
গছ গছনিয়ে প্ৰকৃতিৰ ভাৰসাম্যতা বজাই ৰাখে। গছ থাকিলেহে এই ধৰাত জীৱ বৰ্তি থকাটো সম্ভৱ। সেয়েহে আমাৰ পাৰিপাশ্বিক অৱস্থাটো সেউজ কৰি ৰাখিবলৈ যত্ন কৰিব লাগে। এই সমূহ কথাৰে ইংগিত বহন কৰিলে সমগ্ৰ দেশ জুৰি উদযাপিত বিশ্ব পৰিবেশ দিৱসে। আজি ৫ জুন, বিশ্ব পৰিবেশ দিৱস। এই দিবস উপলক্ষ্যে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে গছ পুলি ৰোপনৰ বিভিন্ন কাৰ্য্যসুচী গ্ৰহণ কৰাৰ খবৰ আমালৈ আহিছে। ইয়াৰ ভিতৰত গোলাঘাটৰ মেলামৰাত স্থানীয় বিধায়ক মৃণাল শইকীয়াৰ প্ৰচেষ্টাত অনুষ্ঠিত হোৱা বৃক্ষ উৎসৱে সমাজলৈ গুৰুত্বপূৰ্ণ বাৰ্ত্তা কঢ়িয়াই আনিছে। উল্লেখযোগ্য যে দুদিনীয়াকৈ অনুষ্ঠিত হোৱা এই উৎসৱত জনসজাগতাৰ বাবে প্ৰকৃতিৰ বিষয়ক চিত্ৰাংকন প্ৰতিযোগিতা, বিজ্ঞানৰ আৰ্হি প্ৰতিযোগিতা অনুষ্ঠিত কৰিছে। বিশেষকৈ ৫০,০০০ টা গছৰপুলি ৰোপন কৰা কাৰ্য্যসুচী ৰূপায়ন কৰাৰ লগতে গছৰপুলি প্ৰতিপালনত বাবে কৰ্মী নিয়োগ কৰিছে। স্মতৰ্ব্য যে বৃক্ষ উৎসৱ পোনপ্ৰথমবাৰৰ বাবে অসমত অনুষ্ঠিত হৈছে।

এইখিনিতে জনাই ভাল লগা অন্যতম খবৰ হ’ল যে ৰাজস্থানৰ ৰাজাচামান্দ নামৰ জিলাখনৰ পিপলানট্ৰি নামৰ গাওঁখনত প্ৰতিঘৰ মানুহৰ কোনো সন্তান জন্ম হ’লে গছ পুলি ৰোৱাৰ কথাটো। উল্লেখযোগ্য যে গাওঁখনৰ এনে কাৰ্য্যৰ বাবে সংবাদ মাধ্যমত এই বিষয়টোৱে বেচ চৰ্চা লাভ কৰিছে।

প্ৰিয় পাঠক, আমি ভাবো কেৱল আজিৰ দিনটোতেই কিয়, আমি প্ৰত্যেক দিনাই উদযাপন কৰিব পাৰো, পৰিবেশ দিৱস। লাগে মাথো অলপমান সময় আৰু প্ৰকৃতিৰ প্ৰতি কিছু ভালপোৱা। আচলতে আমি প্ৰকৃতিক ভালপালেহে, যত্ন কৰিলেহে ভৱিষ্যতে প্ৰকৃতিয়ে আমাক সুৰক্ষা দিব। অন্যথা আজি যি হাৰত প্ৰকৃতিৰ ধ্বংস যজ্ঞ চলি আছে, সেই গতি অব্যাহত থাকিলে আমাৰ জীৱন বিপন্ন হৈ পৰিব। আহক সুৰক্ষা কৰো প্ৰকৃতিক আৰু নিজৰ ভৱিষ্যত নিজেই সুনিশ্চিত কৰো।
ভাল লাগিল
অতিশয় ভাল লাগিল ৷ বৰ সুখী হলোঁ ৷