এক সম্ভাৱনাপূৰ্ণ পৰ্যটনস্থলী

0 332

গৰম বন্ধৰ দিনকেইটা উপভোগ কৰিবলৈ অসংখ্য পৰ্যটক মেঘালয়লৈ গৈছে। কাৰণ পাহাৰীয়া ঠাই হিচাপে মেঘালয়ৰ উষ্ঞতা আন চহৰতকৈ যথেষ্ট কম আৰু প্ৰাকৃতিক সৌৰ্ন্দয্য অতুলনীয়। আজি পৰ্যটন শিতানত মেঘালয়ৰ এনে এটা জলপ্ৰপাতৰ বিষয়ে জনাব বিচাৰিছো যিটো জলপ্ৰপাতৰ বিষয়ে খুব কম মানুহে জানে। উপযুক্ত প্ৰচাৰৰ অভাৱত পৰ্যটনস্থলী হিচাপে এতিয়াও চিহ্নিত হোৱা নাই।

প্ৰিয় পাঠক, জলপ্ৰপাতৰ সৌন্দৰ্য্য কি কেনে ধৰণৰ সেই বিষয়ে শব্দৰে বুজোৱাটো অসম্ভৱ। জলপ্ৰপাতৰ কাষত ৰৈহে সেই সৌন্দৰ্য্য অনুভৱ কৰিব পাৰি। মেঘালয়ৰ চেৰাপুঞ্জীৰ পৰা চেলালৈ যোৱা পথত ক্যানৰেম নামৰ জলপ্ৰপাতটো অৱস্থিত। চেৰাপুঞ্জীৰ পৰা মাত্র ১২ কিঃ মি নিলগত অৱস্থিত এই জলপ্ৰপাতটো ভাৰতৰ ভিতৰত সপ্তম উচ্চ জলপ্ৰপাত হিচাপে জনা যায়। ক্যানৰেম জলপ্ৰপাতৰ ওচৰত সৰু সৰু বহুতো জলপ্ৰপাত আছে। জলপ্ৰপাতক সমীপৱৰ্তী অঞ্চলটো খাচী বসতি প্ৰধান। জনবসতি সেৰেঙা। চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষই যদি গুৰুত্ব আৰোপ কৰে নিশ্চয়কে সুন্দৰ পৰ্যটনস্থলী হৈ পৰিব।

Leave A Reply

Your email address will not be published.