কামৰ সৰু বৰ নাই-গুঞ্জনে নিদৰ্শন দেখুৱালে

0 257

বিশ্বত ত্ৰাসৰ সৃষ্টি কৰা ক’ৰণা ভাইৰাছে সকলোৰে জীৱনলৈ পৰিৱৰ্তন আনিছে।মানুহৰ স্বাভাৱিক জীৱন যাত্ৰাত ব্যাঘাত জন্মিছে।যাৰ ফলশ্ৰুতিত দেশৰ অৰ্থনীতি অৱস্থা নিম্নমান হোৱা লগতে সাধাৰণ খাটি খোৱা জনৰ অৱস্থা পানীত হাঁহ নচৰা হৈছে।শিল্পী কলা-কুশলী সকলো ইয়াৰ ব্যতিক্ৰম নহয়। নিজৰ ভৱিষ্যতক লৈ চিন্তিত হৈয়ে শেহতীয়াকৈ ব্যৱসায়ত নামি পৰিছে জনপ্ৰিয় অভিনেতা গুঞ্জন ভৰদ্বাজে।
উল্লেখ্য যে তেওঁ মহানগৰীত মাংস বিক্ৰীৰ জৰিয়তে জীৱন সংগ্ৰামত বৰ্তী হৈছে।জানিব পৰা মতে অসম পশুধন আৰু হাঁহ কুকুৰা নিগমৰ অনুমোদিত মাংস বিক্ৰী কেন্দ্ৰ জৰিয়তে বহু শিল্পী কলা-কুশলীয়ে উপাৰ্জন কৰি পথ পষস্ত কৰিছে।
গুঞ্জনে এই সম্পৰ্কত কয় যে মোৰ কোনো ডেলিভাৰী বয় নাই। ম‌ই নিজেই গৈ হোম ডেলিভাৰী দিও মাংস । দৈনিক প্ৰায় ১৬-২০ কিলোগ্ৰাম ছাগলী, ব্ৰ‌ইলাৰ মাংস ম‌ই গ্ৰাহকক ঘৰতে যোগান ধৰো ।লগতে কয় যে কামৰ কোনো সৰু বৰ নাই।কামত লাজ কৰিব নালাগে।জনপ্ৰিয় অভিনেতা গুঞ্জনৰ এই কাম সম্প্ৰতি আন দহ জনৰ অনুপ্ৰেৰণা উৎস হৈ পৰিছে।

Leave A Reply

Your email address will not be published.