ৰাজ্যিক ভিত্তিত শিক্ষক দিৱস উদযাপন

0 319

আজি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ৰাজ্যিক ভিত্তিত শিক্ষক দিৱস উদযাপন হয়|শিক্ষক দিৱস উপলক্ষে আয়োজিত অনুষ্ঠানত শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্ৰাচাৰ্য্যই কয় যে শিক্ষক সকলৰ সুবিধাৰ অৰ্থে অচিৰেই অভাৱ অভিযোগ দাখিল কৰিব পৰা কোষ গঠন কৰা হ’ব|শিক্ষক,অভিভাৱক,ছাত্ৰ ছাত্ৰীৰ মাজত সম্পৰ্ক দৃঢ় হ’বলৈ সময়ে সময়ে সভা অনুষ্ঠিত কৰাটো বাধ্যতামূলক কৰি তোলা হ’ব|স্কুল সমূহৰ আন্তঃগাথনি উন্নয়নৰ বাবে ৪২১ লাখ টকা আৱণ্টন দিয়াৰ কথা জানিবলৈ দিয়ে|আনহাতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে শিক্ষক দিৱসৰ মহত্ব বাখ্যা কৰি কয় যে গুৰুৰ অবিহনে কোনো ব্যক্তিয়ে সফলতা অৰ্জন কৰিব নোৱাৰে|
কৰ্মই সাধনা,কৰ্তব্যই ভগৱান|দেশ এখন সমাজ এখন সুস্থভাৱে উত্তৰণ তথা পৰিচালিত হ’বলৈ হ’লে পিতৃ মাতৃ আৰু শিক্ষাগুৰুৰ যৌথ প্ৰচেষ্টাৰ প্ৰয়োজন|মানৱীয় অনুভূতি আৰু সমন্বয়েহে সমাজ গঢ়া সম্ভৱ|অনুষ্ঠানত মুখ্যমন্ত্ৰীগৰাকীয়ে শিক্ষানুষ্ঠানত ম’বাইল নিষিদ্ধকৰণৰ সম্পৰ্কত মতপোষণ কৰে|লগতে অসমৰ বিভিন্ন জিলাৰ পৰা অহা কৃতি শিক্ষকক সমৰ্দ্ধনা জনায়|অনুষ্ঠানত শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্ৰাচাৰ্য্য,প্ৰাক্তন উপাচাৰ্য অলক কুমাৰ বুঢ়াগোহাঁই ,প্ৰীতম শইকীয়া,বিৰেন্দ্ৰ মিট্ৰালকে আদি কৰি বহু কেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে|

Leave A Reply

Your email address will not be published.