আনুষ্ঠানিকভাৱে মুকলি হ’ল ট্ৰেফিক পাঠশালাৰ কাৰ্য্যসূচী

0 253

ভাৰতৰ ব্যক্তিগত খণ্ডৰ অন্যতম বিত্তীয় প্ৰতিষ্ঠান এইচ ডি এফ চি বেংকে গুৱাহাটী আৰক্ষীৰ সহযোগত ট্ৰেফিক পাঠশালা শীৰ্ষক এক কাৰ্য্যসূচী মুকলি কৰে।এই কাৰ্য্যসূচীৰ জৰিয়তে গুৱাহাটী বাসীৰ পথ সুৰক্ষা সন্দৰ্ভত পালন কৰিবলগীয়া নীতি নিয়ম সম্পৰ্কে সজাগতা প্ৰদানৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে।মহানগৰীৰ আমবাৰীত অনুষ্ঠিত হোৱা এই অনুষ্ঠানৰ কাৰ্য্যসূচী মুকলি কৰে গুৱাহাটীৰ পৰিবহন আৰক্ষীৰ উপায়ুক্ত প্ৰশান্ত শইকীয়া আৰু এইচ ডি এফ চি বেংকৰ উপাধ্যক্ষ হেমন্ত বায়নে।ট্ৰেফিক পাঠশালাৰ কাৰ্য্যসূচী মুকলি কৰি আৰক্ষী উপায়ুক্ত প্ৰশান্ত শইকীয়াই পথ সুৰক্ষাৰ কিছুমান গঠনমূলক নিয়মাৱলী সম্পৰ্কে সদৰী কৰি কয় যে বাহন চলোৱাৰ সময়ত হেলমেট, ছীটবেল্ট পৰিধান কৰিব লাগে , সংকেত, অনুশাসন মানি চলিব লাগে , ম’বাইল ফোন ব্যৱহাৰ কৰিব নালাগে ।ট্ৰেফিক পাঠশালাৰ কাৰ্য্যসূচীয়ে গুৱাহাটীৰ প্ৰধান পদসমূহ যেনে কছাৰীঘাট, পল্টন বজাৰ, আদিবাসী, চান্দমাৰীক সামৰি লোৱা হৈছে ।এই সম্পৰ্কত এইচ ডি এফ চি বেংকৰ উপাধ্যক্ষ হেমন্ত বায়ন কয় যে ট্ৰেফিক পাঠশালাৰ জৰিয়তে আমি মহানগৰীৰ জনসাধাৰণক পথ সুৰক্ষাৰ সম্পৰ্কে সজাগ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে।স্মতব্য যে এই সমগ্ৰ কাৰ্য্যসূচী ৰূপায়নত সহযোগ কৰিছে ৰেড এফ এময়ে।

Leave A Reply

Your email address will not be published.