DRDOৰ 2-DG দৰৱ প্ৰস্তুতৰ আঁৰত অসমীয়া বিজ্ঞানী

0 387

ক`ভিড মহামাৰীৰ সমান্তৰালভাৱে চৰ্চিত হৈছে ক’ভিডৰ বিভিন্ন দৰৱৰ বিষয়ে। কাৰণ ক’ভিড মহামাৰীক প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত ঔষধৰ বহু ভূমিকা আছে। এই ক্ষেত্ৰত 2- DG নামৰ দৰৱবিধ প্ৰস্তুত কৰাৰ আঁৰত আছে এগৰাকী অসম সন্তান। কৰিমগঞ্জৰ জুবিলী পুৰকায়স্থ নামৰ যুৱতী গৰাকীয়ে DRDO (Defence Research And Development Organisation)ৰ অধীনত INMAS (Institute Of Nuclear Medicine And Allied Sciences)ৰ এটি দলৰ লগত মিলিত হৈ ঔষধ প্ৰস্তুত কৰিছে। ৪৪ নং মহিষাসন প্ৰাথমিক বিদ্যালয়ৰ পৰা শিক্ষা গ্ৰহণ কৰি পাতু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা মেট্ৰিকত উত্তীৰ্ণ হৈছিল। তাৰ পাছত কৰিমগঞ্জ মহাবিদ্যালয়ৰ পৰা বিজ্ঞান শাখাত স্নাতক ডিগ্ৰী লাভ কৰি জুবিলী পুৰকায়স্থ ভৰ্তি হৈছিল যোৰহাটস্থিত Regional Research Laboratory(RRL)ত আৰু তাতেই ‌ডিগ্ৰী সমাপ্ত কৰি DRDOৰ Defence Research Laboratoryত এগৰাকী বিজ্ঞানী হিচাপে কৰ্মৰত আছিল। উল্লেখযোগ্য যে জুবিলী মাকৰ লগত দিল্লীত থাকে।

Leave A Reply

Your email address will not be published.