ৰিমা দাসৰ কথাৰে

0 257

অসমৰ চলচিত্ৰ জগতলৈ সুখবৰ কঢিয়াই আনিছে ভিলেজ ৰকষ্টাৰে। অস্কাৰৰ বাবে অফিচিয়েল এণ্টি লাভ কৰাৰ পিছত পৰিচালিকা ৰীমা দাসে আজি গুৱাহাটীৰ প্ৰেছ ক্লাৱত এক সংবাদমেলৰ আয়োজন কৰে। সংবাদ মেলত ৰিমা দাসে কয় যে ছয়গাঁৱৰ কালাদিয়া নামৰ গাঁওখনৰ নিভাজ পৰিবেশক পটভূমি হিচাপে লৈ চিনেমাখন নিৰ্মাণ কৰা হৈছে। চিনেমা খন নিৰ্মাণত ব্যয় হৈছিল প্ৰায় ২০ লাখ টকা। এতিয়ালৈকে ৮০ খন ফেষ্টিভেলত চিনেমাখন প্ৰদৰ্শিত হৈছে আৰু ৩৪ টা বঁটা লাভ কৰিছে। এইক্ষেত্ৰত প্ৰকৃতি, ঈশ্বৰ আৰু সমূহ জনসাধাৰণে সহায় কৰিছে, যাৰ বাবে এই পৰ্যায় পাবলৈ সক্ষম হলো। কালিলৈ অসমৰ লগতে অসমৰ লগতে মুম্বাই, দিল্লী, হাইদৰাবাদ আদিত চিনেমা খন প্ৰদৰ্শিত হব। তেওঁ লগতে কয় যে চৰকাৰে প্ৰমোচনৰ বাবে সহযোগ কৰিলে সুখী হম। আনহাতে এই সংবাদমেলত চলচিত্ৰ পৰিচালক বাণী দাসে কয় যে ভিলেজ ৰকষ্টাৰ এটা সুন্দৰ আৰম্ভণিৰ অংশীদাৰ হওক। আহক আমি মিলি সকলোৱে সহযোগ কৰো। উল্লেখযোগ্য যে আজি মহানগৰীৰ অনুৰাধাত চিনেমাখনৰ প্ৰিমিয়াৰ শ্ব অনুষ্ঠিত হৈছে।

Leave A Reply

Your email address will not be published.