দেৱী পূজাৰ বিশেষ দিন-নৱমী পূজা

0 466

কেলেণ্ডাৰৰ তথ্য ভিত্তিত আজি দিনটোৱে বিশেষ তাৎপৰ্য্য বহন কৰিছে।আজি নৱমী।দুৰ্গাপূজাৰ নৱমটো দিন।দুৰ্গাপূজাৰ প্ৰতিটো দিনতে বিভিন্ন ৰূপত দেৱীক পূজা কৰা হয়।নৱৰাত্ৰীক দেৱীৰ ৯নং অৱতাৰ হিচাপে ধৰা হয়।নৱৰাত্ৰীত সিদ্ধিদাত্ৰীক পূজা কৰা হয়।সাধাৰণতে নৱৰাত্ৰী আহিন মাহৰ শুক্লা পক্ষত পালিত হয়।এই বৰ্ষত ১০ অক্টোবৰৰ পৰা ১৮ অক্টোবৰলৈ ৯ ৰাতি ১০দিন নৱৰাত্ৰী।ধৰ্মীয় গ্ৰন্থত উল্লেখ থকা অনুসৰি মহাদেৱ শিৱই নৱৰাত্ৰী দিনা সিদ্ধি লাভ কৰিছিল।ভক্ত সকলে সুখ,সমৃদ্ধি,স্বাস্থ্যৰ বাবে নৱৰাত্ৰী ব্ৰত ৰখা পৰিলক্ষিত হয়।আচলতে নৱৰাত্ৰীক ঠাই বিশেষে উৎসৱ হিচাপে পালন কৰা হয়।সেয়ে দেশৰ লগতে বিদেশটো ধৰ্মীয় পৰিধি ভাঙি এই উৎসৱ উদযাপিত হয়।

Leave A Reply

Your email address will not be published.