মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ নিৰ্দেশনা অনুসৰি পৰিবহণ বিভাগে চলিত বৰ্ষৰ প্ৰথম দিনটোৰ পৰা পৰিবহণ কৰ অনাদায়ী বাহনৰ বিৰুদ্ধে চলোৱা অভিযানত গুৱাহাটীৰ বেতকুছিস্থিত কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়াৰ (পঞ্জীয়ন আৰু অনুজ্ঞাপত্ৰ) কাৰ্যালয়ে ৩১ মাৰ্চত সামৰণি পৰা ২০২১-২২ বিত্তীয় বর্ষত কেবাটাও শিতানত অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। জিলা পৰিবহণ বিষয়া কাৰ্যালয়ৰ (পঞ্জীয়ন আৰু অনুজ্ঞাপত্ৰ) অতিৰিক্ত দায়িত্ববাহী সহকাৰী পৰিবহণ আয়ুক্ত গৌতম দাসে জানিবলৈ দিয়া মতে প্ৰথম বাৰৰ বাবে ৩১ মাৰ্চত বিত্তীয় বর্ষৰ সামৰণিৰ। দিনা মাজনিশা বাৰ বজালৈকে জিলা পৰিবহণ বিষয়াৰ (ডি.টি.অ) কাৰ্যালয় যান বাহনৰ গৰাকীৰ কৰ আদায় দিয়াৰ সুবিধাৰ্থে খোলা ৰখা হয়। যত মাজনিশালৈকে বহু লোকে কৰ আদায় দিয়াৰ বিপৰীতে গৰিষ্ঠ সংখ্যক লোকে অনলাইন, ডিজিটেল, আৰ.টি.জি.এছ আৰু নেট বেংকিংঙৰ মাধ্যমৰে ভোট দিয়ে।যাৰ বাবে কেৱল ৩১ মাৰ্চৰ দিনটোত ৫.২৮ কৌটি টকাৰো অধিক ৰাজহ সংগ্ৰহ হয়। সমান্তৰালভাৱে মাৰ্চ মাহত কাৰ্যালয়ে সংগ্ৰহ কৰে প্ৰায় ৪২ কৌটি টকাৰ ৰাজহ। তেনেদৰে ৩১ মাৰ্চত সামৰণি পৰা ২০২১-২২ বিত্তীয় বর্ষত সংগ্ৰহ হয় প্ৰায় ২৬৫ কৌটি টকাৰ ৰাজহ। ইয়াৰ পূৰ্বে বিগত ২০২০ – ২১ বর্ষত সংগ্ৰহীত ৰাজহৰ পৰিমাণ আছিল প্ৰায় ২০৬ কৌটি টকা। সহকাৰী পৰিবহণ আয়ুক্ত গৌতম দাসে সদৰি কৰা অনুসৰি প্ৰথম বাৰৰ বাবে কাৰ্যালয়টোৱে তিনিটা শিতান ক্ৰমে – এটা বছৰ , এটা মাহ আৰু এদিনতে সংগ্ৰহীত ৰাজহে অভিলেখ গঢ়িবলৈ সক্ষম হৈছে।সমান্তৰালভাৱে মুখ্যমন্ত্ৰী আৰু পৰিবহণ মন্ত্ৰীৰ নিৰ্দেশত ৰাইজ , যান বাহনৰ গৰাকীৰ মাজত সজাগতা সৃষ্টিৰ বাবে চলিত বছৰৰ প্ৰথম দিনটোৰ পৰা অনাদায়ী বাহনৰ পৰা কৰ আদায়ৰ লগতে মুখ্যমন্ত্ৰীৰ দুৰ্ঘটনামুক্ত অসমৰ সপোনক বাস্তৱ ৰূপ দিয়াৰ বাবে বিশেষ অভিযান আৰম্ভ কৰা হৈছিল । সেই অনুসৰি জানুৱাৰী মাহত “অপাৰেচন চাৰখাৰ” , ফেব্ৰুৱাৰী মাহত “অপাৰেচন অলআউট” আৰু মাৰ্চ মাহত “অপাৰেচন অলক্লিয়াৰ” নামৰ তিনিটা বিশেষ অভিযান চলোৱা হৈছিল । ফলত বাহনৰ গৰাকী সকলে যাবতীয় কৰ আদায় দিয়াত কৰ সংগ্ৰহৰ পৰিমাণ বৃদ্ধি পায় । অবশ্যে এতিয়াও এক বুজন সংখ্যক লোকে বকেয়া কৰ আদায় দিয়া নাই । পৰবৰ্তী সময়ত বিভাগৰ উৰ্ধতম কৰ্তৃপক্ষৰ নিৰ্দেশ অনুসৰি সেই বাহন সমূহ জব্দ কৰাৰ বাবে বিশেষ অভিযান চলোৱা হব । পহিলা জানুৱাৰীৰ পৰা চলোৱা অভিযানত মহানগৰ জিলা পৰিবহণ বিষয়া (প্ৰৱৰ্তক শাখা) হিমাংশু কুমাৰ দাস আৰু আঞ্চলিক পৰিবহণ প্ৰাধিকৰণৰ সচিব ৰফিকুল ইছলামৰ নেতৃত্বত বিভাগৰ যান বাহন পৰিদৰ্শক , প্ৰৱৰ্তক পৰিদৰ্শক , সহকাৰী প্ৰৱৰ্তক পৰিদৰ্শক , প্ৰৱৰ্তক চেকাৰকে ধৰি জিলা পৰিবহণ বিষয়া কাৰ্যালয়ৰ সকলো পৰ্যায়ৰ কৰ্মচাৰীয়ে ভাগ লৈছিল । আনহাতে ৩১ মাৰ্চৰ দিনটোত গুৱাহাটীৰ গুৰুত্বপূৰ্ণ স্থানত মাজ নিশালৈকে ১৫০০ ৰো অধিক বাহনত তালাচী চলোৱা হৈছিল ৷ তালাচীৰ সময়ত বছৰ বছৰ ধৰি কৰ আদায় নিদিযাৰ বাবে ১৪০ ৰো অধিক বাহনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি বিলাসী বাহনসহ ব্যক্তিগত আৰু ব্যৱসায়িক বিভিন্ন ক্ষেত্ৰৰ ৬০ৰো অধিক বাহন জব্দ কৰা হয় ৷ উল্লেখ্য যে নিদ্ধাৰিত সময়সীমাৰ ভিতৰত যিসকলে কৰ আদায় দিয়াৰ লগতে নথিপত্ৰসমূহ নৱীকৰণেৰে ৰাজ্যৰ সুৰক্ষিত যাতায়ত ব্যৱস্থাৰ প্ৰতি সহযোগ আগবঢ়ালে সেই সকলোকে ধন্যবাদ জনায় ৰাজ্যৰ সহকাৰী পৰিবহণ আয়ুক্ত গৌতম দাসে ৷
Trending
- NSE signs strategic collaboration with Augmont to strengthen India’s Electronic Gold Receipts (EGR) ecosystem
- অসম পশুধন নিগমৰ উদ্যোগত প্ৰশিক্ষণ কাৰ্যসূচী
- আগন্তুক ২-৩ দিনত গুৱাহাটী মহানগৰীত প্ৰবল বৃষ্টিপাতৰ সম্ভাৱনা থকা বুলি আই এম ডি (IMD) ৰ পূৰ্বানুমান
- Union Minister Dr. Jitendra Singh Visits NECTAR, Lauds Science-Driven Innovations Transforming the North East
- NSE Crude Oil Options Hit Record Premium Turnover, Volume & Open Interest*
- ইউনিক’ডত অসমীয়া লিপি আৰু অসমীয়া চলচ্চিত্ৰৰ বাবে অটিটি প্লেটফৰ্ম সন্দৰ্ভত সাংস্কৃতিক মন্ত্ৰী বিমল বড়াৰ বৈঠক
- লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ডঃ বিভৱ কুমাৰ তালুকদালৈ
- খানামুখ খণ্ড বন কাৰ্যালয়ৰ উদ্যোগত সাতমাইল – অসম অভিযান্ত্ৰিক মহাবিদ্যালয় সংযোগী পথৰ দাঁতিত গছপুলি ৰোপণ
- ৰাণী বনাঞ্চলত হাতীৰ খাদ্যৰ বাবে নেপিয়াৰ ঘাঁহৰ খেতি আৰম্ভ বন বিভাগৰ
- জাপানীজ এনকেফেলাইটিছৰ বিৰুদ্ধে যুদ্ধকালীন প্ৰস্তুতি, সকলো জিলাক স্বাস্থ্য মন্ত্ৰীৰ নিৰ্দেশ