গুৱাহাটীৰ মালিগাঁৱৰ চাটেলগেটস্থিত কালি মন্দিৰ পৰিচালনা সমিতি আৰু মালিগাওঁ নৱজ্যোতি কলা পৰিষদৰ যৌথ উদ্যোগত, এন এফ ৰেলৱে এম্পলয়িজ ইউনিয়নৰ সহযোগত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৫৩ সংখ্যক ওপজা দিনটোত ১৮ নৱেম্বৰত নৱজ্যোতি কলা পৰিষদ চৌহদত দিবা – নৈশ কাৰ্যসূচীৰে অন্তৰংগ আলাপ আৰু গীতে – মাতে সোঁৱৰণ কৰা হয়। পুৱা প্ৰভাত ফেৰীৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰাৰ পাছত দিনৰ ১০.৩০ বজাত জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত মাল্যাপৰ্ণৰে মূল কাৰ্যসূচীৰ শুভাৰম্ভ কৰে এন এফ ৰেলৱে এম্পলয়িজ ইউনিয়নৰ সাধাৰণ সম্পাদক মুনীন শইকীয়াই । তাৰ পাছত সংগীত শিল্পী ৰূপালী কেওঁট নাথৰ পৰিচালনাৰে সমবেত সংগীতৰে আৰম্ভ হোৱা আৰু ৰবচন লাল বৰুৱাই আঁত ধৰা অন্তৰংগ আলাপ অনুষ্ঠানটোত সংগীত শিল্পী দিগন্ত ভাৰতী , চন্দন দাস, ইবচন লাল বৰুৱাই ভাগ লৈ জুবিন গাৰ্গৰ সংগীত যাত্ৰাৰ ওপৰত আলোকপাত কৰে। ইয়াৰ উপৰিও আটাইকেইজনে জুবিন গাৰ্গৰ কেবাটাও কালজাতি গীত পৰিবেশন কৰি উপস্থিত কেবা শতাধিক দৰ্শকক আপ্লুত কৰে। অনুষ্ঠানত এম্পলয়িজ ইউনিয়নৰ সাধাৰণ সম্পাদক মুনীন শইকীয়াকে ধৰি কেবাজনো নেতা, কালী মন্দিৰ পৰিচালনা সমিতি আৰু নৱজ্যোতি কলা পৰিষদৰ কেবাজনো কৰ্মকৰ্তা উপস্থিত থাকে। আনহাতে নিশা ৭ বজাৰ পৰা নিমন্ত্ৰিত শিল্পীৰ দ্ৱাৰা জুবিন গাৰ্গৰ গীতৰ আধাৰত অনুষ্ঠিত সংগীতানুষ্ঠানত দেবস্মিতা কাশ্যপ, পিংকু মজুমদাৰ , চিন্ময় দিয়ান, তৃপ্তি কাশ্যপকে ধৰি কেবাজনো নবীন – প্ৰবীণ নিমন্ত্ৰিত শিল্পীয়ে জুবিন গাৰ্গৰ ভালে কেইটা কালজয়ী গীত পৰিবেশন কৰি মাজনিশালৈ সহস্ৰাধীক লোকক আপ্লুত কৰে।
Trending
- ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠিত
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram