অনুমান কৰকচোন! পুৱা উঠিয়েই আপুনি চাহ একাপ হাতত লৈছে আৰু চাহ কাপত চুমুক দিব খোজোতেই চাহকাপৰ এপাহ ফুলে সম্ভাষণ জনাইছে।কিমান ভাল লাগিব বাৰু! আপোনাৰ এই অনুভৱক বাস্তৱ ৰূপ দিছে এগৰাকী উদ্যমীয়ে ।এই বিশেষ উদ্যমী গৰাকীৰ নাম ৰঞ্জিত বৰুৱা।বৰ্তমান মহানগৰীৰ বামুনীমৈদামৰ বাসিন্দা ।তেখেতৰ এৰ’মিকা বেণ্ডত এনেধৰণৰ চাহ প্ৰস্তুত হয়।আচলতে বৰুৱা নিজেই ২০বছৰ ধৰি চাহ বাগানত কৰ্মৰত আছিল।২০ বছৰ বাগানৰ চাকৰি কৰাৰ পিছত ভাবিছিল যে ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ সহায়ক হোৱাকৈ নিজাকৈ কিবা এটা কৰো আৰু তাৰ পিছতে ট্ৰেণ্ডাৰ বাৰ্ডচ টী এণ্ড ক্ৰাফট শীৰ্ষক এটা কোম্পানী গঠন কৰে।অসমৰ বিভিন্ন ঠাই যেনে মাৰ্ঘেৰিটা,ডুমডুমা,ঢেকিয়াজুলীৰ পৰা চাহ সংগ্ৰহ কৰি বেণ্ডিং কৰি বিক্ৰী কৰে।এৰ’মিকা নামৰ বেণ্ডটোৰ জৰিয়তে তেখেতে ইতিমধ্যে বিভিন্ন গ্ৰাহকক চাহ যোগান ধৰিছে।এই প্ৰক্ৰিয়াটোৰ লগত তেখেতৰ পত্নী ডলি বৰুৱাও জৰিত হৈ আছে ।এৰ’মিকা বেণ্ডত প্ৰস্তুত হোৱা ফ্লাৱাৰিং গ্ৰীণ টীয়ে চাহ উদ্যোগলৈ আশাৰ বতৰা কঢ়িয়াই আনিছে।জানিব পৰা মতে এৰ’মিকা বেণ্ডত আদা, তুলসী, লেমন গ্ৰাচ দি প্ৰস্তুত কৰা চাহও উপলব্ধ ।ফ্লাৱাৰিং গ্ৰীণ টী লাডু আকাৰত পোৱা যায়।এক ডজনৰ মূল্য ২৮৫০টকা হোৱাৰ বিপৰীতে এটা মূল্য ২৫০টকা।উল্লেখযোগ্য যে এটা ফ্লাৱাৰিং গ্ৰীণ টীৰ লাডু পৰা ২৫ কাপ চাহ খাব পাৰি ।এই চাহ ক্ৰয় কৰিবলৈ মহানগৰীৰ খ্ৰীষ্টানবস্তিস্থিত এন আৰ এলৰ চ’পিত পোৱাৰ লগতে সম্প্ৰতি এৰ’মিকা টীৰ ৱেবচাইটৰ জৰিয়তে গ্ৰাহকে ক্ৰয় কৰিছে।অসমৰ চাহ উদ্যোগত নতুন ধাৰণাৰে সংযোজিত হোৱা ফ্লাৱাৰিং গ্ৰীণ টীয়ে নিসন্দেহে ন মাত্ৰা প্ৰদান কৰিব। সংগীতা শইকীয়া । সম্পাদক এন ই ফ’কাচ ডট কম।
Trending
- এন এফ ৰেলৱে এম্পলইজ ইউনিয়নৰ উদ্যোগত মালিগাঁৱত “হেঁপাহৰ ভোগালী” শীৰ্ষক অনুষ্ঠান
- আজি ইউনেস্ক’ৰ মুখ্য কাৰ্যালয়ত চৰাইদেউ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ প্ৰমাণ পত্ৰ গ্ৰহণ
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ সৰ্বভাৰতীয় আন্তঃমণ্ডল গুৱাহাটী ক্ৰিকেট প্ৰতিযোগিতাত পশ্চিম মণ্ডল চেম্পিয়ন
- মহানগৰীত ৰাষ্ট্ৰীয় পথ-সুৰক্ষা মাহৰ ব্যতিক্ৰমী অনুষ্ঠান পৰিবহণ বিভাগৰ
- কটন কলেজিয়েট চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কেৰিয়াৰ সজাগতা সভা
- চাকৰি এৰি ব্যৱসায়েৰে স্বাৱলম্বিতাৰ নিদৰ্শন দেখুৱাইছে প্ৰশান্তমণিয়ে
- সৰ্বভাৰতীয় অসামৰিক সেৱাৰ বেডমিণ্টন প্ৰতিযোগিতাত অসমৰ সোণ আৰু ব্ৰঞ্জৰ পদক লাভ
- Bureau of Indian Standards Celebrates 78th Foundation Day at Guwahati
- বাংলাদেশৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তত এটা বছৰত ৬,৫১৯ টা গৰু জব্দ , ৯৭ জন ভাৰতীয় আৰু ৩৬ জন বাংলাদেশী চোৰাং কাৰবাৰীক গ্ৰেপ্তাৰ বি এছ এফৰ গুৱাহাটী ফ্ৰন্টিয়াৰৰ
- ৫ জানুৱাৰীত ১৩ সংখ্যক বেদান্ত বাচস্পতি ৰাধানাথ ফুকন স্মাৰক বক্তৃতা