ঢকুৱাখনা মহকুমা কল্যান বিভাগৰ স্মাৰ্ট ফোন বিতৰণ

0 108

লখিমপুৰ জিলাৰ ঢকুৱাখনা মহকুমাৰ কল্যান বিষয়া কাৰ্য্যালয়ৰ অন্তর্গত চাহ  আৰু প্ৰাক্তন চাহ জনজাতি উন্নয়ন বৰ্ডৰ সহযোগত মহকুমা কল্যান বিভাগৰ অধীনৰ  চাহ বাগিচাৰ চৰ্দাৰ আৰু লাইন চকীদাৰ সকলৰ মাজত সোমবাৰে স্মাৰ্ট ফোন  বিতৰণ কৰা হয়। সোমবাৰে বিয়লি ঢকুৱাখনা মহকুমাৰ মহকুমাধিপতি কাৰ্য্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত বিতৰণ অনুষ্ঠানত অতিৰিক্ত উপায়ুক্ত তথা মহকুমাধিপতি  গুৰনেইল সিং , সহকাৰী আয়ুক্ত অভিজাত বৰুৱা , মহকুমা কল্যান বিভাগৰ ভাৰপ্ৰাপ্ত বিষয়া ,সহকাৰী আয়ুক্ত মাচি তপ্ন , চাহ বাগিচাৰ অধ্যক্ষ( টি জি টি) মেগনাথ কিস্কু আদি উপস্থিত থাকে। সভাতেই মহকুমাটোৰ একমাত্ৰ বাগান মধুপুৰ চাহ বাগিচাৰ মুঠ ১৫গৰাকী চাহ বাগিচা চৰ্দাৰ আৰু লাইন চকীদাৰক চৰকাৰী ভাবে স্মাৰ্ট ফোন  বিতৰণ কৰা হয়। বিতৰণ অনুষ্ঠানত  মধুপুৰ চাহ বাগানৰ চৰ্দাৰ সকলক চৰকাৰী ভাবে আৱন্তন দিয়া এনে স্মাৰ্ট ফোনৰ উপৰিও অনাগত সময়ত বাইচাইকেল প্ৰদানৰো  আঁচনিৰাজ্য চৰকাৰে গ্ৰহণ কৰা বুলি জানিবলৈ দিয়ে। বাতৰি যুগুতালে অমৃত পৱন বৰাই ।

Leave A Reply

Your email address will not be published.