উদ্ভাৱনেৰে নতুনৰ পথ দেখাইছে ভাস্কৰে

0 267
কোনো এটা বিষয়ৰ সফলতা অথবা বিফলতা নিৰ্ভৰ  কৰে, সেই বিষয়টোক আপুনি কিমান গুৰুত্ব দি আগ্ৰহেৰে আকোঁৱালি লৈছে। পৰিৱেশ, পৰিস্থিতি যিয়েই নহওঁক কিয় মনোবল আৰু দৃঢ়তাৰ ওচৰত সকলোৱে হাৰ মানে। আজি যাৰ বিষয়ে লিখিবলৈ লৈছো, তেওঁৰ জীৱন সংগ্ৰামৰ কাহিনীয়ে হয়তো বহুতক অনুপ্ৰাণিত কৰিব।
 IMG-20180226-WA0029
গোৱালপাৰা জিলাৰ লক্ষীপুৰৰ এজন যুৱক। নাম ভাস্কৰ বৰ্মন। তেওঁ উদ্ভাৱন কৰিছে নিৰাপত্তা সম্বন্ধিত বহুতো সা-সামগ্ৰী। ভাস্কৰ বৰ্মনে উদ্ভাৱন কৰিছে বাইক আৰু হেলমেটৰ সংযোগৰ এক যন্ত্ৰ। যাৰ জৰিয়তে কোনো বাইক আৰোহীয়ে হেলমেট পৰিধান নকৰিলে বাইক ষ্টাৰ্ট নহ’ব। ইতিমধ্যে এই খবৰে বিশেষ ভাৱে চৰ্চা লাভ কৰিছে। অসমীয়াত এষাৰ কথা আছে যে অভাৱেই আৱিস্কাৰৰ মূল।
IMG-20180226-WA0031
জানিব পৰা মতে, যি সময়ত পঢ়াৰ বাবে ভাস্কৰে সুবিধা পাব লাগিছিল, ঘৰৰ আৰ্থিক অৱস্থাৰ বাবে সময়ত সুবিধা খিনি পোৱাৰ পৰা বঞ্চিত আছিল। সেইবুলি কিন্তু তেওঁ হাত সাবটি বহি থকা নাছিল। ইলেকট্ৰনিক দোকানৰ কৰ্মচাৰী হিচাপে খাতি, অথবা কেতিয়াবা গেৰেজৰ কৰ্মচাৰী হিচাপে কাম কৰি বহু কথাই শিকি লৈছিল। কিছু অৰ্থ যোগাৰ কৰি আই টি আইত প্ৰশিক্ষণো গ্ৰহণ কৰিছিল। যাৰ ফলস্বৰূপে তেওঁ বহু কেইটা উদ্ভাৱন সমাজলৈ আগবঢ়াবলৈ সক্ষম হ’ল।
IMG-20180226-WA0030
 
বৰ্ত্তমানেও ভাস্কৰ বৰ্মন গৱেষণাৰ লগত জৰিত হৈ আছে। এইক্ষেত্ৰত গুৱাহাটীস্থিত এটা ব্যক্তিগত খণ্ডৰ কোম্পানীয়ে সহায়ৰ হাত আগবঢ়াই আহিছে। আমি বিচাৰো, অনাগত দিনতো ন উদ্ভাৱনেৰে ভাস্কৰ বৰ্মন উজলি উঠক। সমাজক দি যাওক নতুন পথৰ সন্ধান।
Leave A Reply

Your email address will not be published.