এইচ ডি এফ চি বেংকে ৫ ডিচেম্বৰত ১৭ সংখ্যক বাৰ্ষিক ৰক্তদান অভিযান আয়োজন কৰিব

0 16

ভাৰতীয় আগশাৰীৰ ব্যক্তিগত খণ্ডৰ বেংক এইচ ডি এফ চি বেংকে ইয়াৰ ফ্লেগশ্বিপ চি এচ আৰৰ উদ্যোগত পৰিৱৰ্তনৰ অধীনত দেশব্যাপী ৰক্তদান অভিযানৰ সোতৰ সংখ্যক সংস্কৰণৰ আয়োজন কৰিবলৈ সাজু হৈছে। ৫ ডিচেম্বৰত প্রাত ৯: ৩০ বজাৰ পৰা বিয়লি ৫: ৩০ বজালৈ নিৰ্ধাৰিত এই অভিযান সমগ্র দেশৰ ১১০০+ চহৰত সম্পাদিত হ’ব।
অংশগ্রহণকাৰীসকলৰ ভিতৰত থাকিব এইচ ডি এফ চি বেংকৰ কৰ্মচাৰীসকল,গ্ৰাহকসকল,কৰ্প’ৰেট,প্ৰতিৰক্ষাবাহিনীৰ সদস্যসমূহ,শিক্ষার্থীসকল আৰু সাধাৰণ লোকসকল।
এই পদক্ষেপে সমাজৰ কল্যাণার্থে বেঙ্কৰ প্ৰতিশ্ৰুতিবোৰৰ বিষয়ত গুৰুত্ব আৰোপ কৰে আৰু দেশৰ তেজ যোগানৰ প্ৰত্যাহ্বানৰ মোকাবিলা কৰাৰ ক্ষেত্রত লেখত ল’বলগীয়া ভূমিকা পালন কৰে।বাৰ্ষিক ৰক্তদান অভিযান বেংকটোৱে আৰম্ভ কৰা প্ৰথম চি এছ আৰ পদক্ষেপসমূহৰ ভিতৰত অন্যতম আৰু ই স্বাস্থ্যসেৱা আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ মূল কেন্দ্ৰবিন্দুৰ অন্তৰ্গত।
এইচ ডি এফ চি বেংকৰ উপ-পৰিচালন সঞ্চালক শ্রী কাইজাদ ভাৰুচাই কয় যে, “বহু বছৰ ধৰি এই অভিযানে মানুহক এক উমৈহতীয়া কামৰ বাবে একত্ৰিত কৰি আহিছে। ৰক্তদান কৰাটো এটা সহজ কাম যিয়ে কাৰোবাৰ জীৱনত তাৎক্ষণিক পৰিৱৰ্তন আনিব পাৰে। প্ৰতি বছৰে এই প্ৰচেষ্টাক সমৰ্থন কৰা প্ৰতিজন স্বেচ্ছাসেৱক আৰু সহযোগীৰ প্ৰতি আমি কৃতজ্ঞ।”
এইচ ডি এফ চি বেংকৰ কাৰ্যবাহী সঞ্চালক ভৱেশ জাভেৰীয়ে কয় যে, “বাৰ্ষিক ৰক্তদান অভিযান ক্ৰমাগতভাৱে বৃদ্ধি পাইছে কাৰণ আমাৰ কৰ্মচাৰী আৰু সহযোগীসকলে আন্তৰিকতা আৰু দলীয় কামেৰে ইয়াৰ কাষ চাপিছে।এই পদক্ষেপ কেনেকৈ বিকশিত হৈছে তাক লৈ আমি গৌৰৱান্বিত, আৰু আমি দেশৰ স্বাস্থ্যসেৱা পৰিৱেশ তন্ত্ৰত অৰিহণা যোগাবলৈ প্ৰতিশ্ৰুতিবদ্ধ । এই সামূহিক প্ৰচেষ্টাক শক্তিশালী কৰাৰ ক্ষেত্ৰত প্ৰতিজন ৰক্তদাতাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।
প্ৰতি বছৰে এইচ ডি এফ চি বেংকে বিখ্যাত ব্লাড বেংক আৰু স্বাস্থ্যসেৱা সংস্থাসমূহৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰি সুৰক্ষা, স্বচ্ছতা, আৰু চিকিৎসা প্ৰটকলৰ আনুগত্য নিশ্চিত কৰে।এই বছৰ এই পদক্ষেপে সমগ্ৰ দেশৰ বিখ্যাত ব্লাড বেংক, চৰকাৰী বিষয়া, আৰু এন জি অ’ৰ সৈতে সহযোগিতা অব্যাহত ৰাখিব।
