এগৰাকী সমাজ সেৱীকাৰ কথাৰে

0 396

এজনী সাধাৰণ ছোৱালী। মনত তাইৰ অযুঁত আশা। তাইৰ আশা সমাজলৈ পৰিৱৰ্তন অনাৰ, তাইৰ হেপাহ সমাজখনক ন ৰূপে চোৱাৰ।

সেয়েহে এই বিশেষ ছোৱালীজনীয়ে শৈশৱৰ পৰা চলাই আহিছে সমাজ পৰিৱৰ্তনৰ এক কুজ কাৱাজ। যাৰ বাবে ২০১২ চনৰ লণ্ডন অলিম্পিকৰ শিখা লৈ দেশক প্ৰতিনিধিত্ব কৰাৰ সুযোগ পাইছিল।

IMG-20170525-WA0033

তাইৰ নাম পিংকী কৰ্মকাৰ। ঘৰ ডিব্ৰুগড় জিলাৰ বৰবৰুৱা চাহ বাগিছাত। উল্লেখযোগ্য যে পিংকী কৰ্মকাৰে বৰবৰুৱাৰ চাহ বাগিছাৰ অঞ্চলত শিক্ষা, স্বাস্থ্য আদিৰ ক্ষেত্ৰত বিশেষ ভাবে সেৱা আগবঢ়াইছিল।সেয়েহে ইউনিছেফৰ ফালৰ পৰা লণ্ডন অলিম্পিকত অংশ ল’বলৈ সক্ষম হৈছিল।

IMG-20170525-WA0034

বৰ্ত্তমান পিংকী কৰ্মকাৰে ডিব্ৰু কলেজত অধ্যয়ন কৰি থকাৰ লগতে সমাজ সেৱাৰ লগতো জড়িত হৈ আছে। পিংকী কৰ্মকাৰৰ মতে মই সমাজখন পৰিৱৰ্তন হোৱাটো বিচাৰো। সেয়েহে শিশু সকল আৰু মহিলা সকলৰ বাবে শিক্ষা, স্বাস্থ্য সেৱাত কাম কৰিছো। সমাজসেৱাটো মোৰ নিচা আৰু পেচা দুয়োটাই। অনাগত দিনটো মই সমাজ সেৱা কৰি যাম।

IMG-20170525-WA0035

মই বিচাৰো উঠি অহা প্ৰজন্মই সমাজ সেৱাৰ প্ৰতি আগ্ৰহী হৈ সমাজত এক জাগৰণ সুচনা কৰক।

এয়া আছিল পিংকী কৰ্মকাৰৰ মনৰ কথা। এনে ধৰণৰ যদি কিবা ইতিবাচক খবৰ জানে, আমালৈ লিখিবলৈ নাপাহৰিব আমাৰ ই-মেইল nefocus5@gmail.com

Leave A Reply

Your email address will not be published.