শাৰদীয় দুৰ্গোৎসৱ উদযাপন সন্দৰ্ভত কামৰূপ জিলা প্ৰশাসনৰ গুৰুত্বপূৰ্ণ বৈঠক- জিলাখনত সম্পূৰ্ণ শৃংখলাবদ্ধ তথা শান্তিপূৰ্ণভাৱে পূজা আয়োজন কৰিবলৈ প্ৰশাসনৰ আহ্বান

0 177

ৰঙিয়া মহকুমাকে ধৰি সমগ্ৰ কামৰূপ জিলাত সমাগত দূৰ্গা পূজা উদযাপন উপলক্ষে আজি কামৰূপ জিলাৰ সংহত উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত এখন গুৰুত্বপূৰ্ণ সভাৰ আয়োজন কৰা হয়। অতিৰিক্ত উপায়ুক্ত ধ্ৰুৱজ্যোতি দাসৰ সভাপতিত্বত আয়োজিত এই সভাত জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক আছিফ আহমেদ, ৰাজহ চক্ৰ বিষয়াসকল, সহকাৰী আয়ুক্তসকল, অগ্নি নিৰ্বাপক বাহিনী, লোকনিৰ্মাণ বিভাগ, অসম শক্তি বিতৰণ কোম্পানী, এন ডি আৰ এফ, এছ ডি আৰ এফ আদিৰ জ্যেষ্ঠ বিষয়াববীয়াসকল তথা ৰঙিয়া মহকুমাকে ধৰি জিলাখনৰ বিভিন্ন প্ৰান্তৰ প্ৰায় ডেৰ শতাধিক পূজা সমিতিৰ প্ৰতিনিধিসকল উপস্থিত থাকে। সভাত অতিৰিক্ত উপায়ুক্ত তথা অতিৰিক্ত আৰক্ষী অধীক্ষকে পূজা সমিতিসমূহৰ কৰণীয় বিভিন্ন দিশ সম্পৰ্কে বিস্তৃতভাৱে অৱগত কৰাৰ লগতে অহা ২৫ ছেপ্টেম্বৰৰ ভিতৰত পূজা আয়োজনৰ যাৱতীয় অনুমতিৰ বাবে আৱেদন কৰিবলৈ আয়োজক সমিতিসমূহলৈ আহ্বান জনায়। পূজা মণ্ডপসমূহৰ বাবে অগ্নিনিৰ্বাপক বাহিনী, শক্তি বিভাগ আদিৰ আপত্তিবিহীন প্ৰমাণপত্ৰসমূহ আৱেদন কৰাৰ পিছত যথাসম্ভৱ সোনকালে প্ৰদান কৰাৰ ব্যৱস্থা গ্ৰহণৰ বাবেও তেওঁ সংশ্লিষ্ট বিভাগসমূহক অনুৰোধ জনায়। উল্লেখ্যযোগ্য যে এইবাৰৰ পৰা কামৰূপ জিলা প্ৰশাসনে পূজা আয়োজনৰ অনুমতিৰ বাবে ই-ডিষ্ট্ৰিক্ট পৰ্টেলযোগে অনলাইনযোগে আৱেদনৰ প্ৰক্ৰিয়াও আৰম্ভ কৰিছে। আজিৰ সভাত ৰঙিয়াৰ সহকাৰী আয়ুক্ত অম্লান বৈশ্যই এই প্ৰক্ৰিয়াৰ বিষয়ে সবিশেষ অৱগত কৰে। তেওঁ অৱগত কৰা অনুসৰি পূজা সমিতিসমূহে পূজাৰ স্থান, অগ্নিনিৰ্বাপক বাহিনী আৰু শক্তি বিভাগৰ আপত্তিবিহীন প্ৰমাণপত্ৰ আগতীয়াকৈ সংগ্ৰহ কৰি লোৱাৰ পাছত স্থানীয় ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ ৰাজহুৱা সেৱা কেন্দ্ৰলৈ গৈ অনুমতিৰ বাবে অনলাইনযোগে আৱেদন জনাব পাৰিব তথা যাৱতীয় প্ৰক্ৰিয়া সমাপ্ত হোৱাৰ পাছত জিলা প্ৰশাসনে জাৰি কৰা প্ৰমাণপত্ৰ নিজৰ মোবাইলৰ জৰিয়তেই ডাউনলোড কৰিব পাৰিব।