ওঠৰ বছৰ বয়সৰ পৰা ষাঠি বছৰ বয়সীয়া সুস্বাস্থ্যবান প্ৰতিগৰাকী লোকৰ বাবে এই অভিযান মুকলি থাকিব। বিষয়টোৰ প্ৰতি আগ্ৰহী সকলে যিকোনো এটা অংশগ্রহণকাৰী শিবিৰত উপস্থিত হ’ব পাৰে। শিবিৰৰ অৱস্থানৰ সম্পূর্ণ তালিকা এইচ ডি এফ চি বেঙ্কৰ ৱেবচাইট তথা অন্যান্য ডিজিটেল প্লেটফৰ্মত উপলব্ধ হ’ব। (তাৰিখৰ হিচাপত)।
অভিযানৰ শুভাৰম্ভণী ২০০৭ চনত আৰম্ভ হোৱাৰ পিছৰে পৰা, এই পদক্ষেপৰ অধীনত প্ৰথম বছৰত ৮৮টা কেন্দ্ৰত ৪,৩৮৫ ইউনিট তেজ সংগ্ৰহ কৰা হৈছিল আৰু ২০২৪ চনলৈকে ১৪০৮টা স্থানত ৫৫৩৩টা শিবিৰৰ আয়োজন কৰা হৈছে আৰু ৩.৩৮ লাখ ইউনিট তেজ সংগ্ৰহ কৰা হৈছে ।
উল্লেখযোগ্য যে এইচ ডি এফ চি বেঙ্কৰ পৰিবৰ্তন বাৰ্ষিক ৰক্তদান অভিযানে ২০১৩ চনত “সৰ্ববৃহৎ (একক দিন, একাধিক অৱস্থান) ৰক্তদান অভিযান” পৰিচালনা কৰাৰ বাবে গীনিচ ৱৰ্ল্ড ৰেকৰ্ড স্হাপন কৰিছিল।
ৰক্তদানৰ বাবে যোগ্যতাৰ মাপকাঠী
1. ৰক্ত দাতাৰ বয়স ১৮ৰ পৰা ৬০ বছৰৰ ভিতৰত হ’ব লাগে
2 ৰক্তদাতাই অন্তিমবাৰ ৰক্তদান কৰাৰ ম্যাদ তিনিমাহৰ পূর্বে হোৱাটো বাঞ্চনীয়।
3. বিগত এসপ্তাহৰ ভিতৰত পানীলগা অথবা জ্বৰ কাঁহ হ’ব নালাগিব।
4. ৰক্তদাতা সকলে ৰক্ত দিয়াৰ তিনি ঘন্টা আগত লঘু আহাৰ গ্রহণ কৰিব লাগে খালী পেটত দান কৰিব নালাগে।
5. ৰক্তদাতাই দান কৰাৰ আগতে দুগিলাচ পানী খাব লাগে
6. দাতাই ৰক্তদানৰ চাৰিৰ পৰা ছয় ঘণ্টা আগতে ধঁপাত সেৱন কৰিব নালাগে ।
7. দাতাই ২৪ ঘণ্টা আগতে মদ্যপান কৰিব নালাগে।
8. দাতাই পঞ্জীয়ন প্ৰ-পত্ৰত থকা সকলো প্ৰশ্নৰ সত্য উত্তৰ দিব লাগে।
9. ওজন,হিম’গ্ল’বিনৰ স্তৰ,চিকিৎসা সেৱা মাপক সুস্থতা আৰু ৰক্তচাপ পৰীক্ষাৰ পাছত এগৰাকী লোকে চিকিৎসকৰ অনুমোদন সাপেক্ষে ৰক্তদান কৰিব পাৰিব
কেনেকৈ অংশগ্ৰহণ কৰিব।
বিষয়টোৰ প্ৰতি আগ্ৰহীসকলে ৫ ডিচেম্বৰত ৰক্তদান কৰিবৰ বাবে যিকোনো এটা অংশগ্রহণকাৰী শিবিৰত উপস্থিত হ’ব পাৰে।দাতাৰ সুৰক্ষা নিশ্চিত কৰিবলৈ এটা সহজ পঞ্জীয়ন আৰু চিকিৎসা পৰীক্ষা প্ৰক্ৰিয়া অনুসৰণ কৰা হ’ব। শিবিৰৰ স্থান আৰু অন্যান্য সবিশেষৰ বিষয়ে অধিক তথ্যৰ বাবে এইচ ডি এফ চি বেংকৰ ৱেবছাইট ভিজিট কৰিব পাৰে।

Leave A Reply

Your email address will not be published.