দুৰ্যোগ প্ৰশমনৰ আখৰা অনুষ্ঠিত

0 257

এন ডি আৰ এফ আৰু ভাৰতীয় তেল নিগম লিমিটেড ৰ যৌথ উদ্যোগত মঙলবাৰে বেতকুছিস্থিত আই অ চি এলৰ চৌহদত দুৰ্যোগ প্ৰশমনৰ এক আখৰা সম্পন্ন হয়।আখৰাত এছ ডি আৰ এফ ৰাজ্যিক অগ্নি আৰু আপদকালীন সেৱা,১০৮ মৃত্যুঞ্জয় সেৱা, আই অ চি এলৰ কৰ্মীসকলে ভাগ লয়।আনহাতে যৌথ আখৰাত তেল শোধনাগাৰ ,ৰন্ধন গেছৰ প্লাণ্ট,তেল পৰিবাহী পাইপ লাইনকে ধৰি তেনেধৰণৰ উদ্যোগিক ক্ষেত্ৰত আঞ্চলিক দুৰ্ঘটনা সংঘটিত হ’লে আক্ৰান্ত লোকক উদ্ধাৰ আৰু সাহাৰ্য্যৰ অভিযান আহতক প্ৰাথমিক চিকিৎসা প্ৰদান নিকটৱৰ্তী চিকিৎসালয়লৈ প্ৰেৰণ উদ্ধাৰ অভিযানত জৰিত বিভিন্ন বাহিনী বা কৰ্তৃপক্ষৰ মাজত সুসমন্বয় সাধন আদিৰ বিষয়ে আখৰাত প্ৰদৰ্শন কৰা হয়।যৌথ আখৰাৰ কাৰ্য্যসূচীত এন ডি আৰ এফ, এছ ডি আৰ এফ,আই অ চি এল, ১০৮সেৱা ২১৫জন লোকে ভাগ লয়।

Leave A Reply

Your email address will not be published.