শোণিতপুৰৰ অসম অৰুণাচল সীমান্তৱৰ্তী চাৰিদুৱাৰৰ সীমান্ত মিলন সংঘত আজি ভাৰতীয় সেনাবাহিনীৰ ১০৬ নং ৰেজিমেন্টৰ উদ্যোগত অঞ্চলটোৰ যুৱকসকলৰ মাজত দুমহীয়া সামৰিক বাহিনীত মকৰল বিষয়ত প্ৰশিক্ষণ কাৰ্যসূচী শুভাৰম্ভ কৰা হয় । অনুষ্ঠানটোত বিশিষ্ট অতিথি হিচাপে চতিয়া বিধানসভা সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা, অসম সেনাৰ জিলা সংগঠক ৰাজনীশ শইকীয়া, চাৰিদুৱাৰ বালিপৰা জিলা পৰিষদৰ বিষয়ববীয়া, চাৰিদুৱাৰ আৰু লোক্ৰা গাঁও পঞ্চায়তৰ জনপ্ৰতিনিধি, ভালেমান সমাজকৰ্মী, ভাৰতীয় সেনাবাহিনীৰ অৱসৰপ্ৰাপ্ত বিষয়া, সৈন্য, একাংশ শিক্ষক শিক্ষয়িত্ৰী, শিক্ষাৰ্থী, অনুষ্ঠান অনুষ্ঠিত কৰা সেনা বেটেলিয়ানটোৰ সেনা বিষয়া, সেনা জোৱান , অঞ্চলটোৰ ভালেমান যুৱক-যুৱতী উপস্থিত থাকে । অনুষ্ঠানত উপস্থিত থাকি চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাই সংবাদ মাধ্যমক কয় যে সেনাবাহিনীয়ে কৰ্ম সন্ধানী যুৱক-যুৱতীসকলৰ বাবে সামৰিক বাহিনীত মকৰল বিষয়ত জ্ঞানবৰ্ধক তথা প্ৰস্তুতি বিষয়ক এনেধৰণৰ প্ৰশিক্ষণ কাৰ্যসূচীয়ে যুৱক-যুৱতীসকলক যথেষ্ট পৰিমাণে লাভান্বিত কৰিব । লগতে, এনেধৰণৰ পদক্ষেপে যুৱক-যুৱতী আৰু ৰাইজৰ মাজত সংস্থাপন আৰু স্বাস্থ্য সচেতনতাও বৃদ্ধি কৰিব । উল্লেখ্য যে, সামৰিক বাহিনীয়ে চাৰিদুৱাৰত এনেদৰে বিগত পাঁচ বছৰ ধৰি অনুষ্ঠান অনুষ্ঠিত কৰি আহিছে ।
Trending
- উন্নয়নমূলক সাংবাদিকতাৰ বাৰ্তা বাহক এন ই ফ’কাচ ডট কমে অতিক্রম কৰিলে সম্পূর্ণ ১০ বছৰ
- APRINS Launches Post-Flood Livelihood Restoration Initiative for Affected Families in Garmur Miri
- বন্দে মাতৰম ধ্বনিৰে মুখৰিত আকাশ – বতাহ – ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণৰ উদ্যোগত বৰঝাৰত ৱাকাথন আৰু ত্ৰিৰংগা বাইক ৰেলী
- গুৱাহাটী বিশ্ববিদ্যালয়ত নৱাগত স্নাতকোত্তৰ শিক্ষাৰ্থী
- Assam Down Town University Holds an Interactive Session on Graphology Analysis
- Finance Minister Jayanta Mallabaruah Inspects Erosion Affected Jamuguri in Bihpuria- Directs Long-Term Protective Measures
- Minister Kaushik Rai Steps Up Efforts to Prevent Urban Flooding in Guwahati
- তামুলপুৰৰ নিৰ্মীয়মাণ মেডিকেল কলেজ আৰু নলবাৰী চিকিৎসা মহাবিদ্যালয় পৰিদৰ্শন স্বাস্থ্যমন্ত্ৰী অশোক সিংহলৰ
- NECTAR Inaugurates Common Facility Centre under PM-DevINE Scheme at Boko, Assam
- গুৱাহাটী বিশ্ববিদ্যালয়ত নিচামুক্ত যুৱকৰ দ্বাৰা বিকশিত ভাৰত সংকল্প অভিযান অনুষ্ঠিত