মুছলিম ছাত্ৰ সন্থাৰ আহ্বান

0 267

WhatsApp Image 2017-10-20 at 7.07.53 PM
অবৈধ বিদেশীৰ নামত প্ৰকৃত ভাৰতীয় মুছলমান লোকসকলক কিছুমান ব্যক্তিয়ে সন্দেহ যুক্ত বাংলাদেশী বুলি কৰা হাৰাশাস্তিক কেতিয়াও সহ্য নকৰে মুছলিম ছাত্ৰ সন্থাই।  পেটৰ তাৰণাত শ্ৰমিক হিচাপে কাম কৰিবলৈ দেশৰ বিভিন্ন ৰাজ্যত যোৱা মুছলমান লোকসকলক কৰা অত্যাচাৰ বন্ধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক আহ্বান জনাইছে মুছলিম ছাত্ৰ সন্থাই। এন আৰ চি আৰু ডি ভোটাৰ সংক্ৰান্তত ওদালগুৰি জিলাৰ ৰানীপুখুৰী এম ই স্কুলৰ খেল পথাৰত প্ৰায় দুই হাজাৰো অধিক জনসাধাৰণৰ উপস্থিতিত মুছলিম ছাত্ৰ সন্থাৰ ওদালগুৰি জিলাৰ সভাপতি মিয়াৰুল ইছলামৰ সভাপতিত্বত দিনৰ ২ বজাত অনুষ্ঠিত হোৱা বিশাল গণসমাবেশত এইদৰে ভাষণ আগবঢ়ায় মুছলিম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা বদৰুল ইছলামে।

WhatsApp Image 2017-10-20 at 7.08.24 PM

জাতিগত ভাৱে বিবেচনা নকৰি ১৯৭১ চনৰ ২৫ মাৰ্চৰ পিচত অহা সকলো লোককে বিদেশী বুলি চিনাক্ত কৰি বাংলাদেশলৈ পঠিয়াই দিব লাগে এই কথা কেন্দ্ৰীয় সমিতিৰ সভাপতি জালাল উদ্দিন আহমেদৰ৷ আনহাতে ১৯৭১ চনৰ পিচত অহা হিন্দু মুছলমান কোনো বিদেশীয়েই অসমত থাকিব নোৱাৰিব বুলি সদৰি কৰি অসম চুক্তিক সমৰ্থন কৰা মুছলিম ছাত্ৰ সন্থাই কেতিয়াও বিদেশীৰ ক্ষেত্ৰত আপোচ কৰা নহ’ব বুলি মতপোষন কৰে মুছলিম ছাত্ৰ সন্থাই। দেশ স্বাধীনতাৰ ক্ষেত্ৰত মুছলমানৰ অৱদান কম নহয়, মহাত্মা গান্ধীৰ লগতে বহুতো মুছলমান নেতাই জীৱন বলিদান দি বৃটিছৰ কৱলৰ পৰা ভাৰতবৰ্ষক স্বাধীন কৰিছিল, কিন্ত বৰ দুৰ্ভাগ্যৰ কথা দেশ স্বাধীনতাত আত্মবলিদান দিয়া শ্বহীদ লোকসকলক আজি কিছুমান তথাকথিত সংগঠনে পাহৰিব লগা হৈছে। বিশাল গণ সমাবেশত মুছলিম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ উপদেষ্টা ইয়াহ ইয়া আহমেদৰ লগতে উপসভাপতি বাহাৰুল ইছলাম আব্দুৰ ৰৌফ সম্পাদকদ্বয় হাফিজুৰ ৰহমান আৰু মইনুল হক চৌধুৰীৰ, ওদালগুৰি জিলা আমছুৰ সাধাৰণ সম্পাদক মহিবুল ইছলামে উপস্থিত থাকে।

আবুল হাছেম
খাৰুপেটিয়া

Leave A Reply

Your email address will not be published.