আজি আনুষ্ঠানিকভাৱে মুকলি হ’ল অসম ৰাজ্যিক পৰিবহন নিগমৰ ১৫ খন বৈদ্যুতিক বাছ সেৱা । বাছকেইখন আনুষ্ঠানিকভাৱে মুকলি কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে গুৱাহাটী চহৰক কেৱল উত্তৰ পূৱৰ দুৱাৰ মুখ হিচাপে ৰখাই নহয় দক্ষিণ পূৱ এছিয়াৰ দুৱাৰ মুখত পৰিণত কৰাৰ প্ৰচেষ্টা চলাইছো। ইয়াৰ বাবে পৰিস্কাৰ, স্বাস্থ্যকৰ চহৰ হিচাপে গঢ়ি তোলা বাবে চেষ্টা কৰিছো। প্ৰদূষণ মুক্ত পৰিবেশ গঢাৰ প্ৰথম পদক্ষেপ হিচাপে ইলেকট্ৰনিক বাছ সেৱা আৰম্ভ কৰিছো। জৈৱ বৈচিত্ৰ সংৰক্ষণৰ বাবে ফ্ৰাণ্স চৰকাৰে অসমক ৫০০ কোটি আগবঢ়োৱাৰ কথা জানিবলৈ দিয়ে। উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকি পৰিবহন মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে কয় যে হাঙ্গাৰী এটা মেনুফেক্সাৰিং কোম্পানী প্ৰতিষ্ঠাৰ যো-জা চলি আছে। ইতিমধ্যে ONGC চেক্টৰেও সহযোগিতা আগবঢ়াইছে। উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকি অসম পৰিবহন নিগমৰ পৰিচালন সঞ্চালক আনন্দ প্ৰকাশ তিৱাৰীয়ে কয় যে ইতিমধ্যে ডিব্ৰুগড়ত এই প্ৰকল্পৰ কাম আৰম্ভ হৈছে। উল্লেখ্য যে ২০১৩ চনতেই ভাৰত চৰকাৰে এই প্ৰকল্প হাতত লৈছিল । ৫ খন ৰাজ্যৰ লগতে সম্প্ৰতি অসমত এই প্ৰকল্প কাৰ্যকৰী হৈছে। এই প্ৰকল্প সম্পূৰ্ণ কাৰ্য্যকৰীকৰণৰ বাবে কেন্দ্ৰীয় চৰকাৰে ৬০% আৰু ৰাজ্য চৰকাৰে ৪০% ব্যয় কৰিছে। আগন্তুক দিনত যোৰহাটত ২৫ খন, শিলচৰত ২৫ খন আৰু কামৰূপত ৫০ খন বাছ সেৱা প্ৰৱৰ্তন কৰিব বুলি জানিব পৰা গৈছে।উদ্বোধনী অনুষ্ঠানত বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
Trending
- ২০২৫-২৬বিত্তীয় বৰ্ষৰ অন্তিম মাহ! মাৰ্চত আশীৰ্বাদ মাহৰ কাৰ্যসূচী পৰিবহণ বিভাগৰ
- গুৱাহাটী কপাঁলে অগপই, সংকল্প সমাৰোহত কেইবা সহস্ৰাধিকৰ উপস্থিতি সুৰক্ষিত আৰু বিকশিত অসমৰ দায়বদ্ধতা প্ৰকাশ অগপ সভাপতি অতুল বৰাৰ
- কাঁহিকুছিত তিনিদিনীয়া কৃষি পাম প্ৰশিক্ষণ শিবিৰৰ সামৰণি
- কামৰূপ মহানগৰ জিলাত ভূমি পট্টা বিতৰণ
- উত্তৰ পূব ভাৰত স্বচ্ছ শক্তি সন্মিলন অনুষ্ঠিত
- টপচেম চিমেণ্টৰ নৱম সংখ্যক বিনামূলীয়া চকু পৰীক্ষা শিবিৰ আৰম্ভ
- অসম পশুধন নিগমৰ উদ্যোগ খানাপাৰত বানিজ্যিক কেন্দ্ৰ মুকলি
- NECTAR Celebrates National Science Day 2026 with Student Innovation Exhibition in Shillong
- বটদ্রৱাত শ্রীশ্রীকৃষ্ণৰ দৌল যাত্ৰা মহোৎসৱৰ ব্যাপক প্রস্তুতি সন্দৰ্ভত সংবাদমেল
- বাঁহৰ আ অলংকাৰ প্ৰশিক্ষণ আৰু গৱেষণা প্ৰতিষ্ঠান মুকলি