Brothersৰ উদ্যোগত ডক্টৰ দিব্যজ্যোতি শইকীয়াৰ নেতৃত্বত মাজুলীত দীৰ্ঘম্যাদী গ্ৰাম্য নিৰ্মাণ অভিযান

0 264

স্বচ্ছতা, জৈৱিক কৃষি, বয়ন শিল্পৰ লগতে বাঁহ,কাঠ আৰু বেতেৰে সামগ্রী নিৰ্মান কৰাৰ উপৰিও প্ৰকৃত গুণগত শিক্ষাৰ দ্বাৰা ব্যৱহাৰিক দিশত এখোজ আগুৱাই মাজুলীৰ চেলেক, চেলেক চেঁচাচুক আৰু পুৰণা চাপৰি সামৰি তিনিওখন গাওঁৰ জীৱন প্ৰণালী উন্নত মানৰ কৰি আত্মনিৰ্ভৰশীলতাৰে গঢ়ি তুলি নিশ্চিতভাৱে ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সমাদৰ লাভ কৰিবলৈ সক্ষম হব। এই বক্তব্য বিশ্ব সংসদ সন্থাৰ আন্তৰ্জাতিক সদস্য, অৰ্ধশতাধিক ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটা প্ৰাপক, ৰাষ্ট্ৰীয় পৰ্যায়ৰ মানৱ অধিকাৰ তথা সমাজ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াৰ।
২৪জানুৱাৰীত ৰাষ্ট্ৰীয় পৰ্যায়ৰ সামাজিক সংগঠন Brothers ৰ উদ্যোগত তথা Brothers ৰ সচিব প্ৰধান ডঃ দিব্যজ্যোতি শইকীয়াৰ নেতৃত্বত মাজুলীৰ চেলেক, চেলেক চেঁচাচুক, আৰু পুৰণা চাপৰিকলৈ তিনিওখন গাওঁৰ চাৰি শতাধিক ঘৰ সামৰি স্বচ্ছ, জৈৱিক আৰু আত্মনিৰ্ভৰ গ্ৰাম্য নিৰ্মাণৰ জৰিয়তে উন্নত জীৱন প্ৰণালীৰে দেশৰ ভিতৰতে পৰিষ্কাৰ আৰু সবল গাঁও হিচাপে নিৰ্মাণৰ হেতু শুভাৰম্ভ কৰা হয়। চেলেক গাৱত ফিটা কাটি হাতত ঝাড়ুলৈ শুভাৰম্ভ কৰে মাজুলীৰ বিবেকানন্দ বিদ্যালয়ৰ অধ্যক্ষ নীলকান্ত পেগুৱে। নীলকান্ত পেগু, স্থানীয় সমাজকৰ্মী ললিত কুলী আৰু গ্ৰাম্য নিৰ্মান অভিযানৰ মুখ্য আহ্বায়ক ডঃ দিব্যজ্যোতি শইকীয়াৰ লগতে শতাধিক পুৰুষ মহিলাই হাতত বাঁহৰ ঝাড়ুলৈ গাৱৰ পথৰ উপৰিও খেল পথাৰ আৰু ৰাজহুৱা স্থান পৰিষ্কাৰ কৰে। পৰিষ্কাৰ পৰ্বৰ পিছতেই, মীগাং দলে আৰু দেৱকান্ত পাতিৰৰ নেতৃত্বত Brothers ৰ সদস্য সকলে দুই শতাধিক বৃক্ষ ৰোপন কৰে। বৃক্ষ ৰোপনৰ পিছতেই সমাজকৰ্মী ললিত কুলিৰ সভাপতিত্বত অনুষ্ঠিত ৰাজহুৱা সভাত গ্ৰাম্য নিৰ্মাণ অভিযানৰ লক্ষ্য আৰু উদ্দেশ্য সন্দৰ্ভত বিস্তৃত বাখ্যা আগবঢ়াই গ্ৰাম্য নিৰ্মান অভিযানৰ মুখ্য আহ্বায়ক, বিশ্ব মানৱধিকাৰ সুৰক্ষা পৰিষদৰ আন্তঃৰাষ্ট্ৰীয় সদস্য ডঃ দিব্যজ্যোতি শইকীয়াই কয় যে এই অভিযান এক দীর্ঘম্যাদী অভিযান। এই দীৰ্ঘম্যাদী অভিযান কেৱল এই অঞ্চল বা মাজুলীতেই যে এক নতুন দিগন্তৰ সূচনা কৰিব এনে নহয়।এই অভিযানৰ ফলত দেশ তথা বিদেশতও এই অঞ্চলৰ ইতিবাচক দিশ সমূহে প্ৰভাৱ বিস্তাৰ কৰিব।
সভাত শিক্ষাবিদ নীলকান্ত পেগু, এম এ চি ৰ প্ৰাক্তন সদস্য ৰঞ্জনা দলে, Borothers ৰ মীগাং দলে আদি লোকসকলে ডঃ দিব্যজ্যোতি শইকীয়াৰ প্ৰচেষ্টাক ভূয়সী প্ৰশংসা কৰে।

Leave A Reply

Your email address will not be published.