ৰিয়েলমী ফোন বজাৰত মুকলি হ’ল ৫, ৯৯৯টকাত

0 363

ভাৰতৰ অফলাইন বজাৰত আজি মুকলি হ’ল ৰিয়েলমী চি২।স্মাৰ্ট ফোনৰ অফলাইন বিপনীত অহা ১৫ জুনৰ পৰা বিক্ৰী আৰম্ভ হ’ব।আজি মহানগৰীৰ হোটেল গ্ৰেটৱেত আয়োজিত এক অনুষ্ঠানত ৰিয়েলমী ইণ্ডিয়াৰ উৎপাদন প্ৰবন্ধক নিধি ভাটিয়াই কয় যে উৎপাদনৰ বিষয়ে গ্ৰাহকক অধিক অনুভৱ আৰু সংস্পৰ্শ প্ৰদানৰ বাবে আমি অফলাইন কাৰ্যক্ৰমৰ বৃদ্ধি কৰিছো।ৰিয়েলমী চি ২ ত আছে ৬. ১ইঞ্চিৰ এইচ ডি আৰু ডিউড্ৰপ ফুল স্কীন।ৰিয়েলমীৰ বজাৰৰ মূল্য ৫, ৯৯৯টকা।ইতিমধ্যে ৰিয়েলমীয়ে বজাৰত আঠটা উৎপাদন মুকলি কৰিছে।ইয়াৰ ভিতৰত ৰিয়েলমী১, ৰিয়েলমী২, ৰিয়েলমী৩, ৰিয়েলমী ৩প্ৰ’, ৰিয়েলমী ইউ ১, ৰিয়েলমী চি ১, ৰিয়েলমী চি২।ৰিয়েলমীৰ অসমত ১৫টা সেৱা কেন্দ্ৰ আছে বুলি অনুষ্ঠানটোত প্ৰবন্ধক গৰাকীয়ে জানিবলৈ দিয়ে ।

Leave A Reply

Your email address will not be published.