আজিৰ সভাত অতিৰিক্ত উপায়ুক্ত তথা অতিৰিক্ত আৰক্ষী অধীক্ষকে সকলো পূজা মণ্ডপতে পুৰুষ আৰু মহিলাৰ বাবে পৃথককৈ প্ৰৱেশ আৰু প্ৰস্থানৰ ব্যৱস্থা কৰাৰ লগতে পুৰুষ-মহিলা উভয়ৰে বাবে সুকীয়া প্ৰস্ৰাৱাগাৰৰ সু-ব্যৱস্থা কৰিবলৈ পূজা সমিতিসমূহলৈ আহ্বান জনায়। সেইদৰে পূজা মণ্ডপসমূহত পৰ্যাপ্ত সংখ্যক স্বেচ্ছাসেৱক নিয়োগ কৰা, নৈশ পহৰাৰ ব্যৱস্থা সুনিশ্চিত কৰা, সম্ভৱস্থলত চিচিটিভি সংস্থাপন অন্যথা ভিডিঅ’গ্ৰাফীৰ ব্যৱস্থা কৰা, মাহ-প্ৰসাদ, ভোগ আদি প্ৰস্তুতিৰ ক্ষেত্ৰত প্ৰয়োজনীয় সাৱধানতা অৱলম্বন কৰাৰ বাবে আয়োজকসকলক অনুৰোধ জনোৱা হয়। ৰাজপথ অৱৰোধ কৰি পূজা মণ্ডপ নিৰ্মাণ, যান-বাহন, ব্যৱসায়িক প্ৰতিষ্ঠান আদিৰ পৰা বলপূৰ্বক চান্দা সংগ্ৰহ, নিশাৰ ভাগত উচ্চ স্বৰত অনুভাষ যন্ত্ৰৰ ব্যৱহাৰ তথা পূজা মণ্ডপৰ আশে-পাশে সুৰা আৰু জুৱাৰ আড্ডাৰ বিৰুদ্ধে আইন অনুসৰি কঠোৰ পদক্ষেপ গ্ৰহণ কৰা হ’ব বুলিও তেওঁলোকে জানিবলৈ দিয়ে। ইয়াৰ উপৰি প্ৰত্যেক পূজা পেণ্ডেলতে কাৰ্যবাহী দণ্ডাধীশ, আৰক্ষী, অগ্নিনিৰ্বাপক বাহিনী, এম্বুলেন্স আদি অত্যাৱশ্যকীয় ফোন নম্বৰ বেনাৰযোগে প্ৰদৰ্শন কৰিবলৈ সমিতিসমূহক আহ্বান জনায়। আনহাতে প্ৰতিমা বিসৰ্জ্জনৰ নীতি-নিয়ম তথা অন্যান্য বিষয়সমূহৰ সবিশেষ আলোচনাৰ বাবে স্থানীয় পূজা সমিতিসমূহ, আৰক্ষী, স্বাস্থ্য বিভাগ আদিৰ সৈতে অহা ২০ ছেপ্টেম্বৰৰ ভিতৰত বৈঠকত মিলিত হ’বলৈ সংশ্লিষ্ট ৰাজহ চক্ৰ বিষয়াসকলক দায়িত্ব অৰ্পণ কৰা হয়।

জিলাখনত শৃংখলাবদ্ধভাৱে তথা সম্পূৰ্ণ শান্তিপূৰ্ণভাৱে শাৰদীয় দুৰ্গোৎসৱ আয়োজনৰ ক্ষেত্ৰত জিলা প্ৰশাসনে পূজা সমিতিসমূহৰ লগতে সকলো স্তৰৰ ৰাইজৰ সহায়-সহযোগিতা কামনা কৰিছে।

বাতৰি যুগুতালে ৰঙিয়াৰ পৰা দীনেশ আগৰৱালাই।

Leave A Reply

Your email address will not be published.