বাংলাদেশত অন্তৰ্ভুক্ত হোৱাৰ পৰা ৰক্ষা কৰিছিল সেই সম্পৰ্কে ভাষণ প্ৰসঙ্গত উল্লেখ কৰে। আনকি লোকপ্ৰিয়ৰ দৃঢ় নেতৃত্বৰ বাবে অসম আৰু অসমীয়া জাতি পাকিস্তানৰ অন্তৰ্ভুক্ত হোৱাৰ পৰা ৰক্ষা পৰা বাবেহে অসমীয়াই আজি বিশ্বত এক সুকীয়া জাতি হিচাপে চিনাকি দিবলৈ সক্ষম হৈছে বুলি ব্যক্ত কৰি ইয়াৰ বাবে অসমীয়া জাতি সদায় লোকপ্ৰিয়ৰ ওচৰত চিৰকৃতজ্ঞ হৈ থাকিব বুলি উৎপল বৰুৱাই সদৰি কৰে। আনহাতে অনুষ্ঠানত বিমানবন্দৰৰ নিৰাপত্তাৰ দায়িত্বত থকা চি আই এছ এফ ইউনিটৰ কমাণ্ডেণ্ট লাল মোহন ঠাকুৰ, ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণৰ উত্তৰ পূব মণ্ডলৰ মানৱ সম্পদ বিভাগৰ মহাপ্ৰৱন্ধক জ্ঞান পাত্ৰকে ধৰি কেবাজনো বিষয়াই উপস্থিত থাকি লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
Trending
- মৌলানা মহম্মদ তৈয়াবুল্লাহ হকী ষ্টেডিয়ামত আন্তঃজিলা স্কুল হকী প্ৰতিযোগিতা আৰম্ভ
- অসমৰ দৃষ্টিহীন মহিলা ক্ৰিকেট দলৰ অংশগ্ৰহণেৰে জামচেদপুৰত অনুষ্ঠিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ চাৰিদিনীয়া প্ৰশিক্ষণ শিবিৰৰ সফল সামৰণি
- সংস্কাৰ ভাৰতী মহানগৰ জিলা আৰু সাংস্কৃতিক গোষ্ঠীৰ যৌথ উদ্যোগত ৰাষ্ট্ৰীয় গীত, ৰাষ্ট্ৰীয় সংগীত, দেশপ্ৰেমমূলক গীত, নৃত্য , কথা কবিতাৰে স্বাধীনতা দিৱস উদযাপন
- ভাৰত চৰকাৰৰ ডি এছ টি বিভাগৰ সচিব ডঃ ৰবি চন্দ্ৰশেখৰৰ আই এ এছ এছ টি চৌহদ পৰিদৰ্শন বনৌষধি উদ্যান মহৰ্ষি চৰক উদ্ধোধন
- আমিনগাঁৱৰ শৰাইঘাট সৰোবৰত বিৰল প্ৰজাতিৰ কাছ মুকলি
- হিৰো মটো কৰ্পৰ চি.এচ.আৰ আঁচনিৰ অধীনত ১৮৫ খন মহাবিদ্যালয়ক দুচকীয়া বাহন প্ৰদান
- কাঁহিকুছি গাঁও পঞ্চায়ত এলেকাত উলহ মালহৰে স্বাধীনতা দিৱস উদযাপন
- মন্ত্ৰী অজন্তা নেওগৰ মহানুভৱতা- দৰমহাৰ ধনেৰে সাজি দিলে দলীয় কৰ্মকৰ্তাৰ ঘৰ
- এইচ ডি এফ চি বেঙ্কে প্ৰৱঞ্চনাৰ পৰা মুক্ত হোৱাৰ প্ৰসাৰৰ বাবে ‘ভিজিল আণ্টি’ অভিযান আৰম্ভ কৰিছে
- চিত্ৰাংকন প্ৰতিযোগিতা সম্পন্ন