এখন সম্ভৱনাপূৰ্ণ পৰ্যটনস্থলীৰ কথাৰে

0 290

WhatsApp Image 2018-01-11 at 1.58.02 PM

গ্ৰাম্য পৰ্যটনে গ্ৰাম্য অৰ্থনীতিৰ ভেটি টনকিয়াল কৰে। কিন্তু পৰিতাপৰ বিষয় যে অসমৰ মানচিত্ৰত এতিয়াও গ্ৰাম্য পৰ্যটনস্থলী সমূহে সবল ৰূপত আত্মপ্ৰকাশ কৰিবলৈ সক্ষম হোৱা নাই।

WhatsApp Image 2018-01-11 at 1.57.59 PM

তেনে এখন প্ৰচুৰ সম্ভৱনাপূৰ্ণ ঠাই হ’ল চৰাইদেউ জিলাত অৱস্থিত চাহেবখানা নামৰ ঠাইখন। ঠাইখন প্ৰাকৃতিক সৌন্দৰ্য্যৰে ভৰপুৰ। সুন্দৰ শৈলিক গাঁঠনি আৰু সৰু সৰু জুৰিয়ে ঠাইখনক মনোমোহা কৰি তুলিছে। বিশেষকৈ টেকিঙৰ বাবে এই ঠাইখন খুবেই উপযোগী। যোৱা বছৰৰ পৰা অসংখ্য পৰ্যটকে ঠাইখন চাবৰ বাবে সমাগম হৈছে। কথিত আছে যে পূৰ্বে ব্ৰিটিছসকলে আমোদ প্ৰমোদৰ বাবে ঠাইখন ব্যৱহাৰ কৰিছিল।

WhatsApp Image 2018-01-11 at 1.58.01 PM

এই ঠাইখনৰ নিচেই সমীপত আছে চাফ্ৰাই নামৰ এখন বাগান। উল্লেখযোগ্য যে এই চাফ্ৰাই বাগানত ১০০-১৫০ বছৰ পুৰণি চাহৰ গছ আছে। চাফ্ৰাই বাগান সমীপত থকা আন এখন বাগান হ’ল চেংলুং বাগান। বুৰঞ্জীয়ে কয় এই বাগানখন মণিৰাম দেৱানে প্ৰতিষ্ঠা কৰিছিল। এইখন বাগানত ব্ৰিটিছৰ বাংলো আৰু প’ল’ ফিল্ড আছে। এই সম্পদ সমূহ খুবেই সুন্দৰ হৈ আছে। বিভাগীয়ভাবে কৰ্তৃপক্ষই সঠিক তদাৰক কৰি পৰ্যটনৰ বাবে ব্যৱস্থা কৰিলে অঞ্চলটো নিশ্চয়কৈ লেখত ল’বলগীয়া পৰ্যটনস্থলী হৈ পৰিব।

WhatsApp Image 2018-01-11 at 1.58.00 PM

এয়া আছিল nefocus.com ৰ পৰ্যটন শিতানৰ এক অনুসন্ধানমূলক লেখা। এনেধৰণৰ সম্ভৱনাপূৰ্ণ পৰ্যটনস্থলীৰ বিষয়ে অধিক জানিবলৈ লগ ইন কৰিবলৈ নাপাহৰিব www.nefocus.com. সহযোগ কৰিলে চৰাইদেউৰ সূৰ্য বৰা আৰু ৰাজু সিনহা

Leave A Reply

Your email address will not be published.