ৰণ্‌দিয়া শতদল সাহিত্য সভাৰ দৰে আনবোৰেও কাম কৰিলে সাহিত্য সভাৰ হৃত গৌৰৱ আকৌ উভতিব – গোপাল জালান

0 155

ৰণ্‌দিয়া শতদল সাহিত্য সভাই যিধৰণে কাম কৰি সাহিত্য সভাক গণমুখীকৰণত আগভাগ লৈ আছে তেনেকৈ যদি কমেও এশটা শাখাই কাম কৰে , তেতিয়া অসম সাহিত্য সভাৰ হৃত গৌৰৱ অতি শীঘ্ৰে ঘুৰি আহিব ৷“ এই মন্তব্য অসম সাহিত্য সভাৰ লগত ওতঃপ্ৰোতভাৱে জৰিত হৈ থকা অসমৰ বিশিষ্ট সাহিত্যিক তথা সাংস্কৃতিক কৰ্মী গোপাল জালানৰ ৷ যোৱা ১৯ ডিচেম্বৰত ৰঙিয়াৰ পূৱ ৰঙিয়া প্ৰগতি সংঘৰ সভাকক্ষত ৰণ্‌দিয়া শতদল সাহিত্য সভাৰ মাহটোৰ বিশিষ্ট অতিথিৰ আসন গ্ৰহণ কৰি এই কথা অকপতে প্ৰকাশ কৰে জালানে ৷ ৰণ্‌দিয়া সাহিত্য সভাৰ মজিয়াত অহাটো তেখেতৰ এটি সপোন আছিল আৰু সপোন সাৰ্থক হোৱাত অতিশয় আনন্দিত অনুভৱ কৰা বুলিও কয় বিশিষ্ট সাহিত্যকৰ্মীজনে ৷ তেখেতে ভ্ৰাম্যমাণৰ হলিউদ খ্যাত পাঠশালাত কটোৱা জীৱনৰ সোনালী সময়বোৰ,থিয়েটাৰ ,চিনেমা আদিৰ কথা দোহাৰে জালানে৷কথাৰ প্ৰসংগত জালানে কয় যে অসমীয়া সমাজ জীৱনত সৰহ সংখ্যকে চৰকাৰী চাকৰিমুখী হোৱাটো জাতিটোৰ বাবে দুৰ্ভাগ্য৷ব্যৱসায়ৰ যোগেদি নিৰাপত্তা অনুভৱ নকৰে চাগে অসমৰ বেছিভাগ অসমীয়াই৷ কিন্তু বৰ্তমান সময়ত সৰুকৈ হ’লেও ব্যৱসায় আৰম্ভ কৰি স্বাৱলম্বী হোৱাৰ উপৰিও আন দহজনকো সংস্থাপনত হাত দিলেহে সমাজখন আগুৱাব বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে সাহিত্যকৰ্মী তথা সফল ব্যৱসায়ী জালানে ৷ কার্যসূচীত অবিভক্ত কামৰূপ জিলা সাহিত্য সভাৰ প্ৰাক্তন সহকাৰী সম্পাদক তথা কামৰূপ (মহানগৰ) জিলা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক ডিম্বেশ্বৰ পাঠকেও আমন্ত্ৰিত অতিথি হিচাবে অংশগ্ৰহণ কৰে৷
অনুষ্ঠানটিত জালানে শাখাটিৰ গ্ৰন্থাগাৰলৈ ত্ৰিশখন অমূল্য গ্ৰন্থ উপহাৰ দিয়ে৷
সম্পাদক হেমন্ত কলিতা (হেমেন)ই আঁত ধৰা আৰু সভাপতি প্ৰতুল ভূঞাৰ আদৰণি ভাষণেৰে আৰম্ভ কৰা অনুষ্ঠানটিত জেষ্ঠ্য সাংবাদিক তাপস সমাদ্দাৰ, বিমলা দেৱী,মামনি লহকৰ,সবিতা বৰ্মন মজুমদাৰ , মুকুল ভূঞা, পংকজ পল্লৱ শৰ্মা,গয়াৰাণী ডেকা, ধুহি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ জেচিমুদ্দিন আহমেদ , ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উপাধ্যক্ষ যতিন ডেকা, সুৰভী লহকৰ ,অধিবক্তা তথা সাংবাদিক চৈয়দ মোস্তাফা আহমেদ , অভিজিত ডেকা তথা বহুকেইজন সাহিত্যানুৰাগীয়ে৷উপসভাপতি জয়ন্তজিত কলিতাই শলাগৰ শৰাই আগবঢ়োৱা অনুষ্ঠানটিৰ আৰম্ভণিতে মাহটোৰ বিশিষ্ট অতিথি গোপাল জালান আৰু আৰু ডিম্বেশ্বৰ পাঠকক প্ৰতীক সম্বলিত থলুৱা গামোচা, মানপত্ৰ আৰু মুখপত্ৰ ৰণ্‌দিয়াৰে আদৰ সম্ভাষণ জনাই শাখাটিৰ সভ্যসকলে৷

বাতৰি যুগুতালে ৰঙিয়াৰ পৰা দীনেশ আগৰৱালাই।

Leave A Reply

Your email address will not be published.