ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ আলোচনাচক্ৰ আয়োজন

0 256

মহানগৰীৰ আজাৰাস্থিত গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অফ ফাৰ্মাচিউটিকেল চাইঞ্চ (জি.আই.পি.এফ)ৰ উদ্যোগত অহা ৬ আৰু ৭ মাৰ্চত “Recent trends in diabetis research, emerging drag delivery teachnologies and novel stratages” শীৰ্ষক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ আয়োজন কৰা হৈছে বুলি যোৱা ২৫ ফেব্ৰুৱাৰীত এক সংবাদ মেল যোগে জানিবলৈ দিয়ে উদ্যোক্তাসকলে। দুদিনীয়াকৈ অনুষ্ঠিত হ’ব লগা আলোচনা চক্ৰৰ ৬ মাৰ্চৰ পুৱা উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিব অসম বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ ধীৰাজ বৰা, নেচনেল ইনষ্টিটিউট অফ ফাৰ্মাচিউটিকেল এডুকেচন এণ্ড ৰিচাৰ্জৰ সঞ্চালক ড০ ইউ এছ এম মুৰ্থি, অসম আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ অধ্যক্ষ ডা: ভৱেশ দাস, তেজপুৰস্থিত সামৰিক গৱেষণা কেন্দ্ৰৰ বিজ্ঞানী ড০ প্ৰণৱেশ চট্টোপাধ্যয় আৰু শ্ৰীমন্ত শংকৰ একাডেমী চ’ছাইটিৰ সভাপতি ৰাতুল দাস উপস্থিত থাকিব। আন্ত:ৰাষ্ট্ৰীয় আলোচনা চক্ৰখনত খ্যাতিসম্পন্ন মধুমেয় আৰু পৰিপুষ্টি বিশেষজ্ঞ ড০ বিশ্বৰূপ ৰায় চৌধুৰী প্ৰধান বক্তা হিচাপে উপস্থিত থকাৰ উপৰিও পুনেৰ ডি ৱাই পাটিল প্ৰতিষ্ঠানৰ অধ্যাপক ড০ সন্তোষ এচ ভূজবল, গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যাপক ডা: বৰ্ণালী ঠাকুৰ, ডা: অশোক কৃষ্ণ ভূঞা, বঙাইগাওস্থিত IASST ৰ বিজ্ঞানী ড০ জগত চন্দ্ৰ বৰা আৰু অজন্তা ফাৰ্মাচিউটিকেলচৰ বিপ্লৱ মিশ্ৰ সমল ব্যক্তি হিচাপে উপস্থিত থাকি মধুমেহৰ বিভিন্ন দিশত গৱেষণামুলক ভাষণ আগবঢ়াব। উক্ত আলোচনা চক্ৰখনৰ বাবে অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ লগতে দেশৰ আন আন ৰাজ্যৰ পৰা প্ৰায় তিনি শতাধিক অংশগ্ৰহণকাৰীয়ে গৱেষণা পত্ৰ উপস্থাপনৰ বাবে সাৰংশ পঠিয়াই পঞ্জীয়ন নিশ্চিত কৰিছে বুলি উদ্যোক্তাসকলে জানিবলৈ দিছে। আলোচনা চক্ৰখনী সাফল্যমণ্ডিত কৰাৰ বাবে সকলো পক্ষৰ সহায়-সহযোগিতা আগবঢ়োৱাৰ লগতে অনুষ্ঠানটিৰ সবিশেষ তথ্য www.gips_guwahati.ac.inৰ জানিব পাৰিব উদ্যোক্তাসকলে জনাইছে।

খবৰ যুগুতালে মিৰ্জাৰ পৰা জীতুমণী দাসে..

Leave A Reply

Your email address will not be published.