ৰঙিয়াত কামৰূপ জিলা দিৱসৰ বিস্তৃত কাৰ্য্যসূচী- ৰঙিয়া মহকুমা প্ৰশাসনৰ চাইকেল ৰেলী

0 277

চাৰিদিনীয়া কাৰ্যসূচীৰে জিলা প্ৰশাসনে আমিনগাঁৱৰ কুমাৰ ভাস্কৰ বৰ্মন ক্ষেত্ৰত উদযাপন কৰা ‘কামৰূপ জিলা দিৱস’ৰ সৈতে সংগতি ৰাখি জিলা খনৰ বিভিন্ন প্ৰান্তৰ লগতে ৰঙিয়া মহকুমা প্ৰশাসনেও মহকুমাটোত বিস্তৃত আৰু বৰ্ণাঢ্য কাৰ্যসূচী পালন কৰি আছে । আজি ৰঙিয়া মহকুমা প্ৰশাসনৰ উদ্যোগত ৰঙিয়া চহৰত অৱস্থিত লোকনিৰ্মাণ বিভাগৰ পৰিদৰ্শন বঙলাৰ পৰা তুলশীবাৰীলৈ এক চাইকেল ৰেলী অনুষ্ঠিত হয়। অতিৰিক্ত উপায়ুক্ত তথা ৰঙিয়া মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি জাৱীৰ ৰাহুল সুৰেশ, ভা: প্ৰ: সে:, ৰ নেতৃত্বত অনুষ্ঠিত এই চাইকেল ৰেলিত ৰঙিয়া ৰাজহ চক্ৰৰ চক্ৰ বিষয়া লীণা কুমাৰী পাৱে, সহকাৰী আয়ুক্ত চম্পক ডেকা, অম্লান বৈশ্য, ৰঙিয়া ৰাজহ চক্ৰৰ চক্ৰ বিষয়া (সংলগ্ন) অনন্যা চৌধুৰী, যোগাচাৰ্য্য জ্যোতিষ কলিতা প্ৰমুখ্যে শতাধিক লোকে অংশগ্ৰহণ কৰে ।

ৰঙিয়াৰ পৰা দীনেশ আগৰৱালাৰ ৰিপৰ্ট

Leave A Reply

Your email address will not be published.