গুৱাহাটী বিশ্ববিদ্যালয় চৌহদত ৩ এপ্ৰিলত অনুষ্ঠিত জালুকবাৰী লেখিকা সমাৰোহ সমিতিৰ দ্বিবাৰ্ষিক অধিৱেশনত সু-লেখিকা মণিৰূপা মিশ্ৰৰ কাব্যগ্ৰন্থ “অনুভৱৰ কেইটিমান পৃষ্ঠা” উন্মোচন কৰা হয় l গ্ৰন্থখন উন্মোচন কৰে কামৰূপ লেখিকা সমাৰোহ সমিতিৰ প্ৰাক্তন সভানেত্ৰী নন্দিতা চলিহাই । চমু ভাষণত নন্দিতা চলিহাই কয় যে এগৰাকী পৰিশ্ৰমী লেখিকা হিচাপে মণিৰূপা মিশ্ৰই ইতিমধ্যে প্ৰণয়ন কৰা পুথিয়ে পুৰস্কাৰ বুটলি পাঠকৰ সমাদৰ পোৱাৰ দৰে সদ্য উন্মোচিত পুথিখনেও পাঠকৰ সঁহাৰি লাভ কৰিবলৈ সক্ষম হ’ব। । সমিতিৰ সদস্যাসকলৰ আৰম্ভনী সংগীতেৰে শুভাৰম্ভ হোৱা সভাখনত সভাপতিত্ব কৰে জালুকবাৰী লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী প্ৰজ্ঞা গোস্বামীয়ে আৰু উদ্দেশ্য ব্যাখ্যা কৰে সম্পাদিকা গীতিকা দাসে। সভাত কামৰূপ মহানগৰ লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী দৰ্পনা বৰা নেওগ,কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য তথা সাহিত্য অকাডেমি বঁটা প্ৰাপক অধ্যাপক ডঃ দীপক শৰ্মা , বিশিষ্ট সাহিত্যিক আৰু অসম আৰক্ষীৰ উপ মহা পৰিদৰ্শক ডঃ নন্দ সিং বৰকলা , সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ কাৰ্য্যকাৰী সভানেত্ৰী নীলিমা বৰা, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ডঃ সোণেশ্বৰ শৰ্মা , অৱসৰপ্ৰাপ্ত অধ্যাপিকা ডঃ লীলাৱতী শইকীয়া বৰাকে ধৰি কেবাজনেও চমু ভাষণত লেখিকা মনিৰূপা মিশ্ৰৰ সাহিত্য প্ৰতিভাৰ উচ্চ প্ৰশংসা কৰে। সভাত মনিৰূপা মিশ্ৰই কবিতা পুথিখন সন্দৰ্ভত নিজৰ অনুভব ব্যক্ত কৰে। শেষত শলাগৰ শৰাই আগবঢ়াই ডঃ মীনা দেৱীয়ে ।
Trending
- আই এ এছ এছ টি, গুৱাহাটীত প্লাজমা পদার্থবিজ্ঞান গৱেষকৰ তিনিদিনীয়া অধিৱেশনৰ আয়োজন
- তিনিচুকীয়াত স্বাস্থ্য সেৱাৰ পৰ্যালোচনা, তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ নতুন ৰক্ত ভাণ্ডাৰৰ শুভ উদ্বোধন
- অসম চৰকাৰৰ বন বিভাগৰ ৰাজহ বৃদ্ধিত অৰিহণা যোগাই আহিছে এমট্রনৰ পৰ্টেলে – অধ্যক্ষ ৰমেন্দ্ৰ নাৰায়ণ কলিতা
- গুৱাহাটী বিশ্ববিদ্যালয়ৰ তথ্য প্ৰযুক্তি বিভাগৰ উদ্যোগত কৃত্ৰিম বুদ্ধিমত্তা আৰু তথ্য প্ৰযুক্তি বিষয়ক গ্ৰীষ্মকালীন ইণ্টাৰ্নশ্বিপ কাৰ্যসূচীৰ শুভাৰম্ভ
- BRPNNL Delegation Felicitated by BRO for Support in Vikramshila Setu Restoration
- কামাখ্যাত অম্বুবাচী মহাযোগ ২০২৬ মেলাত প্ৰায় ৮ লাখ ভক্তৰ সমাগম -আজি মুকলি হ’ল মন্দিৰৰ দুৱাৰ
- আউনীআটি সত্ৰৰ সত্ৰাধিকাৰ তথা আউনীআটি আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ আচাৰ্য ড° পীতাম্বৰ গোস্বামীলৈ বিশেষ সম্বৰ্দ্ধনা জ্ঞাপন
- ধাৰাপুৰত দীক্ষা যোগ কেন্দ্ৰৰ উদ্যোগত আন্তৰ্জাতিক যোগ দিৱস উদযাপন
- গুৱাহাটীত কাঠফুলা খেতি প্ৰকল্প বিষয়ক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ আৰু কৰ্মশালা
- গুৱাহাটীত কাঠফুলা খেতি প্ৰকল্প বিষয়ক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ আৰু কৰ্মশালা