সীমান্ত নিৰাপত্তা বাহিনী চমুকৈ বিএছএফৰ আজাৰা পাটগাওস্থিত গুৱাহাটী ফ্ৰণ্টিয়াৰৰ মুখ্য কাৰ্য্যালয়ৰ চৌহদৰ নৱনিৰ্মিত খেল পথাৰত ৩০ অক্টোবৰৰ সন্ধিয়াৰ পৰা নিশালৈ এখন বাৰেৰহণীয়া দীপাৱলী মেলা অনুষ্ঠিত হয়। বিএছএফ গুৱাহাটী ফ্ৰণ্টিয়াৰ আৰু প্ৰথম এন ডিআৰএফ বেটেলিয়ানৰ বহু সংখ্যক বিষয়া জোৱান আৰু তেওঁলোকৰ পৰিয়ালৰ লোকৰ উপস্থিতিত সন্ধিয়া দীপাৱলী মেলাখন উদ্বোধন কৰে বিএছএফ গুৱাহাটী ফ্ৰণ্টিয়াৰৰ মহাপৰিদৰ্শক পীযুষ মৰডিয়াই। এই উপলক্ষে অনুষ্ঠিত চমু অনুষ্ঠানত মহাপৰিদৰ্শক পীযুষ মৰডিয়াই দীপাৱলী মেলাই চৌহদত থকা বিএছএফ আৰু প্ৰথম এন ডি আৰ এফৰ বাহিনীৰ বিষয়া জোৱানসকলৰ পৰিয়ালৰ লোকসকলক পাৰস্পৰিক ভাব বিনিময়ৰ লগতে তেওঁলোকৰ মাজত থকা সাংস্কৃতিক প্ৰতিভা মানুহ বিকশিত কৰি তোলাত সহায়ক হ’ব বুলি আশা ব্যক্ত কৰে। আনহাতে দীপাৱলী মেলাৰ লগত সংগতি ৰাখি স্বাস্থ্য শিবিৰ খাদ্য শিবিৰ অত্যাধুনিক প্ৰযুক্তিৰে নিৰ্মিত দ্ৰোণৰ উৰণ প্ৰথম এন ডি আৰএফৰ উদ্ধাৰ আৰু সাহাৰ্য অভিযানৰ সময়ত আক্ৰান্ত লোকসকলক উদ্ধাৰ কাৰ্যত ব্যৱহৃত শেহতীয়া প্ৰযুক্তিৰ সা-সজুলি সমূহ বিপনীত প্ৰদৰ্শন কৰা হয়। ইয়াৰ উপৰিও নিশাৰ ভাগত অনুষ্ঠিত সাংস্কৃতিক কাৰ্য্যসূচী বিএছএফ আৰু প্ৰথম এন ডিআৰএফ বাহিনীৰ কেইবাগৰাকী বিষয়া জোৱানৰ লগতে পৰিয়ালৰ লোকসকলৰ শিশুৱে নৃত্য-গীত পৰিবেশন কৰি আপ্লুত কৰে।
Trending
- বি বৰুৱা কলেজ (স্বশাসিত)ৰ ৮৪সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন
- মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু ক্ৰিকেটৰ তাৰকা সুনীল গাভাস্কাৰে মুকলি কৰিলে গুৱাহাটী আন্ত:ৰাষ্ট্ৰীয় মাৰাথন
- ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠিত
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud