থোৰতে মাজুলীৰ ছবি

0 360

সমাগত ৰাস মহোৎসৱ।সত্ৰ নগৰী মাজুলীত উখল মাখল পৰিবেশ ।নিমাতি ঘাটতোও দেখা গ’ল ৰাস মহোৎসৱলৈ আদৰাৰ প্ৰস্তুতি ।সত্ৰীয়া সংস্কৃতিৰে জীপাল মাজুলীত বিভিন্ন ঠাইত ৰাসৰ প্ৰস্তুতি চলাইছে ।কিন্তু পূৰ্বৰ বছৰতকৈ অতিথি, পৰ্যটকৰ আগমন হোৱা কমকৈ পৰিলক্ষিত হৈছে।ইয়াৰ মূল কাৰণ জানিব বিচৰাত এজন ব্যক্তিয়ে এনেদৰে কয়-মাজুলীৰ ৰাস পৃথিৱী বিখ্যাত ।ৰাসৰ নৃত্য, গীতৰ সুকীয়া মাদকতা আছে।আজি কালি ৰাস সকলো ঠাইতে হয়, সেয়েহে অতিথিৰ সংখ্যা কমিছে।পিছে মাজুলীবাসীয়ে নিজৰ পৰম্পৰা, ঐতিহ্য পৰম্পৰা সদায় জীয়াই ৰাখিব।কাৰণ মাজুলীৰ ৰাসৰ সুকীয়া বৈশিষ্ট্য আছে ।বৃক্ষ ৰোপনৰে সুকীয়া পৰিচয় জিনিছে খাজানপাৰা গাঁওবাসীয়ে।অঞ্চলটোৰ প্ৰায় বোৰ মানুহৰ ঘৰৰ সন্মুখত পৰিলক্ষিত হ’ল একোজোপাকৈ বৃক্ষ।উন্নয়ন হৈছে মাজুলীৰ বাট পথ।পঞ্চায়ত নিৰ্বাচনৰ এক পৰিবেশো মাজুলীত পৰিলক্ষিত হ’ল।ব্ৰহ্মপুত্ৰ খন পূৰ্বৰ তুলনাত শুকাইছে।শুকান বালিস্বতে নৈপৰীয়াবাসীলৈ অশনি সংকেত কঢ়িয়াইছে।গৰিষ্ঠ সংখ্যক দাবী ফেৰী নহয়, দলং লাগে ।এয়া আছিল মাজুলীৰ দুখৰীয়া ছবি।

Leave A Reply

Your email address will not be published.