কৃষি, মীন তথা পশুপালনৰ ক্ষেত্ৰত কৃষক সকলক উৎসাহিত কৰা তথা বৈজ্ঞানিক দৃষ্টিভংগীৰে কৃষক সকলক সকলো বিভাগৰ আঁচনি সমূহ বিষয়ে জনোৱাৰ উদ্দেশ্যে সমন্বিত সমবায় প্ৰকল্পৰ অন্তৰ্গত কৃষক সমাৰোহ অনুষ্ঠিত হয়। পোন প্ৰথম বাৰৰ বাবে কলাক্ষেত্ৰত অনুষ্ঠিত হোৱা সমাৰোহ খনত ৰাজ্যৰ বিভিন্ন বিভাগীয় আমোলা, প্ৰশাসন, নীতি নিৰ্দ্ধাৰকৰ লগতে বহু কেইগৰাকী বিষয়ববীয়া উপস্থিত আছিল। উক্ত কৃষি সমাৰোহত মুখ্য অতিথি তথা অসম চৰকাৰৰ অতিৰক্ত মুখ্য সচিব মাননীয় কে কে মিট্ৰালে কৃষক সকলক উপকৃত হ’ব পৰাকৈ থকা সুবিধাৰ সন্দৰ্ভত মন্তব্য কৰে। উল্লেখযোগ্য যে ২০১৪ চনত সমাজৰ অৰ্থনৈতিক উন্নয়নৰ অৰ্থে জন্ম লাভ কৰা সমবায়ে ইতিমধ্যে ৩০০ কৃষকক সামৰি লৈছে। পৰৱৰ্ত্তী সময়ত সুলভ মূল্যত গুণগত মানদণ্ড অক্ষুন্ন ৰাখি মহানগৰীৰ ঘৰে ঘৰে দুগ্ধ, মীন, শাক-পাচলি যোগান ধৰাটো লক্ষ্য ৰাখিছে। উল্লেখযোগ্য যে আজিৰ কৃষি সমাৰোহখনত বিভিন্ন বিশেষজ্ঞসকলে কৃষক সকলক কি দৰে সুসংহত ভাবে কৃষি পদ্ধতি তথা মীন পালন কৰিব পাৰি সেই বিষয়ে আলোকপাত কৰে। স্মতৰ্ব্য যে সমন্বিত সমবায় প্ৰকল্পৰ অধীনত অসম পাচলি উৎপাদক সমবায় সমিতিৰ মুখ্য কাৰ্য্যবাহী বিষয়া ৰাহুল আমিনে গ্ৰহণ কৰা পদক্ষেপে কৃষক সকললৈ আশা ৰেঙনি কঢ়িয়াই আনিছে।
Trending
- SEBI and NSE Join Forces to Protect Investors from Financial Frauds
- ৰাজ্যৰ জলসিঞ্চন বিভাগৰ শীৰ্ষ বিষয়া,মুখ্য অভিযন্তাৰে মন্ত্ৰী অশোক সিংহলৰ পৰ্যালোচনা বৈঠক
- মৰিধল মহাবিদ্যালয়ত মনোজ্ঞ কাৰ্মশালা
- বন ভূমি অধিকাৰ আইন,২০০৬ ৰ অধীনত ভূমিৰ স্বত্ব প্ৰমাণ পত্ৰ প্ৰদান অনুষ্ঠানত অংশ গ্ৰহন কৰেলে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ,জলসিঞ্চন মন্ত্ৰী অশোক সিংহলে
- গুৱাহাটীত আই এছ ভি আই আৰৰ উত্তৰ পূব অধ্যায়ৰ মধ্য কালীন অধিবেশন ২০২৫ মুকলি কৰে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংহলে
- ২০০ খন বিছনাযুক্ত ওদালগুৰি জিলা অসামৰিক চিকিৎসালয় পৰিদৰ্শন- মন্ত্ৰী অশোক সিংহলৰ
- শাওণ মাহৰ প্ৰথমটো সোমবাৰত বোলবোম উপলক্ষে ভীমাশংকৰত হাজাৰ হাজাৰ ভক্তৰ সমাগম
- ইণ্ডিয়া-এআই মিছন : অসমৰ ৫ শিক্ষানুষ্ঠানত স্থাপন হ’ব কৃত্ৰিম বুদ্ধিমত্তাৰ ডাটা লেব
- ফৰ্টিফাইড চাউলৰ সজাগতামূলক সংবাদ মাধ্যমৰ কৰ্মশালা
- অসম সাংস্কৃতিক ন্যাসৰ পাঁচদিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি