শৰীৰ আৰু মনৰ বাবে অতিকৈ প্ৰয়োজনীয়……. যোগসাধনা

4 985

                            আজিৰ যান্ত্ৰিকতাময় প্ৰাত্যহিক জীৱনে আমাৰ জীৱন যিদৰে আৰামদায়ক কৰি তুলিছে তেনেকৈ বহুতো ৰোগৰো সূচনা কৰিছে। প্ৰতিদিনেই শুনা পাওঁ নতুন নতুন ৰোগৰ নাম ।মানসিক ভাবেই হওক বা শাৰীৰিক ভাবেই হওক যান্ত্ৰিকতাই নিতৌ নতুন ৰোগেৰে আমাক অস্বস্তিত পেলাই । যিবোৰ ৰোগৰ সমুলি নিৰাময়ৰ বিধান চিকিৎসা শাস্ত্ৰতো নাই । ব্যস্ততাময় জীৱনৰ মানসিক অৱসাদ, দৈহিক ৰোগৰ পৰা মুক্ত হৈ যোগাত্মক চিন্তাৰ বাবে অভ্যাস কৰাৰ প্ৰেৰণা যোগাই যোগ সাধনাই । যোগ সাধনাই মানৱ শৰীৰত যোগাত্মক চিন্তাৰে উৎকৰ্ষ সাধন কৰি দৈনন্দিন জীৱন সুচল কৰাত সহায় কৰে ।

   3

                             যোগ এটা সংষ্কৃত শব্দ যাৰ অৰ্থ সংযুক্ত কৰা । যোগৰ দ্বাৰা সংযুক্ত কৰা হয় মন আৰু আত্মাৰ ।যোগৰ সাধনা আমাৰ বাবে নতুন নহয় । ই ভাৰতীয় ইতিহাসৰ ৫০০০ বছৰ পুৰণি পৰম্পৰা । কিন্তূ দূখৰ বিষয় যে ভাৰতীয় এই পুৰণি সাধনাটোক পশ্চিমীয়া দেশ সমুহে যিদৰে গুৰুত্ব প্ৰদান কৰিছে আমাৰ দেশত সেই গুৰুত্ব দিয়া হোৱা নাই । কিন্তূ লাহে লাহে দেখা গৈছে যোগ সাধনা বৰ্তমান সময়ৰ যুৱপ্ৰজন্মৰ মাজত বেছ জনপ্ৰিয় হ’ব ধৰিছে । কাৰণ হিচাবে ক’ব পাৰি এই প্ৰজন্মৰ শৰীৰ সজাগতা । তেঁওলোকে বুজি উঠিছে যে যোগ সাধনা কেৱল মাত্ৰ অস্বভাৱিক ভাৱে শৰীৰ ভাঁজ কৰি কৰা ব্যায়ামেই নহয়, শৰীৰ চৰ্চাৰ দ্বাৰা আধ্যাত্মিকতাৰে মন আৰু আত্মা সংযুক্ত কৰি নিজকে শক্তিশালী কৰিব পৰা উপায় ।

1

                                যোগ চাৰি প্ৰকাৰৰ: জ্ঞানযোগ বা Philosophy, ভক্তিযোগ বা Path of devotional bliss, কৰ্মযোগ বা Path of blessful action আৰু ৰাজযোগ বা Mind Control । যোগ সাধনা যিকোনো ধৰণে কৰিব পাৰি, কোনো যোগ শিক্ষকৰ সহায়ত yoga class ত অথবা Yoga d, দূৰদৰ্শনৰ যোগ অনুস্থান চাই একান্ত ব্যক্তিগত ভাৱে নিজ কোঠাত । যোগৰ দ্বাৰা হোৱা শাৰীৰিক উপকাৰিতা সমূহ এনেধৰনৰ:      

 ১) শক্তি বঢ়ায়

 ২) Stamina বৃদ্ধি কৰে

৩) জড়তা দুৰ কৰে

৪) সামঞ্জস্যতা ৰখাত সহায় কৰে

 মানসিক উপকাৰিতা সমূহ এনেধৰণৰ:

১)অৱসাদ দুৰ কৰে

 ২)শাৰীৰিক সজাগতা বৃদ্ধি কৰে

৩)সুখনিদ্ৰা

৪)আত্মবিশ্বাস বৃদ্ধি কৰে

                                   যি সকলে যোগ সাধনা কৰিছে তেওঁলোকে নিশ্চয় এটা কথা উপলদ্ধি কৰিছে যে এয়া মাত্ৰ ব্যায়ামাভ্যাস ৰ দ্বাৰা এটা সুঠাম দেহৰ অধিকাৰী হোৱাই নহয় তাতোকৈ বহূত বেছি । ই এক দৰ্শন, এক passion আৰু জীৱনৰ এক নতুন গতিপথ । নিজা অভিজ্ঞতাৰ পৰা জনাও যে যেতিয়াই আপুনি যোগ সাধনাৰ লগত জড়িত হ’ব তেতিয়াই উপলদ্ধি কৰিব কিদৰে যোগ সাধনাই শৰীৰ মন আত্মাৰ উৎকৰ্ষ সাধনেৰে জীৱনক এক নতুন অভিজ্ঞতাৰে পৰিপুষ্ট কৰে । আহক আপুনিও সোৱাদ লওক সেই নতুনত্বৰ ।

লেখক: জুপিতৰা দত্ত

 

4 Comments
  1. Pratima boruah says

    Very nice writing, i m inspired.

    1. admin says

      Thank you for your Visiting

  2. Kristofer90 says

    I see a lot of interesting posts here. Your website can go viral easily, you need
    some initial traffic only. How to get initial traffic?
    Search for: masitsu’s viral method

  3. Dhruba Jyoti Arjuna says

    Thank you kristofer 90

Your email address will not be published.