পৰিবেশ বিজ্ঞানীৰ ব্যতিক্ৰমী কৰ্মই চৰ্চা লাভ কৰিছে

0 285

পৰিবেশ পাৰিপাৰ্শ্বিক অৱস্থাৰ বিষয়ে আপুনি কিমান সচেতন? পৰিবেশ সংৰক্ষণৰ বাবে কেৱল পৰিবেশ দিৱসতেহে তৎপৰ হৈ পৰে নেকি? আজি এনে এজন ব্যক্তিৰ বিষয়ে জনাব বিচাৰিছো তেখেতে সোতৰ বিপৰীতত অৱস্থান কৰি পৰিবেশৰ বাবে সদায়ে কাম কৰি আহিছে । মহানগৰীৰ হাতীগাৱৰ ডক্টৰ অমৰ জ্যোতি কাশ্যপ নামৰ ব্যক্তিজনে পৰিবেশ, পাৰিপাৰ্শ্বিক অৱস্থাৰ সুস্থতা বৰ্তাই ৰাখিবলৈ বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে।যাৰ বাবে সংবাদ শিৰোনামা দখল কৰিবলৈ সক্ষম হৈছে ।উল্লেখযোগ্য যে ডক্টৰ অমৰ জ্যোতি কাশ্যপ নামৰ পৰিবেশ বিজ্ঞানীজনে ঘৰতে পেলনীয়া জাবৰ জোথৰে সাৰ প্ৰস্তুত কৰি ঘৰৰ চাদত লাই, ভেণ্ডি, কোমোৰা, বিলাহী আদিৰ খেতি কৰিছে।মনকৰিবলগীয়া যে তেখেতে ঘৰত জৈৱিক ভাৱে উৎপাদিত ফচলৰ গঠন যথেষ্ট উন্নত।ইয়াৰ উপৰিও কাশ্যপে ঘৰৰ চাদত কৃত্ৰিম পুখুৰী প্ৰস্তুত কৰি মৎস্য পালন কৰিছে।তেখেতে এনভাইৰন নামৰ বেচৰকাৰী সংস্থাটোৰ জৰিয়তে অসমৰ বিভিন্ন অঞ্চলত কাম কৰিছে।যি সময়ত মহানগৰীৰ বজাৰত উপলব্ধ পাচলি খাই মানুহ ৰোগী হৈ পৰিছে।সেই সময়ত অমৰ জ্যোতি কাশ্যপে প্ৰস্তুত কৰা জৈৱিক কৃষি প্ৰণালীয়ে সকলোকে দৃষ্টি আকৰ্ষণ কৰিছে ।

Leave A Reply

Your email address will not be published.