ৰঙিয়া থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰ মল্ল পাটোৱাৰীৰ নেতৃত্বত আজি পুৱতিনিশা চলা অভিযানত আৰক্ষীয়ে ৰঙিয়াৰ ছ’চাইটী চ’কত দুখন বিলাসী বাহনত লৈ অনা বৃহৎ সংখ্যক বন্যপ্ৰাণী উদ্ধাৰ কৰে। উদ্ধাৰ হোৱা বন্যপ্ৰাণীসমূহৰ ভিতৰত আছে কেংগাৰু ২টা, চিম্পাঞ্জী ২টা, বিভিন্ন প্ৰজাতিৰ বান্দৰ ১৯টা, কাছ ১৮টা আৰু ভাটৌ ২টা। জানিব পৰা মতে ম্যানমাৰ – মিজোৰাম সীমান্তৰ পৰা অনা হৈছিল বন্যপ্রাণীকেইটা আৰু উদ্ধাৰ হোৱা বন্যপ্ৰাণীকেইটাৰ আন্তঃৰাষ্ট্ৰীয় বজাৰত আনুমানিক মূল্য কেইবা কোটি টকা। অভিযানৰ সময়ত আৰক্ষীৰ জালত পৰিছে তামিলনাডুৰ থানেৰ ৰঘু সিং আৰু ভিলিপুৰমৰ কাৰ্থিক নামৰ দুই সৰবৰাহকাৰী। বন্যপ্ৰাণীভৰ্তি বাহন দুখন মিজোৰামৰ সীমাৰ পৰা দিল্লী অভিমুখে গৈ থকাৰ সময়তে আৰক্ষীয়ে ৰঙিয়াৰ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত জব্দ কৰে।সন্দেহ কৰা হৈছে জন্তু সৰবৰাহত জড়িত হৈ আছে আন্তঃৰাষ্ট্ৰীয় চক্ৰ এটা। আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।
Trending
- উন্নত স্বাস্থ্যসেৱাৰ লক্ষ্যৰে GMCHৰ আধুনিকীকৰণৰ পৰিকল্পনা
- লেজিনেছ ছেভ-এইচ ডি এফ চিৰ নতুন সজাগতা অভিযান
- উন্নয়নমূলক সাংবাদিকতাৰ বাৰ্তা বাহক এন ই ফ’কাচ ডট কমে অতিক্রম কৰিলে সম্পূর্ণ ১০ বছৰ
- APRINS Launches Post-Flood Livelihood Restoration Initiative for Affected Families in Garmur Miri
- বন্দে মাতৰম ধ্বনিৰে মুখৰিত আকাশ – বতাহ – ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণৰ উদ্যোগত বৰঝাৰত ৱাকাথন আৰু ত্ৰিৰংগা বাইক ৰেলী
- গুৱাহাটী বিশ্ববিদ্যালয়ত নৱাগত স্নাতকোত্তৰ শিক্ষাৰ্থী
- Assam Down Town University Holds an Interactive Session on Graphology Analysis
- Finance Minister Jayanta Mallabaruah Inspects Erosion Affected Jamuguri in Bihpuria- Directs Long-Term Protective Measures
- Minister Kaushik Rai Steps Up Efforts to Prevent Urban Flooding in Guwahati
- তামুলপুৰৰ নিৰ্মীয়মাণ মেডিকেল কলেজ আৰু নলবাৰী চিকিৎসা মহাবিদ্যালয় পৰিদৰ্শন স্বাস্থ্যমন্ত্ৰী অশোক সিংহলৰ