ৰঙিয়াত উদয়ন সংঘৰ সৌজন্যত উদযাপন কৰা ভোগালী বিহুৰ কাৰ্যসূচীত সেনা বাহিনীৰ জি ও চি ইন চিফ ,মহকুমাধিপতিৰ অংশগ্ৰহণ

0 367

ৰঙিয়া নগৰত আজি উদয়ন সংঘৰ সৌজন্যত উদযাপন কৰা ভোগালী বিহুৰ কাৰ্যসূচীত সেনা বাহিনীৰ জি ও চি ইন চিফ ৰানাপ্ৰতাপ কলিতাৰ লগতে মহকুমাধিপতি জাভিৰ ৰাহুল সুৰেশে অংশগ্ৰহণ কৰে ।স্থানীয় হিন্দী হাইস্কুল খেলপথাৰত অনুষ্ঠিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোত জ্যেষ্ঠ সেনা বিষয়া গৰাকীৰ লগতে মহকুমাধিপতি গৰাকীকো উষ্ম আদৰণি জনোৱা হয় ।ভাষণ প্ৰসঙ্গত ভোগালী বিহুৰ পৰম্পৰা আৰু ঐতিহ্য সন্দৰ্ভত মত ব্যক্ত কৰে ৰাণা প্ৰতাপ কলিতা প্ৰমুখ্যে আমন্ত্ৰিত অতিথি বৃন্দই ।অনুষ্ঠানত প্ৰাক্তন বিধায়ক অনন্ত ডেকাৰ লগতে আন কেবাগৰাকী বিশিষ্ট লোক উপস্থিত থাকে।

বাতৰি যুগুতালে ৰঙিয়াৰ পৰা দীনেশ আগৰৱালাই

Leave A Reply

Your email address will not be published.