ভাৰতৰ ইতিহাসৰ আজাদ হিন্দ ফৌজৰ অন্যতম সক্ৰিয় সদস্য আছিল ভগৎ সিং।পাঞ্জাৱৰ বংগত জন্মগ্ৰহণ কৰা ভগৎ সিঙে মাত্ৰ ১৩ বছৰ বয়সৰ পৰাই স্বাধীনতাৰ আদি পাঠ শিকিছিল।
১৯১৯চনৰ ১৩ এপ্ৰিলত সংঘটিত হোৱা জালিয়ানাবাগৰ অমানৱীয় হত্যাকাণ্ডই ভগৎ সিঙক বাৰুকৈয়ে ৰেখাপাত কৰিছিল।বিশেষকৈ খুৰাক আৰু এগৰাকী সম্পৰ্কীয়ৰ চিন্তা দৰ্শনে ভগৎ সিঙক প্ৰভাৱিত কৰিছিল।
বৃটিছৰ বিৰুদ্ধে মুক্তভাৱে বিদ্ৰোহ ঘোষণা কৰা পিছত দিল্লীৰ কেন্দ্ৰীয় সংসদত বোমা দিয়াৰ অপৰাধত এবছৰ ৩৫০ দিন জেলত ৰাখি পিছত আজি দিনটোতে ফাঁচী কাঠত ওলমাই ।তেখেতৰ লগতে দুই সহযোগী সুখদেৱ আৰু ৰাজগুৰুকো মৃত্যু দণ্ডৰে দণ্ডিত কৰে।
জেলত থকা সময়চোৱাত ভগৎ সিঙে বিভিন্ন গ্ৰন্থ অধ্যয়ন কৰিছিল।বিশেষকৈ ৰাছিয়ান বৈপ্লৱিক লেনিনৰ আত্মজীৱনী অধ্যয়ন কৰিছিল।যদিও ভগৎ সিঙে ফাঁচীৰ কথা জানিছিল, মৃত্যুৰ বাবে শংকিত হোৱা নাছিল।কিয়নো তেখেতে বিশ্বাস কৰিছিল যে দেশৰ বাবে মৃত্যুদণ্ড লাভ কৰাতো সৰ্বোত্তম ত্যাগ।
ভগৎ সিঙে বাস্তৱক বিশ্বাস কৰিছিল ।এই কথা তেখেতৰ চিন্তা চেতনাত প্ৰকাশ পাইছিল ।তেখেতৰ মতে এই জীৱনটো আপোনাৰ,কিদৰে যাপন কৰিব আপুনি নিজেই নিৰ্দ্ধাৰণ কৰিব লাগে।লক্ষ্য যদি সঠিক হয় সফলতা অনিবাৰ্য্য ।
স্বদেশ আৰু স্বজাতিৰ নিজৰ প্ৰাণ আহুতি দিয়া এই জনা বীৰ শ্বহীদক এই লেখাৰ জৰিয়তে ই ফ’কাচ ডট কমৰ ফালৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিলো ।