সীমান্ত নিৰাপত্তা বাহিনী চমুকৈ বিএছএফৰ আজাৰা পাটগাওস্থিত গুৱাহাটী ফ্ৰণ্টিয়াৰৰ মুখ্য কাৰ্য্যালয়ৰ চৌহদৰ নৱনিৰ্মিত খেল পথাৰত ৩০ অক্টোবৰৰ সন্ধিয়াৰ পৰা নিশালৈ এখন বাৰেৰহণীয়া দীপাৱলী মেলা অনুষ্ঠিত হয়। বিএছএফ গুৱাহাটী ফ্ৰণ্টিয়াৰ আৰু প্ৰথম এন ডিআৰএফ বেটেলিয়ানৰ বহু সংখ্যক বিষয়া জোৱান আৰু তেওঁলোকৰ পৰিয়ালৰ লোকৰ উপস্থিতিত সন্ধিয়া দীপাৱলী মেলাখন উদ্বোধন কৰে বিএছএফ গুৱাহাটী ফ্ৰণ্টিয়াৰৰ মহাপৰিদৰ্শক পীযুষ মৰডিয়াই। এই উপলক্ষে অনুষ্ঠিত চমু অনুষ্ঠানত মহাপৰিদৰ্শক পীযুষ মৰডিয়াই দীপাৱলী মেলাই চৌহদত থকা বিএছএফ আৰু প্ৰথম এন ডি আৰ এফৰ বাহিনীৰ বিষয়া জোৱানসকলৰ পৰিয়ালৰ লোকসকলক পাৰস্পৰিক ভাব বিনিময়ৰ লগতে তেওঁলোকৰ মাজত থকা সাংস্কৃতিক প্ৰতিভা মানুহ বিকশিত কৰি তোলাত সহায়ক হ’ব বুলি আশা ব্যক্ত কৰে। আনহাতে দীপাৱলী মেলাৰ লগত সংগতি ৰাখি স্বাস্থ্য শিবিৰ খাদ্য শিবিৰ অত্যাধুনিক প্ৰযুক্তিৰে নিৰ্মিত দ্ৰোণৰ উৰণ প্ৰথম এন ডি আৰএফৰ উদ্ধাৰ আৰু সাহাৰ্য অভিযানৰ সময়ত আক্ৰান্ত লোকসকলক উদ্ধাৰ কাৰ্যত ব্যৱহৃত শেহতীয়া প্ৰযুক্তিৰ সা-সজুলি সমূহ বিপনীত প্ৰদৰ্শন কৰা হয়। ইয়াৰ উপৰিও নিশাৰ ভাগত অনুষ্ঠিত সাংস্কৃতিক কাৰ্য্যসূচী বিএছএফ আৰু প্ৰথম এন ডিআৰএফ বাহিনীৰ কেইবাগৰাকী বিষয়া জোৱানৰ লগতে পৰিয়ালৰ লোকসকলৰ শিশুৱে নৃত্য-গীত পৰিবেশন কৰি আপ্লুত কৰে।
Trending
- ২০০ খন বিছনাযুক্ত ওদালগুৰি জিলা অসামৰিক চিকিৎসালয় পৰিদৰ্শন- মন্ত্ৰী অশোক সিংহলৰ
- শাওণ মাহৰ প্ৰথমটো সোমবাৰত বোলবোম উপলক্ষে ভীমাশংকৰত হাজাৰ হাজাৰ ভক্তৰ সমাগম
- ইণ্ডিয়া-এআই মিছন : অসমৰ ৫ শিক্ষানুষ্ঠানত স্থাপন হ’ব কৃত্ৰিম বুদ্ধিমত্তাৰ ডাটা লেব
- ফৰ্টিফাইড চাউলৰ সজাগতামূলক সংবাদ মাধ্যমৰ কৰ্মশালা
- অসম সাংস্কৃতিক ন্যাসৰ পাঁচদিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি
- চিন্তাবিদ – সমালোচক ডঃ হীৰেন গোঁহাইসহ চাৰিগৰাকী সাহিত্যিক- শিল্পীলৈ সাহিত্য সাধনা মঞ্চ অসমৰ সন্মান
- চিত্ৰশিল্পী-কবি ৱাহিদা আহমেদৰ কাব্যগ্ৰন্থ এশ বিয়োগ এক উন্মোচন
- জ্ঞানমালিনী সাহিত্য সভাৰ আজীৱন সভ্য ভৰ্ত্তি অভিযান
- এয়াৰটেলৰ গ্ৰাহকৰ বাবে বিশেষ সুবিধা
- সাংসদ গৌৰৱ গগৈৰ দাবীৰ প্ৰতি সঁহাৰি ৰেলৱে বোৰ্ডৰ -ডুমডুমা ৰেলৱে ষ্টেচন পুনৰ মুকলি কৰি যাত্ৰী সংৰক্ষণ ব্যৱস্থা(passenger reservation system) স্থাপনৰ দাবীক মান্যতা