ৰ’ভাৰে প্ৰেৰণ কৰিছে মঙলৰ পৰা কলীয়া ডাৱৰৰ ছবি

0 236

আমেৰিকাৰ মহাকাশ গৱেষণা প্ৰতিষ্ঠান নাছাই শেহতীয়াকৈ মঙগল গ্ৰহক লৈ নানা পৰীক্ষা নিৰীক্ষা আৰম্ভ কৰিছে।অলপতে কিউৰি`ছিটী ৰ’ভাৰক মঙল গ্ৰহলৈ প্রেৰণ কৰা পাছত এক আশাব্যঞ্জক বতৰা কঢ়িয়াই আনিছে৷ কিয়নো কিউৰি’ছিটী ৰ’ভাৰয়ে নাছালৈ প্ৰেৰণ কৰিছে এখন মঙলৰ আকাশত থকা কলীয়া ডাৱৰ ছবি।
উল্লেখযোগ্য যে এই ছবি খন পোৱাৰ লগে লগে নাছাৰ বিজ্ঞানীসকলৰ মাজত কৌতূহলৰ সৃষ্টি কৰিছে৷ কিয়নো ৰঙাগ্রহ মঙলত পূৰ্বতে এনে ডাৱৰৰ দৃশ্য কেতিয়াও দেখা হোৱা নাছিল৷ বৈজ্ঞানিক সকলে ঠাৱৰ কৰে যে মঙল গ্রহত জীৱৰ অস্তিত্ব আছে৷সাধাৰণতে মঙলৰ আকাশত অতি সাধাৰণ শুকান মেঘৰ আৱৰণ দৃশ্যমান হৈছিল যদিও কিউৰি’ছিটী ৰ’ভাৰয়ে শেহতীয়াকৈ প্ৰেৰণ কৰা ছবিয়ে বিজ্ঞানীসকলক ভবাই তুলিছে।

Leave A Reply

Your email address will not be published.